বেটুপাত

বেটুপাত

Tuesday, 16 October 2018

সম্পাদকীয়: এইবাৰ পূজাত কিতাপ কিনোঁ আহক ( সৌৰভ জ্যোতি দত্ত )


    প্ৰথমে সুবাসৰ সমূহ পঢ়ুৱৈ তথা শুভাকাংক্ষীলৈ সুবাস সম্পাদনা সমিতিৰ তৰফৰ পৰা আগন্তুক দূৰ্গোৎসৱৰ শুভকামনা জ্ঞাপন কৰিছোঁ এতিয়া সকলোফালে দূৰ্গা পূজাৰ উখল মাখল শেৱালী ফুলা বতৰত প্ৰকৃতিয়ে যেন এক ৰূপত অামাৰ সকলোৰে আগত ধৰা দিছেহি আজি দহবছৰ আগতে আমাৰ ওচৰে-পাজৰে অঞ্চলসমূহত যিমান কেইখন পূজাৰ মণ্ডপ আছিল, এতিয়া পূজা মণ্ডপৰ সংখ্যা তাৰ দুগুণতকৈও অধিক এইকথা অসমৰ যিকোনো ঠাইতে প্ৰযোজ্য, আপোনালোক সকলোৱে নিশ্চয় লক্ষ্য কৰিছে তাতে আকৌ এতিয়া আগতকৈ পূজাৰ দৰ্শনাৰ্থীৰ সংখ্যাও তুলনামূলক ভাবে বহুত বেছি সকলো ফালে জাক জমকতা পূজাক লৈ কিন্তু এইখিনিতে এটা কথা উনুকিয়াই দিবলৈ বিচাৰিছোঁ যে যিদৰে পূজাৰ জাক জমকতা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে, তাৰ তুলনাত মানুহৰ মনত ভক্তি ভাৱ কিন্তু লোপ পাবলৈ ধৰিছে তাতে আকৌ এতিয়া বিভিন্ন আৰ্হিত বনোৱা মণ্ডপবোৰৰ নিজৰ ৰূপক লৈ হৰা জিকাৰ প্ৰতিযোগিতা বৰ্তমান যুৱচাম বিপথে পৰিচালিত হোৱাক লৈ বাৰে বাৰে প্ৰশ্ন উত্থাপন হৈয়ে আহিছে পূজাৰ পৱিত্ৰ কেইদিন সুৰাৰ বিক্ৰীৰ অনুপাত বৃদ্ধি পায় দুৰ্ঘটনা তথা অপকৰ্মৰ সংখ্যাও বৃদ্ধি পোৱা পৰিলক্ষিত হয় কোনো কোনো ৰমনী গাভৰুৱে পূজাৰ কেইদিনত নিজক লৈয়ে পাতে ফেশ্চন শ্ব' এইবোৰৰ মাজত পূজাৰ পৱিত্ৰতা নিশ্চয় নাই পূজাৰ বিশেষ দিনকেইটা অপৱিত্ৰ হোৱাটো আমি কোনেও হয়তো ইচ্ছা নকৰোঁ। এইবোৰৰ উপৰিও আজি দুবছৰ মানৰ পৰা দূৰ্গোৎসৱৰ কিছুমান যোগাত্মক দিশও আমি লক্ষ্য নকৰা নহয় দূৰ্গোৎসৱৰ সময়ত অনুষ্ঠিত হোৱা শাৰদীয় গ্ৰন্থ উৎসৱ ( মেলা) সমূহে বৌদ্ধিক জাগৰণত উল্লেখযোগ্য প্ৰভাৱ পেলায় এখন সমাজ এখন দেশ বন্দুকেৰে গঢ়িব নোৱাৰি, অধ্যয়ন আৰু শিক্ষাইহে সমাজ গঢ়ে পূজাৰ বিপনীসমূহত ওলোৱা পুতলা অস্ত্ৰ আপোনাৰ শিশুটিক তুলি দি আপুনি তেওঁলোকক কি হবলৈ উৎসাহ দিছে ? এবাৰ ভাবি চাইছে নে ? আপোনাৰ শিশুৰ মানসিক বিকাশত ইয়াৰ কেনেধৰণৰ প্ৰভাৱ পৰিব পাৰে এবাৰ ভাবি চাওঁক সেয়েহে " পুতলা বন্দুকৰ বিপৰীতে আপোনাৰ শিশুটিৰ হাতত এখন কিতাপ তুলি দিয়ক" এই উক্তিৰে অভিভাৱক সকলক অনুৰোধ কৰিছে দৈয়াং শাখা সাহিত্য সন্মিলনীৰ আগন্তুক শাৰদীয় গ্ৰন্থ উৎসৱৰ আয়োজক সকলে এক উদাহৰণহে আৰু এক লেখত 'বলগীয়া পদক্ষেপ এই লেখাৰ জৰিয়তে আমি সুবাসৰ পঢ়ুৱৈ সকলক এক অনুৰোধ কৰিবলৈ বিচাৰিছোঁ এক সুস্থ সৱল সমাজ গঢ়িবলৈ আপোনাৰ শিশুটিক এইবাৰ দুখনমান মূল্যৱান কিতাপ তুলি দি চাবচোন সিহঁতক কিতাপ পঢ়াৰ মাদকতা শিকিবলৈ দিয়ক "বুঢ়ী আইৰ সাধু" পৰা আৰম্ভ কৰি যিমান শিশু সাহিত্য আছে সেইবোৰে তেওঁলোকৰ মানসিক বিকাশত যথেষ্ট  সহায় কৰে আপুনি নিবিচাৰে জানো আপোনাৰ শিশু কালিলৈ দেশৰ সম্পদ হওক , নিজ মাতৃভাষাক ভাল পাবলৈ শিকক তেনেহ'লে আৰু পলম নকৰিব , নতুবা বেজবৰুৱা দেৱে ৰচনা কৰি থৈ যোৱা যুগান্তকাৰী সাহিত্য সমূহ মাত্ৰ সংগ্ৰাহলয়তহে স্থান পাবগৈ নতুবা ইংৰাজীলৈ অনুবাদ কৰিহে পঢ়িবলৈ পাব

আহক চোন আমি আজিৰে পৰা পণ লওঁ  দূৰ্গোৎসৱৰ শৌধ বজায় ৰখাৰ আৰু লগতে এখন অধ্যয়নশীল দেশ গঢ়াৰ


সৌৰভ জ্যোতি দত্ত
সম্পাদক
সুবাস

No comments:

Post a Comment