বেটুপাত

বেটুপাত

Tuesday, 16 October 2018

ধৰ্মৰ নামত আমাক বলি -বিধান নালাগে ( মাধুৰ্য্য বৰা )


      নিঅপৰাধী জীৱক বলি দি নিজৰ মঙ্গল কমনা কৰাত কোনো যুক্তি নাই ভগৱানে কোনো বলি নিবিচাৰে কিয়নো সকলো জীৱ-জন্তু ভগৱানৰে সন্তান ভগৱান আমাৰ পিতৃ-মাতৃৰ দৰে কোনো পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ বলি নিবিচাৰে বলিৰ নামত নিঅপৰাধী জীৱক শাস্তি দিয়া হয় কিয় নিমাত আজি সকলো? প্ৰকৃতি প্ৰেমী সকল, ওলাই নাহে কিয়? এনে অসুৰিক কাৰ্য বন্ধ কৰিব লাগে আধুনিকতাৰ মুখা পিন্ধি লাভ নাই যদিহে আমাৰ মনতো ঘূণে ধৰা হয় আমাৰ মাজৰ কিছুমান কু-প্ৰথা এৰিবৰ মানুহ গৈ মঙ্গল গ্ৰহ পালেগৈ কিন্তু এতিয়াও আমি নিজৰ মঙ্গলৰ বাবে জীৱক বলি দিওঁ যেনেদৰে নৰ-বলি, সতীদাস প্ৰথা আমি ত্যাগ কৰিলো তেনেদৰে বলি-বিধানো আমি ত্যাগ কৰিব লাগে আমাৰ খাদ্যৰ বাবে জীৱ বধ কৰা আৰু বলি-বিধানৰ নামত বধ কৰাত পাৰ্থক্য আছে খাদ্য-শৃংখল প্ৰকৃতিৰ নিয়ম কিন্তু কোনো কাৰণ নোহোৱাকৈ জীৱ এটাক বলি দি শান্তি পোৱাতো অসুৰিক কাণ্ড এতিয়া বিজ্ঞানৰ যুগতো এইবোৰ চিন্তাই আমাক পিছুৱাই ৰাখিছে পূজা এক পৱিত্ৰ অনুষ্ঠান পূজাত জীৱ -জন্তুক হত্যা কৰি কলুসিত নকৰিব আমি পূজাৰ নামত বলি দিয়েই আছো কিন্তু জাপানত হে মানব সম্পদ নিৰ্মাণ হৈছে আমেৰিকা ধনী হৈছে এইবোৰ দেশেটো জীৱ-জন্তু বলি নিদিয়ে তেন্তে কিয় আমাতকৈ আজি বেছি আগবাঢ়ি গৈছে ভূপেন দাইও গানৰ মাজেৰে কিছুমান কু -প্ৰথা এৰিব কৈছে "পুৰণি ইতিহাস দুহাৰিলে ভূল জানো নহব কোৱা সমনীয়া " ৰাইজ আপোনালোক সজাগ হওঁক আৰু আমাৰ মাজৰ এই কু-প্ৰথাবোৰ ত্যাগ কৰি সুন্দৰ অসমৰ উদাহৰণ দিয়ক


মাধুৰ্য্য বৰা
দেৰগাঁও

No comments:

Post a Comment