বেটুপাত

বেটুপাত

Tuesday, 16 October 2018

উশাহত গজি উঠিছে শুভ্ৰতা ( পৰাগজ্যোতি মহন্ত )



 উশাহে উশাহে এতিয়া গজি উঠিছে শুভ্ৰতা

কথাবোৰৰ এতিয়া ওজন বঢ়াৰ সময় সকলোতে
কথাবোৰ শুভ্ৰতাৰ

নদীয়ে পুৱা আৰু সন্ধিয়াবোৰত সাবতি আছে শুভ্ৰতাৰ এখন আৱৰণ 
আৰু পথাৰে এখন আৱৰণ গাঢ় সেউজীয়াৰ প্ৰত্যহ

কঁহুৱাৰ বুকুৰ পৰা বতাহত উজাই আহিব খুজিছে এজাক শুভ্ৰতা
আকাশৰ বুকুৰ পৰা নামিছে শুভ্ৰ মেঘ
আৰু ৰাতিৰ জোনাক

পদুলিত সাৰে থাকে শেৱালী ওৰে ৰাতি বকুল
দুবৰিৰ বুকুত নিয়ৰ

উশাহে উশাহে গজি উঠিছে শুভ্ৰতা
বুকুত শৰতৰ অস্হিৰতা





পৰাগজ্যোতি মহন্ত 

No comments:

Post a Comment