বেটুপাত

বেটুপাত

Saturday, 22 December 2018

মৰা মানুহৰ প্ৰেম(মিণ্টুল হাজৰিকা)

মৰা মানুহৰ প্ৰেম

নৈখনৰ পাৰেদি খোজকাঢ়ি গৈ থাকোতে ভৰি দুখন ৰৈ যায়
লখাইৰ প্ৰেমত তৰাই বুকুত মেখেলা বন্ধাৰ পিছতেই নৈখনত জাহ গ’ল

সেউজীয়া মেখেলা,মাটিৰ কলহ নিৰৱ হৈ পৰি আছে নৈখনৰ পাৰত

নৈখন বৈ গৈ আছে... ...

শুকান কাঠৰ দলংখন নাওঁখনক হৰুৱাই নৈখনৰ বুকুত ঠিয় দি আছিল
এতিয়া মাটিৰ পৰা উঠি আকাশমুৱা হ’ল
গাত কৃত্ৰিম ৰং সানি পৰিৱৰ্তনৰ সাধুত থকা ৰজাজনৰ দৰে

অন্ধ আছিল টকাৰ মালিক
সূত্ৰ জানিও প্ৰেমৰ সৰল অংকটোত লগাইছিল খেলি-মেলি

লখাইতৰাৰ প্ৰেমৰ গল্প 
লোহাৰ দৰে ভাৰী
পোহৰ নুমাই আহে আন্ধাৰ
লখাইতৰাৰ বুকুত নল খাগৰিৰ জাঁজি

টকা আৰু ধৰ্ম
প্ৰেম আৰু প্ৰেমিকৰ শত্ৰু পৰম
উপায় মানে ধ্বংস
টকা আৰু ধৰ্মৰ

তেহে প্ৰেমত নৈৰ বুকুৱে তেজৰ সোঁত নলয় পিন্ধি৷

মিণ্টুল হাজৰিকা
দূৰভাষ:- ৯৭০৬৮২৯১৫৭

No comments:

Post a Comment