বেটুপাত

বেটুপাত

Tuesday, 16 October 2018

ভালপাওঁ ( মিণ্টুল হাজৰিকা )


তোমাক ভাল পোৱাৰ আজি বহু দিন হৈ ,

সেউজীয়া পথাৰখনৰ দৰে আছিল আমাৰ ভালপোৱা
সেই সেউজীয়া নিচাটো এতিয়াও লাগি আছে;

কেতিয়াবা পূৰঠ দুপৰীয়াটোক মূৰত লৈ গৈ থকা যাত্ৰাপথত খন্তেক জিৰণি লৈ ভাবোঁ
সেই সময় যদি মোৰ হাতত থাকিলহেঁতেন আজীৱন হাতৰ মুঠিত ধৰি ৰাখিলোহেঁতেন৷

এতিয়া অৱশ্যে মই প্ৰত্যেক দিনেই প্ৰেমত পৰোঁ,

কিন্তু তোমাৰ নহয়,তোমাক দুখ অথবা যন্ত্ৰণা দিয়াৰ সাহস মোৰ নাই;

সেই যন্ত্ৰণা মই মোৰ বুকুখনক দিওঁ
যাৰ বাবে মাজৰাতিৰ উভতনি যাত্ৰাত আত্মাগ্লানিত চটফটাই উঠে মোৰ কলিজা,

মই নিবিচাৰো তোমাৰো কলিজাৰ অৱস্থা মোৰ দৰে হওক৷

কিমান ভাল পালে আচলতে কব পাৰি এখন সংসাৰ পতাৰ কথা ?

মই নাজানো৷

মোৰ সমস্ত বদ অভ্যাস,নিলজ্যতা, মাতলামি,ঈৰ্ষা আদি মোৰ দেহৰ স্নায়ুকোষৰে নিৰ্গত হৈ মোৰ এটা পৰিচয়ৰ জন্ম দিছিলে
এই পৰিচয়ৰ উৰ্দ্ধত তুমি আৰু আমাৰ ভালপোৱা৷


মিণ্টুল হাজৰিকা
দূৰভাষ:-৯৭০৬৮২৯১৫৭

No comments:

Post a Comment