বেটুপাত

বেটুপাত

Tuesday, 16 October 2018

মোৰ পদূলিলৈ শৰৎ নামিছে ( ঋতুপৰ্ণ হাজৰিকা )


মোৰ পদূলিলৈ আজি শৰৎ নামিছে,
শাৰদী সোণালী টোপাল বোৰ
সোণোৱালী সুৰুজৰ পোহৰৰ ৰাগি লাগি
দুবৰিৰ দলিচাত চিক মিকাই 
হেঁপাহৰ মালা গাঁঠিছে

বৰষুণ জাকেও লাজে লাজে 
কইনাৰ দৰে নামি অহাৰ বতৰা দিছে ,

শেৱালি বোৰে চুপহী মেলি 
মোৰ পদূলিত আজি
আশাৰ কিৰণ বোলাইছে
শাৰদী কোমল শৰতৰ ,

কঁহুৱাবোৰে হালি জালি  
চৌপাশে জুৰিছে মনজুৰোৱা শাৰদী গীত

নকৈ পাহি মেলা ভেট ফুলটিয়ে
কৈছে শৰতৰ কথা আৰু দিছে শৰৎ অহাৰ আগলিবতৰা ,

বানে এৰি থৈ যোৱা ধাননি ডৰা
সোণগুটিৰ আশা এটি লৈ  
সেউজীয়াবোৰে হালি জালি নাচিছে

শুভ্ৰ ডাৱৰৰ মাজে মাজে 
নীলা আকাশত শৰালি জাকে 
উৎফুল্লিত হৈ উদ্দাম নৃত্য তুলিছে
মোৰ পদূলিলৈ আকৌ আজি - কৈ শৰৎ নামিছে

                             
ঋতুপৰ্ণ হাজৰিকা 
মৰিগাঁও , অসম 

No comments:

Post a Comment