বেটুপাত

বেটুপাত

Thursday, 27 December 2018

সম্পাদকীয় : নৱবৰ্ষ স্বাগতম

দিন বাগৰি যায় ৰৈ যায় মাথোন কাহিনীবোৰ। পোৱা নোপোৱাৰ মাজেৰে  বৈ যায় সময় নামৰ নৈখন। তিতা মিঠা হাচঁটিত বান্ধি আমাৰ পৰা মেলানি মাগিলে এখন কেলেন্ডাৰে। কাৰোবাৰ বাবে হ'ল সুখৰ আৰু কাৰোবাৰ বাবে হ'ল দুখৰ। কিন্তু কবিৰ ভাষাৰে "দুখৰ অৰণ্য নাথাকিলে ক'ত আহি জিৰাবহি সুখৰ চৰাই!"

 এই বছৰে আমাক বহুতো সম্পদ দিলে, বহুতো সম্পদ লৈ গ'ল। দৌৰ ৰাণী হিমা দাসৰ পৰা ৰীমা দাসৰ ভিলেইজ ৰকস্টাৰৰ অষ্কাৰ অভিমুখী যাত্ৰাই যদি আমাক দি গ'ল অনন্য প্ৰাপ্তি তেনেকৈ সকলোকে কন্দুৱাই গুছি গ'ল নাট্য প্ৰতিভা শুক্ৰাচাৰ্য ৰাভা আৰু বছৰৰ শেষৰ ফালে নীলপবন বৰুৱা দেৱৰ কেনভাছ উকা কৰি ৰাজ্যবাসীক কন্দুৱাই বিদায় মাগিলে কোকিল কন্ঠী গায়িকা দীপালী বৰঠাকুৰ বাইদেৱে।

 আকৌ আহিব নতুন বছৰৰ। আকৌ কেলেন্ডাৰত আঁক মাৰি আমি ব্যস্ত হ'ম পোৱা নোপোৱাৰ অংক কৰাত। জীৱনটো এটা সৰল অংক, তাত দীৰ্ঘমাত্ৰাই কেতিয়াবা ব্যতিব্যস্ত কৰিলেও অংকৰ লগত আমি যুঁজিবই লাগিব।

আগন্তুক বছৰটোৱে সকলোৰে বাবে কঢ়িয়াই আনক আশাৰ বতৰা, সুখ সমৃদ্ধিৰ টোপোলা তাৰে কামনা কৰিলো। লগতে আগতীয়াকৈয়ে সকলোলৈকে ভোগালী বিহুৰ ওলগ জনালো।
অনাগত বৰ্ষত যাতে মেজিৰ জুইত নিপাত যায় গড় হত্যা, অন্ধবিশ্বাস আৰু সন্ত্ৰাসবাদ তাৰেই আশা কৰিলো।


কৌশিক ৰঞ্জন বৰা
সহকাৰী সম্পাদক,সুবাস

সৰাপাতৰ বৰষুণ (সৌৰভ অনুৰণ)

সৰাপাতৰ বৰষুণ
°°°°°°°°°°°°°°°°°°°°°
(১)

চেমচাং মেট্ৰ চিৰিজৰ মবাইলটোত ফেচবুক কৰি কিন্তু কিছু মজা লাগে । আজিকালি এয়াৰচেলে বাইচ টকাত এশ এম বি ডাটা দিয়ে । পুৱাই সাৰ পাই বিচনাতে ফেচবুকটো নুখুলিলে যেন দিনটো আধৰুৱা হৈ যায় । তাতে এতিয়া শুই উঠিয়ে তাইক গুড মৰনিং মেছেজ দিয়াটো অভ্যাস হৈ পৰিছে ।

তাই মানে জোৎস্না … জোৎস্না বৰবৰুৱা
ঠিক নামটোৰ দৰে তাই যেন জোনৰ ফটফটীয়া পোহৰৰ এখন বাগিছা ।

জোৎস্নাৰ লগত চিনাকিও এটা আচৰ্য্য । ফেচবুক বোলা বস্তুটো তেতিয়া আমাৰ মাজত এটা নতুন ট্ৰেণ্ড । জ্যোতিষমান, এমকুমাৰ,পাৰ্থ ,প্ৰকাশ, পাৰ্থবিজয় , সুভম আৰু মই এদিন গোটেইসোপাই বহি বৌতানি ক্লাচত মেডাম নথকা অবস্থাত ফেচবুক খুলি জমনি কৰি আছিলো ।

চেপ্টেম্বৰ নহ'লে অক্টোবৰ মাহ ।
ফেচবুকৰ উপত্যকা খুচৰি খুচৰি হঠাত এটা নাম চকুত পৰিল ;
…  জোৎস্না বৰবৰুৱা…
নামটোৰ প্ৰতি কিবা এটা আকৰ্ষণত মই প্ৰফাইলটো খুলিলো । প্ৰফাইলত বাৰ্বি এজনীৰ  ফটো লগাই থোৱা আছিল যদিও তলত পঢ়া স্কুল, ঠিকনা, জন্ম চন আদিৰ পৰা ফেক একাউন্ত নহয় যে নিশ্চিত হ'লো । কব নোৱাৰাকৈ মোৰ হাতৰ আঙুলিয়ে চেমচাং মেট্ৰ
ৰ কিবৰ্ডত টিপা খালে ।

সেইয়াই ফ্ৰেণ্ড ৰিকুৱেষ্ট আৰু আৰম্ভনি ।
পিছদিনা আছিল লক্ষ্মী পূজা ।
ফ্ৰেণ্ড ৰিকুৱেষ্ট গ্ৰহণ কৰাৰ নটিফিকেচন মোলৈ আহিল । আগদিনাৰ পৰাই নামটোয়ে মোৰ মনত মাজে মাজে ভুমুকি মাৰিয়ে আছিল । ফেচবুকৰ পৃথিৱীখনত খোজ দিয়া ছমাহ মান হৈছেহে কেনেকৈনো অচিনাকি ছোৱালী এজনীৰ লগত চিনাকি হওঁ তাৰো আওভাও নাজানো । ইফালে প্ৰচণ্ড লাজ এটাই মোক বেৰি ধৰিছে ।


(২)

প্ৰথম দুদিনমান হাই/হেল্লৰে আৰম্ভ হৈ ভাল বেয়া খবৰকে ধৰি চুটি চুটি কথাবোৰ সহজ হৈ পৰিল । ইতিমধ্যে মোৰ বন্ধুমহলত কথাটো অলপ অচৰপ প্ৰচাৰ হবলৈ ধৰিল । বন্ধু জ্যোতিষেতো জোকাবলৈ নেৰাই হ'ল । ছোৱালীজনী আমাৰ লগৰেই কামিনীৰ পুৰণা চিনাকি  বুলি মোৰ মহান বন্ধুসকলে আহি মোক খবৰ দিলে । মই সুযোগ এটা পালো জোৎস্নাৰ লগত কথা পতাৰ ।

:" তুমি কামিনীৰ লগত পঢ়িছিলা ? "
  টাইপ কৰি ফেচবুকৰ চেণ্ড বটন টো টিপিলো । পলকতে মেছেজৰ নটিফিকেচন আহিল ।

:" তুমি কেনেকৈ জানিলা ? "
অলপ যেন আচৰিত হ'ল তাই ।

: "জানিলো আৰু, তাই মোৰ ভাল বান্ধবী । "
তাইক মই যিকোনো উপায়েৰে বুজাই দিব খুজিছিলো যে তুমিও মোক বন্ধু বুলি ভাবিব পাৰা যিহেতু তোমাৰ নলে গলে লগা কামিনী জনীয়ে মোক ভালদৰে চিনি পায় ।

তাৰপিছৰে পৰা যেন তাইৰ কথাবোৰ শেষেই নোহোৱা হ'ল । কামিনীৰ লগত তাই কি কি কৰিছে,স্কুলত কিমান উৎপাত কৰিছে আৰু কত কি , সকলো ফেচবুকৰ ইনবক্সত জমা হৈ পৰিল ।

       পিছে মইচোন তাইক আজিলৈকে দেখাই নাই । ফেচবুকত যিখন ফটো ওলমি আছে সেইখনতো এখন পুতলাৰ ফটোহে । মই আচল মানুহজনীৰ লগতে কথা পাতি আছো নে আন কোনোবাই জোৎস্না বৰবৰুৱা নামলৈ ফেক একাউন্তৰ খুলি থৈছে আৰু মই কথা পাতি আছো ? মোৰ চিন্তা বাঢ়িবলৈ ধৰিছে ।

তথাপি তাইক খুলা খুলিকৈ কবলৈ সাহস নাহে । তাই কি বুলি ভাবিব ? মই তাইৰ কথাবোৰ সন্দেহ কৰো ?
কিন্তু……

: " তুমি ফেচবুকত কিয় ফটো দিয়া নাই ? "
  ভাত খাই উঠি বিচনাত পৰিয়ে , তাইক অনলাইন দেখা পাই কথাষাৰ কৈয়ে পেলালো ।

    তাই হাঁহিলে । বোধহয় অলপ লাজ কৰিছিল
: " মই দেখিবলৈ অলপো ভাল নহয় । সেইকাৰনে… "

সম্ভৱ খুব লাজকুৰীয়া হব ছোৱালীজনী , মনতে ভাবিলো ।
: " মোৰ তোমাক এবাৰ খুব চাবলৈ মন গৈছে জানা "

ফেক একাউন্ট হয় নে নহয় তাৰ পৰীক্ষা লবলৈ চাগে মই সম্পূৰ্ণ সাজু হৈ আছিলো ।

"মোক দেখা পালে তুমি পলাবা "
তাইৰ দুষ্টালী ভৰা মেছেজটোত মই খুব হাঁহিলো ।

"নপলাওঁ । তুমিহে মোৰ আগত ওলাবলৈ ভয় কৰিছা "
মই চাগে বেছি গহীন হৈ ক'লো ।

" মই ভূতৰ নিচিনা দেখিবলৈ "

" মই  ভূতলৈ ভয় নকৰো । ফেচবুকত ফটো নিদিয়াকৈ থকা মানুহবোৰলৈহে ভয় কৰো  "

      পিছৰ পাঁচ মিনিটমান সিফালৰ পৰা ৰিপ্লাই আহিব বুলি অপেক্ষাতে গ'ল । নেটৱৰ্কৰ অসুবিধা বুলি জাভাৰ ফেচবুক এপটো দুবাৰমান বন্ধ কৰি আকৌ খুলি চালো । এপাকত মেছেজ নটিফিকেচন এটা দেখি লগা লগ খুলিলো ।
সচাকৈ তাই ফটো এখন পঠিয়াইছে । গোলপীয়া টি চাৰ্ট এটা পিন্ধি এটা খোলা হাঁহিৰে ছোৱালী এজনীৰ ফটো । চুলিখিনি পিছফালে বন্ধা । ডিঙিত এডাল চেইন । কোনো জাক জমকতা নথকা সাধাৰণ অথচ চকু আতৰাবা নোৱাৰা ফটোখনলৈ মবাইল স্ক্ৰীনত একেথৰে ওলাই ৰ'ল ।

মই বিস্ময় । বিশ্বাস নোহোৱা এটা পৰিস্থিতি ।

" ইমান ধুনীয়া "
মোৰ হাতৰ আঙুলীয়ে অলপো দেৰি নকৰি টাইপ কৰি চেণ্ড কৰিলে ।

(আগলৈ…)
_________________
-সৌৰভ অনুৰণ

আফ্ৰিকাৰ মহাত্মা নেলছন মেণ্ডেলা (ৰিম্পী গগৈ)

আফ্ৰিকাৰ মহাত্মা নেলছন মেণ্ডেলা

          অতীজৰে পৰা যিবোৰ প্ৰথা আৰু সংস্কাৰে মানৱ জীৱন অভিশপ্ত কৰি ৰাখিছিল আৰু যিবিলাকৰ বিৰুদ্ধে মুক্তিকামী আৰু প্ৰগতিশীল মানুহে যুগ যুগ ধৰি সংগ্ৰাম কৰিবলগীয়া হৈছিল, সেইবিলাকৰ ভিতৰত দাসত্ব প্ৰথা, নাৰীৰ অৱদমন আদিৰ দৰে এক ভয়ংকৰ অন্যায় আছিল বৰ্ণবৈষম্য ৷ ঘাইকৈ শ্বেতাংগসকলৰ কৃষ্ণাংগসকলৰ বিৰুদ্ধে অৱজ্ঞা আৰু অত্যাচাৰ ৷ আজিও উন্নত সমাজবোৰত মাজে মাজে তাৰ প্ৰকাশ ঘটে ৷ জাতিগতভাৱে কোন জাতি শ্ৰেষ্ঠ আৰু কোন নিকৃষ্ট, এই অবৈজ্ঞানিক অথচ অনতিক্ৰম্য বোধ তথা ধাৰণা তাৰ ভিত্তি ৷

          বিভিন্ন যুগত বিভিন্ন মহাপুৰুষে ইয়াৰ বিৰুদ্ধে নিজৰ জীৱন বিপন্ন কৰি যুঁজিবলগীয়া হৈছিল ৷ ১৯ শতিকাৰ প্ৰয়াত নেলছন মেণ্ডেলা আছিল তেনে এজন যুগন্ধৰ ব্যক্তি ৷ বৰ্ণবৈষম্যৰ কঠোৰ সংগঠিত ৰূপ দেখা গৈছিল দক্ষিণ আফ্ৰিকাৰ “আপাৰ্টহেইড”(apartheid) নামৰ কুখ্যাত ব্যৱস্থাত ৷ যি আছিল অশ্বেতাংগ ব্যক্তিসকলৰ ওপৰত নিষ্ঠুৰ বল প্ৰয়োগেৰে জাপি দিয়া এক ধৰণৰ অস্পৃশ্যতা ৷ এই ব্যৱহাৰ বিৰুদ্ধে আফ্ৰিকান, ভাৰতীয় আদি বিভিন্ন অশ্বেতাংগ জনগণে মিলি চলোৱা সুদীৰ্ঘ সংগ্ৰামৰ ফলত তাৰ অৱসান ঘটে ৷ এই সংগ্ৰামৰ অন্যতম নেতা নেলছন মেণ্ডেলাই তাৰ ফলত সাতাইশ বছৰ ধৰি নিৰ্জন কাৰাবাস ভুগিবলগীয়া হৈছিল ৷ কিন্তু এনে ভয়াবহ মানসিক আৰু শাৰীৰিক নিৰ্যাতনেও তেওঁক হতাশ, তিক্ত-বিৰক্ত আৰু হিংস্ৰ কৰি তোলা নাছিল ৷ ব্যৱস্থাটোৰ অবাস্তৱতা আৰু ক্ৰমবৰ্ধমান বিফলতা বা দুৰ্বলতা বুজি যেতিয়া শ্বেতাংগ শাসক এচামে শান্তিপূৰ্ণ সমাধানৰ প্ৰস্তাৱ দাঙি ধৰিলে, তেওঁ মুকলি মনেৰে, সানন্দে সেই প্ৰস্তাৱ গ্ৰহণ কৰিলে ৷

          দক্ষিণ আফ্ৰিকাৰ কেপ প্ৰদেশৰ ডিউমাটাটু অঞ্চলৰ কুনু নামৰ গাঁওখনত ১৯১৮ চনৰ ১৮ জুলাইত জন্ম হৈছিল নেলছন ৰ’লিলাহলাৰ মেণ্ডেলাৰ ৷ নেলছন মেণ্ডেলা নামটোৰ মাজত থকা ৰ’লিলাহলাৰ অৰ্থ সোঁচা জনজাতিৰ মতে “সংকট সৃষ্টিকাৰী” ৷ মেণ্ডেলা সোঁচা জনজাতিৰ প্ৰতিনিধি ৷ কিন্তু পৰৱৰ্তী কালত তেওঁৰ বংশ “মদিবা” নামেৰে জনাজাত হয় ৷ মেণ্ডেলাৰ পিতৃ বংশীয় আজোককাক “নুবেনচুকা” আছিল দক্ষিণ আফ্ৰিকাৰ এতিয়াৰ পূব কেপ প্ৰদেশৰ ট্ৰান্সকেইয়ান অঞ্চলত বাস কৰা থেম্বু লোকসকলৰ শাসক ৷ নুবেনচুকাৰ এজন পুত্ৰৰ নাম আছিল মেণ্ডেলা ৷ এইজনেই আছিল মহান বিপ্লৱী নেলছন মেণ্ডেলাৰ ককাদেউতাক ৷ এওঁৰ পৰা নেলছনৰ উপাধি হৈছিল মেণ্ডেলা ৷ নেলছন মেণ্ডেলাৰ পিতৃ গাডলা হেনৰী মাকানিছাৱা আছিল গাওঁবুঢ়া ৷ গডলাৰ চাৰিগৰাকী পত্নীসহ চাৰিজন পুত্ৰ আৰু নগৰাকী কন্যা আছিল ৷ মেণ্ডেলাৰ মাতৃ নোজকেনি ফেনী আছিল গাডলাৰ তৃতীয় পত্নী ৷ কেপ প্ৰদেশৰ কুনু গাঁৱত থকা কালছোৱাত মেণ্ডেলাই সৰহ সময় কঠোৰ জনজাতীয় নিয়ম-নীতি, পৰম্পৰা মানি চলিব লগা হৈছিল ৷ মেণ্ডেলাৰ শৈশৱ কাল গৰখীয়া হিচাপে আৰম্ভ হৈছিল ৷ তেওঁৰ পিতৃ-মাতৃ অশিক্ষিত আছিল ৷ কিন্তু সাত বছৰ বয়সত মেণ্ডেলাক স্থানীয় মেথ’ডিষ্ট স্কুললৈ পঠিওৱা হৈছিল ৷ ১৯৯৪ চনত মেণ্ডেলাই কৈছিল -- “মোৰ কোনো নাম নাছিল ৷ স্কুললৈ যোৱাৰ পিছত শিক্ষয়িত্ৰী মিনগানে মোক “নেলছন” নামটো দিছিল ৷”

           জাতীয় মুক্তিৰ সংগ্ৰামৰ পৰা দেশৰ ক্ষমতা লাভলৈ নেলছন মেণ্ডেলাৰ আছিল বৰ্ণাঢ্য জীৱন পৰিক্ৰমা ৷ দক্ষিণ আফ্ৰিকাৰ ট্ৰান্সকেই নামৰ ঠাইৰ কুনু নামৰ এখন সৰু গাঁৱত ১৯১৮ চনৰ ১৮ জুলাইত এটা দৰিদ্ৰ পৰিয়ালত জন্ম হৈছিল নেলছনৰ ৷ ২০ বছৰ বয়সতে বৰ্ণবৈষম্যবিৰোধী আন্দোলনত সক্ৰিয়ভাৱে জড়িত হৈ পৰাৰ পিছত ১৯৪২ চনত যোগ দিছিল “আফ্ৰিকান নেচনেল কংগ্ৰেছ”ত ৷ ইয়াৰ সদস্য হিচাপে সুদীৰ্ঘ ২০ বছৰ ধৰি মেণ্ডেলাই দক্ষিণ আফ্ৰিকাৰ চৰকাৰৰ বিৰুদ্ধে গান্ধীৰ আদৰ্শৰে শান্তিপূৰ্ণ অহিংস প্ৰতিৰোধ গঢ়ি তোলে ৷ অধিবক্তা হিচাপে বহু সময়ত চৰকাৰবিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ বাবে ১৯৫৬ চনত তেওঁক চৰকাৰে গ্ৰেপ্তাৰ কৰে যদিও প্ৰমাণৰ অভাৱত মুক্তি দিবলৈ বাধ্য হয় ৷ লাহে লাহে অহিংস আন্দোলনত বিশ্বাস হেৰুৱাই পেলোৱা মেণ্ডেলাই ১৯৬১ চনত গঠন কৰে এটা সশস্ত্ৰ বাহিনী ৷ চৰকাৰী বাহিনীক আক্ৰমণৰ লক্ষ্য কৰি লোৱা সংগঠনটোৰ নেতা মেণ্ডেলাক ১৯৬২ চনত গ্ৰেপ্তাৰ কৰা হয় ৷ সেই বছৰৰে নৱেম্বৰত তেওঁক বিহা হয় পাঁচ বছৰৰ কাৰাদণ্ড ৷ প্ৰিট’ৰিয়াৰ পৰা মেণ্ডেলাক নিয়া হয় কুখ্যাত ৰ’বেন দ্বীপৰ কাৰাগাৰলৈ ৷ ইয়াৰ পিছত ১৯৬৪ চনৰ ১২ জুনত  বিচাৰৰ নামত প্ৰহসনেৰে মেণ্ডেলাক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে ৷ তাৰ পাছত বিচাৰৰ নামত প্ৰহসনেৰে মেণ্ডেলাক যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰে ৷ তাৰ পাছত ১৯৮২ চনত তেওঁক প’লছম’ৰ কাৰাগাৰলৈ অনা হৈছিল ৷ বৰ্ধিত আন্তঃৰাষ্ট্ৰীয় চাপ আৰু আভ্যন্তৰীণ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সুদীৰ্ঘ ২৭ বছৰীয়া কাৰা জীৱনৰ অন্তত ১৯৯০ চনৰ ১১ ফেব্ৰুৱাৰীত প্ৰিট’ৰিয়ামছলে বিনাচৰ্তে ৭১ বছৰীয়া মুক্তিৰ সূৰ্য্য মেণ্ডেলাক মুক্তি দিবলৈ বাধ্য হয় ৷ বৰ্ণবৈষম্যৰ বিৰুদ্ধে প্ৰবল প্ৰতিৰোধ গঢ়ি তুলি দক্ষিণ আফ্ৰিকাত গণতন্ত্ৰ প্ৰতিষ্ঠাত লোৱা ভূমিকাৰ বাবে ১৯৯৩ চনত নেলছন মেণ্ডেলাক শান্তিৰ ন’বেল বঁটাৰে ভূষিত কৰা হয় ৷ অৱশ্যে তেওঁৰ লগতে দক্ষিণ আফ্ৰিকাৰ তদানীন্তন ৰাষ্ট্ৰপতি এফ ডব্লিউ ডি ক্লাৰ্ককো এই বটা দিয়া হয় ৷ ইয়াৰ পিছৰ বছৰতে অৰ্থাৎ ১৯৯৪ চনত মেণ্ডেলা দক্ষিণ আফ্ৰিকাৰ প্ৰথমজন কৃষ্ণাংগ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচন হয় ৷

           সমগ্ৰ বিশ্বতে পৰিচিত সংগ্ৰামী নেতা নেলছন মেণ্ডেলা ভাৰততো সমানেই জনপ্ৰিয় ৷ সংগীতসূৰ্য ড° ভূপেন হাজৰিকাৰ কণ্ঠত প্ৰাণ পাই উঠা “জিন্দাবাদ মেণ্ডেলা” গীতটোৱেই যেন ইয়াৰ অন্যতম উদাহৰণ ৷ খান আব্দুল গফুৰ খানৰ পিচত নেলছন মেণ্ডেলাই হৈছে ভাৰত ৰত্ন লাভ কৰা দ্বিতীয় গৰাকী বিদেশী ৷ মেণ্ডেলাক ১৯৯০ চনত ভাৰত ৰত্ন বঁটাৰে বিভূষিত কৰা হৈছিল ৷ ইয়াৰ উপৰিও মেণ্ডেলাই লাভ কৰিছে ভাৰতৰ পৰা প্ৰদান কৰা আন কেইবাটাও সন্মানীয় বঁটা ৷ ইয়াৰ ভিতৰত আছে -- জৱাহৰলাল নেহৰু এৱাৰ্ড ফৰ ইন্টাৰনেচনেল আণ্ডাৰষ্টেণ্ডিং, ইন্দিৰা গান্ধী এৱাৰ্ড ফৰ ইন্টাৰনেচনেল জাষ্টিচ এণ্ড হাৰম’নি, ইণ্টাৰনেচনেল গান্ধী পীচ প্ৰাইজ ইত্যাদি ৷ ইয়াৰ উপৰি মহান নেতাগৰাকীৰ নামেৰে দিল্লীত এটা পথৰো নামাকৰণ কৰা হৈছে ৷

           ১৯৯৪ চনত প্ৰকাশিত হৈছিল নেলছন মেণ্ডেলাৰ আত্মজীৱনী “লং ৱাক টু ফ্ৰীডম” ৷ বিভিন্ন ভাষালৈ অনুদিত হোৱা এই গ্ৰন্থখনে ১৯৯৫ চনত লাভ কৰে এলেন পেটন পুৰস্কাৰ ৷ এই গ্ৰন্থখনৰ ওপৰত ভিত্তি কৰিয়েই জাষ্টিন চাডউইকে “মেণ্ডেলা, লং ৱাক টু ফ্ৰীডম” নামৰ চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছিল ৷ এই চলচ্চিত্ৰখন মেণ্ডেলাৰ মৃত্যুৰ এসপ্তাহ আগত মুক্তি লাভ কৰিছিল ৷

         ২০১৩ চনৰ ৫ ডিচেম্বৰ বৃহস্পতিবাৰে মেণ্ডেলাৰ মৃত্যু হয় ৷ অৱশ্যে জনতাৰ শ্ৰদ্ধা জ্ঞাপনৰ বাবে ১৫ ডিচেম্বৰ পৰ্যন্ত তেওঁৰ মৃতদেহ সংৰক্ষণ কৰা হয় ৷ তেওঁৰ জন্মস্থান কুনু গাঁৱতে নেলছন মেণ্ডেলাৰ শেষকৃত সম্পন্ন কৰা হয় ৷


ৰিম্পী গগৈ
    সহকাৰী সম্পাদিকা , সুবাস

Wednesday, 26 December 2018

হৃদয় ,গান আৰু সুৰ (দৃষ্টিৰূপা বৰদলৈ)

হৃদয় ,গান আৰু সুৰ

ইমান বহল নদীখন(আমজান?)
সিপাৰত....
তোমাৰ বগাৰিহাখন।
টিঁহিটি টিঁহিটি,ৰিনিকি ৰিনিকি কৈ
এতিয়াও বাজি আছে মোৰ হিয়াখন!
তলসৰা শেৱালীৰ সতে
নিঁয়ৰে গঠা সুৰৰ জৰিদাল খামুচি
ময়ো গুচি যাম কৰবালে
মনে মনে !
তুমি নজনাকে ।
তোমাৰ বগা ৰিহাখনৰ বাবে
বিৰিণাৰ চকুলোৰে তিয়াব নোৱাৰি জানা
শুকান বালি!
শীতৰ সেমেকা ৰাতি
কেনেকৈ নাচিবা তুমি পাহাৰত
অকলে দেওধনী!

   -দৃষ্টিৰূপা বৰদলৈ(বোকাখাত)

নাটঘৰ আৰু প্ৰহেলিকা (ৰশ্মীৰিয়া গগৈ ডেকা)

নাটঘৰ আৰু প্ৰহেলিকা
_____________________

                    (দৃশ্যপট ১)
ডঁৰিকণা সপোনেৰে আকাশ জিনিব খোজা
হেঁপাহটোৰ আয়ুস আৰুনো কিমান দূৰ
আশাবোৰৰ বয়স বুটলি বুটলি
ভীষণ ভাগৰুৱা এতিয়া মই.....।

                  (দৃশ্যপট ২)
বৰফৰ ওঁঠদুটিক মৌনতাৰ পঘাডালে সী থৈ
নিৰুদ্দিষ্ট ভৱিষ্যৎৰ প্ৰহেলিকা খেদি
'বাঁও চকু লৰাৰ' মিছা প্ৰবোধেৰে
ঢেঁকীয়া ফুলীয়া ৰংবোৰ ৰ'দাই ৰ'দাই থঁও।

                 (দৃশ্যপট ৩)
পালতৰা নাঁওখনৰ টিঙত বহি বহি
পানীৰঙী এপিয়লা জোনাকত
ডুব যোৱাৰ হাবিয়াস এৰা নাই এতিয়াও
পাৰ-ঘাটত নাঁও বান্ধি বুকুত ওলমাওঁ
হেলোজেনৰ হাজাৰ সমদল....।

               (দৃশ্যপট ৪)
মাটিৰ মানুহৰ ভাও লৈ অৱসাদ এই জীৱনৰ
আঁত হেৰুৱাই যৱনিকালৈ কিমান বাট
সেইয়া মই নেজানো,
অলেখ ধূমকেতুৰ মাজত সূৰ্য বিচাৰি ফুৰা
ডঁৰিকণা সপোনটোৰ ভগ্নাংশ যোৰাই যোৰাই
ছঁয়াময়া কৈ দেখো,নেপথ্যত সেইয়া কোন???

________________0__________________
 ৰশ্মীৰিয়া গগৈ ডেকা
কাৰ্বি আংলং ডিফু।

ঢেকীয়াৰ ফুল (দীপজ্যোতি সিং)

ঢেকীয়াৰ ফুল
_______________
অচিনাকি হাতত উত্তপ্ত আঙুলিৰ বল প্ৰদৰ্শন
ৰুদ্ৰ ভাৱৰ নহয়
প্ৰেমিক মনোভাৱৰ ,
হৃদয়ৰ হিমত প্ৰজ্জ্বলিত
বৰফৰ অগ্নি ।

আকাশখন ধৰণীৰ বালিত দেখিছো
নীলা আৰু নীলা ....
মনৰ আকুলতা অপেক্ষা হৈ বাগৰিছে
ঘড়ীৰ  ত্ৰিশূলত  ।

কিয় ?
কিয়নো খঙত আছা ৰাধা ?
সন্তুষ্ট হ'বা জানো একুৰি ছন্দময়ী কবিতাত .....
মুৰুলিৰ নিশ্বাস যে অক্সিজেন বিহীন ।

অশ্ৰু নিগৰিছে
হয় অশ্ৰু নিগৰিছে মোৰ দুখী ম'মৰ ,
তোমাৰ অবিহনে দ্বাৰিকাৰ পূৰ্ণিমা নিশা
কৃষ্ণকায় গহ্বৰত ডুব গৈছে ।

নয়নৰ চোতালত
ঘূৰি অহাৰ প্ৰতিশ্ৰুতি দি যোৱা তোমাৰ হৃদয়ক
কেনেকৈ কন্দুৱাওঁ ,
মোৰো আকাশৰ মৰিশালীত যে প্ৰেমৰ চিতা জ্বলিছে ।

গোলাপ পাহ মৰহিছে ..
তুলসীৰ অশ্ৰুৱে ডিঙিত সান্ত্বনাৰ ৰস হৈ বিয়পিছে শিৰা উপশিৰাত ,
হৃদয়ত অশ্ৰুহীন ৰঙা বৰষুণ
আৰু ধিপ ধিপাই উঠা পুৰণি ঢোলটো ।

দীপজ্যোতি সিং
শিমলুগুৰি ( শিৱসাগৰ )
ফোন নং : ৭০০২৩৯২৫৯৪

সোঁৱৰণ (অভিজীৎ বড়া)

সোঁৱৰণ

এদিন নিশা জোনৰ চকুত
তিৰবিৰাই থকা আইক দেখিলো,
(এৰি থৈ যে আহিছিলোঁ সুৱৰ্ণ ওঁঠ)
গোটেই কোঠালিটো সেমেকি উঠিছিল,
গৰ্কীৰ দ্যা মাদাৰ উপন্যাস খনত
কাতৰতাৰ টোপাল এটাও বিৰিঙিছিল।
এনে বিষন্নতাত ধোঁৱাময় হাত এখন
স্পর্শ কৰিছিলোঁ,(সপোন)
দহ আঙুলিৰ আকুলতায়ে
কাশ্মিৰী শীতত কঁপা
মায়াৰ কথা সোঁৱৰায়।
শীতৰ জড়তাক জন্মদিন
নজনা শিশু বোৰে বুজি পায়
আমি প্ৰেম বুজি পাওঁ
 সাঁচতীয়া দহটকাটোত আইৰ
আচলৰ গোন্ধ।
-----------
অভিজীৎ বড়া
 কটন বিশ্ববিদ্যালয়
 অসমীয়া বিভাগ

অনুগল্প ( পূৰ্ণিমা শইকীয়া গগৈ )


 অনুগল্প

() মাছৰ সোৱাদ

''আইজনী সুদা ভাত যে দিলা  মাছ নাই নেকি?'' শহুৰেকে বোৱাৰীয়েকক সুধিলে
''মাছ নাই কালিয়েই শেষ '' বোৱাৰীয়েকে লে
"তুমিতো জানাই মই মাছ নহ'লে ভাত খাব নোৱাৰো অকনমান থৈ দিব পাৰিলা হেঁতেন "
"অকনমান আছিল পুতেকক দিলো দিনটো ইমান কষ্ট কৰে আপুনি বহি থকা মানুহে নেখালেও ""
"মাক জীয়াই থকা লে সেই টুকুৰা মাছৰ আধা ময়ো পালো হেতেন '' শহুৰেকে কৈ উঠিল

() আশ্ৰয়

আজি কিছুদিনৰ পৰা বাপেক জীয়েকৰ সম্পৰ্কটো মাজনীয়ে সহিব নোৱাৰা হৈ আহিছে সকলো সময়তে ৰাজীবে জীয়েক নীলাক বিছাৰে নীলা মাজনীৰ প্ৰথম স্বামীৰ সন্তান নীলাৰ দহ বছৰ হওঁতেই  তাইৰ দেউতাকৰ মৃত্যু অকলশৰীয়া মাজনীয়ে জীয়েকৰ সৈতে  অকলে থাকিব নোৱাৰা হৈ পৰিল সকলোৰে চকু  তাই আৰু জীয়েক নীলাৰ ওপৰত নিজৰ আৰু জীয়েকৰ নিৰাপত্তা কথা ভাবি তাই ৰাজীবৰ প্ৰস্তাব মানি লবলৈ বাধ্য হৈছিল কিন্তু কি? ৰাজীবৰ ওচৰতো যেন সিঁহতি সুৰক্ষিত নহয় তাই নীলাক লগত লৈ ঘৰৰ পৰা ওলাই আহিল আশ্ৰয় বিচাৰি আজিৰ পৰা তাইক আৰু জীয়েকক কোনেও বেয়া দৃষ্টিৰে চাব নোৱাৰিব এবাৰ মৃত স্বামীক কথা ভাবিলে আজিৰ পৰা  আমি  আকৌ সকলো  একেলগে থাকিম।

পূৰ্ণিমা শইকীয়া গগৈ
নকছাৰি, যোৰহাট

পঞ্চমী ( মীৰা বৰা )


         অমাবস্যা ৰাতি চাৰিও ফালে ঘোৰ অন্ধকাৰে আৱৰি ধৰিছে এতিয়া যেন- আন্ধাৰেই পঞ্চমীৰ জীৱনৰ সংগী কোঠাটোত বহি লৈ তাইৰ জীৱনত ঘটি যোৱা ঘটনা বোৰ ভাবিবলৈও এতিয়া আৰু তাই অপাৰগ কিয় তাই মৌন হৈ ' , সেই কঠিন সময় খিনিত ; সেয়াও তাই আৰু ভাবিব পৰা অৱস্হাত নাই পাৰ হৈ যোৱা সময়ৰ ঘটি যোৱা ঘটনা বোৰ তাইৰ হৃদয়ত থুপ খাই থকা আগ্নেয়গিৰিৰ স্ফূলিংগ বোৰৰ  দৰে কেনেদৰে উদগীৰণ ' খুজিছিল----- সেয়াও এতিয়া হয়তো পাহৰি পেলাইছে তাই এতিয়া মাথো শান্ত,সৌম্য এখন নদীৰ দৰে

          পঞ্চম আৰু পঞ্চমীৰ সেই দিনা বাহী-বিয়াৰ দিন ।হেজাৰ সপোন বুকুত বান্ধি লৈ পঞ্চমৰ ঘৰ খনত তাই - কইনা জনী হৈ সোমাইছিলহি ।পঞ্চম মাক-দেউতাকৰ একমাত্ৰ সন্তান সি ভাৰতীয় সৈন্য বাহিনীত চাকৰি কৰে সি বিবাহৰ বাবে এমাহৰ ছুটী লৈ ঘৰলৈ আহিছে গতিকে অতি উলহ-মালহেৰে কালি তাৰ বিবাহ সম্পন্ন হৈ যায়- পঞ্চমীৰ লগত পঞ্চমীও মাক-দেউতাকৰ অতি আদৰৰ একমাত্ৰ জীয়ৰী
          কালিলৈ সিহঁতৰ বিয়াৰ অভ্যৰ্থনাৰ অনুষ্ঠান সম্পন্ন ' গতিকে কি কি খুৱাব ,নিমন্ত্ৰিত অতিথি সকলক কেনেকৈ আপ্যায়ন কৰিব তাৰ বাবে মাক-দেউতাক ব্যস্ত হৈ পৰিছে
             লাহে লাহে ধৰালৈ সন্ধিয়া নামি আহিল ।খাই বৈ বিয়াৰ ভাগৰ মাৰিবলৈ এজন এজন কৈ সকলো নিদ্ৰাত নিমগ্ন ' বাকী থাকিল মাথো দুফালে দুটা কোঠাত পঞ্চম আৰু পঞ্চমী দোভাগ জোনাক নিশা যেন- জোনাকৰ বৰষুণ নামিছে ধৰাত ------ পঞ্চম আৰু পঞ্চমী দুয়ো কোঠাৰ পৰা ওলাই আহি সংগোপনে তিতিছে এই জোনাকৰ বৰষুণত------- বৰষুণৰ টোপাল বোৰ যেন- তাইৰ গালে মুখে বৈছে প্ৰেমৰ নিজৰা হৈ------ কি যে- এক মধুৰ মূৰ্চ্ছনা------- তাই যেন এজনী চঞ্চল হৰিণী হৈ ধৰা দিছে তাৰ দুবাহুৰ মাজত এনেদৰে যে- কিমান সময় পাৰ হৈ ' সিহঁতে গমেই নাপালে-------
           কাহিলি পুৱাতে চৰাই-চিৰিকতিয়ে জুৰিছে--- সুমধুৰ গীত দশোদিশ ৰবিৰ কিৰণে পোহৰাই তুলিছে কি যে- এক প্ৰকৃতিৰ বিনন্দীয়া পৰিবেশ ।সেই সময়তে এটি বাৰ্তা আহিল , যিটো বাৰ্তাই সকলোকে হতাশ কৰি তুলিলে সীমান্তত শত্ৰু-পক্ষৰ লগত যুদ্ধ আৰম্ভ হৈছে গতিকে ততালিকে পঞ্চম যুদ্ধ-ক্ষেত্ৰ লৈ যাবলৈ নিৰ্দেশ আহিল অভ্যৰ্থনা অনুষ্ঠানৰ দিনা হঠাতে অহা সেই খবৰ টোৱে সকলোকে ম্লান কৰি পেলালে গতিকে ওপৰৰ নিৰ্দেশ মানি  অলপো পলম নকৰি পঞ্চম দেশৰ হকে ঘৰৰ পৰা যুদ্ধ-ক্ষেত্ৰলৈ ৰাওনা ' আৰু পঞ্চমী-----? উৰ্মিলাৰ দৰে মৌন হৈ '------ পঞ্চম যোৱাৰ ফালে চাই তাইৰ হৃদয়ৰ অব্যক্ত বেদনা বোৰ  বুকুতে সামৰি ফুলশয্যাৰ এটা কোণত বহি চকুলো বোৱাবলৈ ধৰিলে কি হৈ ' তাই ততকে ধৰিব নোৱাৰিলে পঞ্চমৰ অনুপস্হিতিতে সকলোকে ভোজ-ভাত খুৱাই পঞ্চমৰ মাক-দেউতাকে তাইক নিজৰ ছোৱালীৰ দৰে মৰমেৰে ৰাখিলে ক্ষন্তেক সময়ৰ বাবে পঞ্চমক লগ পোৱা সেই মধুৰ সময় খিনিৰ কথাকে ভাবি ভাবি তাই দিন বোৰ পাৰ কৰিব লগা '
         সময়ৰ কি যে- নিষ্ঠুৰ গতিশীলতা এজাক ধুমুহাই যেন- তাইক তচনচ কৰি থৈ ' তাই গৰ্ভৱতী '----- সমাজত বুবু-বাবা লাগিল খোবা- খুবী নোহোৱাকৈ কেনেকৈ সম্ভৱ------? লাহে লাহে কথাটো চাৰিও ফালে বিয়পি পৰিল শাহু-শহুৰেও তাইক সন্দেহৰ চকুৰে চাবলৈ ধৰিলে তাইৰ মাক-দেউতাকেও কথাটো সহজ ভাৱে লব পৰা নাই ।সকলোৱে তাইক ঘৃণাৰ চকুৰে চাবলৈ ধৰিলে তাৰপাচত তাই সমাজ আৰু স্ব-জাতিৰ দ্বাৰা কলংকিনী , চৰিত্ৰহীনা আৰু এজনী নষ্ট চৰিত্ৰৰ ছোৱালী আদি শব্দৰে বিভূষিতা ' ।মূৰৰ ওপৰৰ আকাশ খন যেন- খহি পৰিল , তাইৰ এনে অনুভৱ ' লাজ আৰু ভয়ত তাইৰ গৰ্ভজাত সন্তানটো যে- পঞ্চমৰে সন্তান সেই কথা মুখ-খুলি কাকো প্ৰকাশ কৰিব নোৱাৰিলে ।চৰম অপমান আৰু অৱহেলাৰে দিন বোৰ পাৰ হৈ ' তাইৰ ।শাহুয়েক-শহুৰেকৰ তাইৰ প্ৰতি জন্ম হোৱা ঘৃণা আৰু অৱহেলাৰ বাবে তাই এদিন স্বামীৰ ঘৰ এৰি মাক-দেউতাকৰ ঘৰলৈ উভতি আহিল
         চাওঁতে চাওঁতে -মাহ দহ দিন উকলি ' সমাজৰ পৰা পোৱা বিকৰ্থনাৰ মাজেৰে তাইৰ এটি সন্তানৰ জন্ম ' ।কণমানিটোক বুকুত সাৱটি দুয়োধাৰে চকুলো বৈ আহিল তাইৰ প্ৰসব বেদনা উপশম নৌহওঁতেই এটা হৃদয় বিদাৰক খবৰে তাইক পুনৰ চিৰজীৱনৰ কাৰণে অৰ্ধমৃত কৰি পেলালে ।তাইৰ সন্তানৰ পিতৃয়ে সীমান্তত শত্ৰুৰ লগত যুঁজি যুঁজি প্ৰাণ আহুতি দিব লগা ' ।তাইৰ পঞ্চম শ্বহীদ ' , তাই নিজৰ কাণ দুখনকে যেন- বিশ্বাস কৰিব পৰা নোৱাৰিলে সময় কিয় যে- ইমান নিষ্ঠুৰ হয় ? পিতৃহাৰা সন্তানটোক লৈ তাই দিগবিদিগ হেৰুৱাই পেলালে নিজ সন্তানৰ এই দুখৰ দিনবোৰ সহ্য কৰিব নোৱাৰি পঞ্চমীৰ মাক-দেউতাকেও কিছুদিনৰ অগাপিচা কৈ দুয়ো স্বৰ্গগামী ' বেচেৰী পঞ্চমী একেবাৰে অকলশৰীয়া হৈ পৰিল
         দিন-মাহ- বছৰ বাগৰি ' ।সন্তানটোক বুকুত সাৱটি পঞ্চমীৰ দিনবোৰ যাবলৈ ধৰিলে ।ঈশ্বৰৰ যেন-তাকো সহ্য নহ' তাইৰ বুকুৰ সন্তানটো এক অচিন ৰোগত আক্ৰান্ত ' ।ডাক্তৰৰ সু-চিকিৎসাৰ পাচতো সন্তানটো আৰোগ্য হৈ নুঠিল কেইদিনমানৰ পাচত সন্তানটোও আঁতৰি ' তাইৰ বুকুৰ মাজৰ পৰা ।সন্তানটোৰ মৃত্যুত তাই উন্মাদিনীৰ দৰে ' দুখৰ ভাৰ সহ্য কৰিব নোৱাৰি লাহে লাহে তাই হেৰুৱাই পেলালে মন-মগজুৰ ভাৰসাম্যতা ।চঞ্চলা-চপলা গাভৰু জনী এজনী আধা পাগলী লৈ ৰূপান্তৰ '
            কিছুদিনৰ পাচত সীমান্তৰ পৰা পঠিয়াই দিয়া পঞ্চমৰ বস্ত-বাহানিৰ টোপোলা বোৰৰ মাজৰ পৰা মাক-দেউতাকে এখন ডায়েৰী উদ্ধাৰ কৰিলে ।ডায়েৰী খনৰ এটি পৃষ্ঠাৰ পৰা পঞ্চমীৰ গৰ্ভজাত সন্তানটো যে- পঞ্চমৰে আছিল সেই কথা তেওঁলোক নিশ্চিত ' সেয়েহে ভুলৰ প্ৰায়চিত্ত কৰিবৰ বাবে পঞ্চমৰ মাক-দেউতাক দুয়ো এদিন পঞ্চমীহতঁৰ ঘৰ ওলালহি তেওঁলোকে আহিয়েই দেখিলে--- অৱহেলিত এটা কোঠাৰ ভিতৰত আউলী-বাউলী চুলিৰে পঞ্চমীয়ে কাপোৰৰ পুতলা এটা বুকুত সাৱটি নিচুকণী গীত এটি গাই গাই শুৱাব ধৰিছে ----" আমাৰে মইনা শুৱ ------
বাৰীতে বগৰী ৰুৱ -------
তল ভৰি ভৰি পকি সৰিব
আমাৰে মইনাই বুটলি খাব " যেন- মাজনিশাৰ এক হিয়াভগা উচুপনি পঞ্চমৰ মাকৰ সেই অৱস্হাত পঞ্চমীক দেখি দুয়োধাৰে চকুলো বৈ আহিল ।তেওঁলোকৰ ভুলৰ বাবেই যে- তাইৰ আজি এই দশা ' , সেই কথা তেওঁলোকৰ বুজিবলৈ বাকী নাথাকিল ততালিকে তেওঁৰ গাত লৈ থকা গৰম কাপোৰ খন পঞ্চমীৰ গাত মেৰিয়াই দিলে আৰু মৰমেৰে তাইক সাৱটি লাহে লাহে কোঠাটোৰ পৰা বাহিৰলৈ উলিয়াই আনিলে তাৰপাচত শাহুয়েক-শহুৰেক দুয়োৱে তাইক আৱৰি-সামৰি নিজৰ ঘৰলৈ বুলি খোজ পেলালে


মীৰা বৰা