বেটুপাত

বেটুপাত

Wednesday, 26 December 2018

পঞ্চমী ( মীৰা বৰা )


         অমাবস্যা ৰাতি চাৰিও ফালে ঘোৰ অন্ধকাৰে আৱৰি ধৰিছে এতিয়া যেন- আন্ধাৰেই পঞ্চমীৰ জীৱনৰ সংগী কোঠাটোত বহি লৈ তাইৰ জীৱনত ঘটি যোৱা ঘটনা বোৰ ভাবিবলৈও এতিয়া আৰু তাই অপাৰগ কিয় তাই মৌন হৈ ' , সেই কঠিন সময় খিনিত ; সেয়াও তাই আৰু ভাবিব পৰা অৱস্হাত নাই পাৰ হৈ যোৱা সময়ৰ ঘটি যোৱা ঘটনা বোৰ তাইৰ হৃদয়ত থুপ খাই থকা আগ্নেয়গিৰিৰ স্ফূলিংগ বোৰৰ  দৰে কেনেদৰে উদগীৰণ ' খুজিছিল----- সেয়াও এতিয়া হয়তো পাহৰি পেলাইছে তাই এতিয়া মাথো শান্ত,সৌম্য এখন নদীৰ দৰে

          পঞ্চম আৰু পঞ্চমীৰ সেই দিনা বাহী-বিয়াৰ দিন ।হেজাৰ সপোন বুকুত বান্ধি লৈ পঞ্চমৰ ঘৰ খনত তাই - কইনা জনী হৈ সোমাইছিলহি ।পঞ্চম মাক-দেউতাকৰ একমাত্ৰ সন্তান সি ভাৰতীয় সৈন্য বাহিনীত চাকৰি কৰে সি বিবাহৰ বাবে এমাহৰ ছুটী লৈ ঘৰলৈ আহিছে গতিকে অতি উলহ-মালহেৰে কালি তাৰ বিবাহ সম্পন্ন হৈ যায়- পঞ্চমীৰ লগত পঞ্চমীও মাক-দেউতাকৰ অতি আদৰৰ একমাত্ৰ জীয়ৰী
          কালিলৈ সিহঁতৰ বিয়াৰ অভ্যৰ্থনাৰ অনুষ্ঠান সম্পন্ন ' গতিকে কি কি খুৱাব ,নিমন্ত্ৰিত অতিথি সকলক কেনেকৈ আপ্যায়ন কৰিব তাৰ বাবে মাক-দেউতাক ব্যস্ত হৈ পৰিছে
             লাহে লাহে ধৰালৈ সন্ধিয়া নামি আহিল ।খাই বৈ বিয়াৰ ভাগৰ মাৰিবলৈ এজন এজন কৈ সকলো নিদ্ৰাত নিমগ্ন ' বাকী থাকিল মাথো দুফালে দুটা কোঠাত পঞ্চম আৰু পঞ্চমী দোভাগ জোনাক নিশা যেন- জোনাকৰ বৰষুণ নামিছে ধৰাত ------ পঞ্চম আৰু পঞ্চমী দুয়ো কোঠাৰ পৰা ওলাই আহি সংগোপনে তিতিছে এই জোনাকৰ বৰষুণত------- বৰষুণৰ টোপাল বোৰ যেন- তাইৰ গালে মুখে বৈছে প্ৰেমৰ নিজৰা হৈ------ কি যে- এক মধুৰ মূৰ্চ্ছনা------- তাই যেন এজনী চঞ্চল হৰিণী হৈ ধৰা দিছে তাৰ দুবাহুৰ মাজত এনেদৰে যে- কিমান সময় পাৰ হৈ ' সিহঁতে গমেই নাপালে-------
           কাহিলি পুৱাতে চৰাই-চিৰিকতিয়ে জুৰিছে--- সুমধুৰ গীত দশোদিশ ৰবিৰ কিৰণে পোহৰাই তুলিছে কি যে- এক প্ৰকৃতিৰ বিনন্দীয়া পৰিবেশ ।সেই সময়তে এটি বাৰ্তা আহিল , যিটো বাৰ্তাই সকলোকে হতাশ কৰি তুলিলে সীমান্তত শত্ৰু-পক্ষৰ লগত যুদ্ধ আৰম্ভ হৈছে গতিকে ততালিকে পঞ্চম যুদ্ধ-ক্ষেত্ৰ লৈ যাবলৈ নিৰ্দেশ আহিল অভ্যৰ্থনা অনুষ্ঠানৰ দিনা হঠাতে অহা সেই খবৰ টোৱে সকলোকে ম্লান কৰি পেলালে গতিকে ওপৰৰ নিৰ্দেশ মানি  অলপো পলম নকৰি পঞ্চম দেশৰ হকে ঘৰৰ পৰা যুদ্ধ-ক্ষেত্ৰলৈ ৰাওনা ' আৰু পঞ্চমী-----? উৰ্মিলাৰ দৰে মৌন হৈ '------ পঞ্চম যোৱাৰ ফালে চাই তাইৰ হৃদয়ৰ অব্যক্ত বেদনা বোৰ  বুকুতে সামৰি ফুলশয্যাৰ এটা কোণত বহি চকুলো বোৱাবলৈ ধৰিলে কি হৈ ' তাই ততকে ধৰিব নোৱাৰিলে পঞ্চমৰ অনুপস্হিতিতে সকলোকে ভোজ-ভাত খুৱাই পঞ্চমৰ মাক-দেউতাকে তাইক নিজৰ ছোৱালীৰ দৰে মৰমেৰে ৰাখিলে ক্ষন্তেক সময়ৰ বাবে পঞ্চমক লগ পোৱা সেই মধুৰ সময় খিনিৰ কথাকে ভাবি ভাবি তাই দিন বোৰ পাৰ কৰিব লগা '
         সময়ৰ কি যে- নিষ্ঠুৰ গতিশীলতা এজাক ধুমুহাই যেন- তাইক তচনচ কৰি থৈ ' তাই গৰ্ভৱতী '----- সমাজত বুবু-বাবা লাগিল খোবা- খুবী নোহোৱাকৈ কেনেকৈ সম্ভৱ------? লাহে লাহে কথাটো চাৰিও ফালে বিয়পি পৰিল শাহু-শহুৰেও তাইক সন্দেহৰ চকুৰে চাবলৈ ধৰিলে তাইৰ মাক-দেউতাকেও কথাটো সহজ ভাৱে লব পৰা নাই ।সকলোৱে তাইক ঘৃণাৰ চকুৰে চাবলৈ ধৰিলে তাৰপাচত তাই সমাজ আৰু স্ব-জাতিৰ দ্বাৰা কলংকিনী , চৰিত্ৰহীনা আৰু এজনী নষ্ট চৰিত্ৰৰ ছোৱালী আদি শব্দৰে বিভূষিতা ' ।মূৰৰ ওপৰৰ আকাশ খন যেন- খহি পৰিল , তাইৰ এনে অনুভৱ ' লাজ আৰু ভয়ত তাইৰ গৰ্ভজাত সন্তানটো যে- পঞ্চমৰে সন্তান সেই কথা মুখ-খুলি কাকো প্ৰকাশ কৰিব নোৱাৰিলে ।চৰম অপমান আৰু অৱহেলাৰে দিন বোৰ পাৰ হৈ ' তাইৰ ।শাহুয়েক-শহুৰেকৰ তাইৰ প্ৰতি জন্ম হোৱা ঘৃণা আৰু অৱহেলাৰ বাবে তাই এদিন স্বামীৰ ঘৰ এৰি মাক-দেউতাকৰ ঘৰলৈ উভতি আহিল
         চাওঁতে চাওঁতে -মাহ দহ দিন উকলি ' সমাজৰ পৰা পোৱা বিকৰ্থনাৰ মাজেৰে তাইৰ এটি সন্তানৰ জন্ম ' ।কণমানিটোক বুকুত সাৱটি দুয়োধাৰে চকুলো বৈ আহিল তাইৰ প্ৰসব বেদনা উপশম নৌহওঁতেই এটা হৃদয় বিদাৰক খবৰে তাইক পুনৰ চিৰজীৱনৰ কাৰণে অৰ্ধমৃত কৰি পেলালে ।তাইৰ সন্তানৰ পিতৃয়ে সীমান্তত শত্ৰুৰ লগত যুঁজি যুঁজি প্ৰাণ আহুতি দিব লগা ' ।তাইৰ পঞ্চম শ্বহীদ ' , তাই নিজৰ কাণ দুখনকে যেন- বিশ্বাস কৰিব পৰা নোৱাৰিলে সময় কিয় যে- ইমান নিষ্ঠুৰ হয় ? পিতৃহাৰা সন্তানটোক লৈ তাই দিগবিদিগ হেৰুৱাই পেলালে নিজ সন্তানৰ এই দুখৰ দিনবোৰ সহ্য কৰিব নোৱাৰি পঞ্চমীৰ মাক-দেউতাকেও কিছুদিনৰ অগাপিচা কৈ দুয়ো স্বৰ্গগামী ' বেচেৰী পঞ্চমী একেবাৰে অকলশৰীয়া হৈ পৰিল
         দিন-মাহ- বছৰ বাগৰি ' ।সন্তানটোক বুকুত সাৱটি পঞ্চমীৰ দিনবোৰ যাবলৈ ধৰিলে ।ঈশ্বৰৰ যেন-তাকো সহ্য নহ' তাইৰ বুকুৰ সন্তানটো এক অচিন ৰোগত আক্ৰান্ত ' ।ডাক্তৰৰ সু-চিকিৎসাৰ পাচতো সন্তানটো আৰোগ্য হৈ নুঠিল কেইদিনমানৰ পাচত সন্তানটোও আঁতৰি ' তাইৰ বুকুৰ মাজৰ পৰা ।সন্তানটোৰ মৃত্যুত তাই উন্মাদিনীৰ দৰে ' দুখৰ ভাৰ সহ্য কৰিব নোৱাৰি লাহে লাহে তাই হেৰুৱাই পেলালে মন-মগজুৰ ভাৰসাম্যতা ।চঞ্চলা-চপলা গাভৰু জনী এজনী আধা পাগলী লৈ ৰূপান্তৰ '
            কিছুদিনৰ পাচত সীমান্তৰ পৰা পঠিয়াই দিয়া পঞ্চমৰ বস্ত-বাহানিৰ টোপোলা বোৰৰ মাজৰ পৰা মাক-দেউতাকে এখন ডায়েৰী উদ্ধাৰ কৰিলে ।ডায়েৰী খনৰ এটি পৃষ্ঠাৰ পৰা পঞ্চমীৰ গৰ্ভজাত সন্তানটো যে- পঞ্চমৰে আছিল সেই কথা তেওঁলোক নিশ্চিত ' সেয়েহে ভুলৰ প্ৰায়চিত্ত কৰিবৰ বাবে পঞ্চমৰ মাক-দেউতাক দুয়ো এদিন পঞ্চমীহতঁৰ ঘৰ ওলালহি তেওঁলোকে আহিয়েই দেখিলে--- অৱহেলিত এটা কোঠাৰ ভিতৰত আউলী-বাউলী চুলিৰে পঞ্চমীয়ে কাপোৰৰ পুতলা এটা বুকুত সাৱটি নিচুকণী গীত এটি গাই গাই শুৱাব ধৰিছে ----" আমাৰে মইনা শুৱ ------
বাৰীতে বগৰী ৰুৱ -------
তল ভৰি ভৰি পকি সৰিব
আমাৰে মইনাই বুটলি খাব " যেন- মাজনিশাৰ এক হিয়াভগা উচুপনি পঞ্চমৰ মাকৰ সেই অৱস্হাত পঞ্চমীক দেখি দুয়োধাৰে চকুলো বৈ আহিল ।তেওঁলোকৰ ভুলৰ বাবেই যে- তাইৰ আজি এই দশা ' , সেই কথা তেওঁলোকৰ বুজিবলৈ বাকী নাথাকিল ততালিকে তেওঁৰ গাত লৈ থকা গৰম কাপোৰ খন পঞ্চমীৰ গাত মেৰিয়াই দিলে আৰু মৰমেৰে তাইক সাৱটি লাহে লাহে কোঠাটোৰ পৰা বাহিৰলৈ উলিয়াই আনিলে তাৰপাচত শাহুয়েক-শহুৰেক দুয়োৱে তাইক আৱৰি-সামৰি নিজৰ ঘৰলৈ বুলি খোজ পেলালে


মীৰা বৰা

No comments:

Post a Comment