বেটুপাত

বেটুপাত

Tuesday, 16 October 2018

শৰৎ ( বিদ্যুৎ বৰা )


শৰৎ উলাহৰ সুৰ এটি বুকুত লৈ 
বসুন্ধৰা মতলীয়া কৰিবলৈ নামি আহিছে শৰৎ
পিতাইৰ কেঁচা ঘামবোৰ নিয়ৰৰ কণিকা হৈ  
মুকুতাৰ দলিচা সাজিছে নিঃসংগ  দূবৰিৰ বুকুত
আইৰ বুকুত কঁহুৱা ফুলিছে, আচলত উৰিছে শুভ্ৰ
শেৱালিৰ চিনাকি সুবাস ফুটুকীয়া ফ্ৰক উৰুৱাই 
সৌৱা সোণপাহি, ধনটিহঁত আহিছে
পদূলিত থকা তলসৰা শেৱালিবোৰ
সিহঁতে ফ্ৰক ভৰাই বুটলিছে
 সিহঁতৰ হাঁহিৰে ভৰি উঠিছে 
শৰতৰ স্নিগ্ধ পুৱতি নিশাএয়াইতো শৰৎ
আনন্দৰ ঢৌ তোলা হাঁহি এটিৰে 
কোমল পুৱাক স্বাগতম জনোৱা শৰৎ
পুৱতিৰ আকাশত জোনবাইক দেখি 
কেতেকীৰ ভগা মাতেৰে আদৰণি জনোৱা শৰৎ
কেঁচা সোণবৰণীয়া 'দজাকত
 চোতালত উমলি ফুৰা কপৌহালি,
 নিশাৰ আকাশত জোনাকৰ প্ৰেমত 
গাভৰু হোৱা জোনজনী,  
আপোন নৈখনৰ চেনেহত বাউলী হোৱা কঁহুৱাবোৰ কোমল সেউজ পাতত চেঁচা বতাহৰ চুম্বন,
আহৰি নোহোৱা ভোমোৰাটিৰ মধুৰ গুঞ্জন
শৰতৰ প্ৰতিটো অপৰূপ দৃশ্যই প্ৰাণ পৰশি
 বোৱাই আনে এক শান্তিৰ বন্যা
 শৰৎ মানেই যেন ধৰাৰ বুকুত 
সৌন্দৰ্যৰ ফুল ফুলাৰ বতৰ
দুখবোৰ কুঁৱলীৰ বুকুত উৱলি যোৱাৰ বতৰ
 অনুভৱৰ এটি স্বৰ হৈ শৰতে জগাই তোলে কবি সত্তা৷ প্ৰতিখন অনুভৱী হৃদয়ত এটি সুকোমল গীত হৈ ম্লান কৰে যন্ত্ৰণাৰ বিষাদগাথা
জোনজনী বুকুত লৈ জোনাকে ছানি ধৰে 
পেখম ধৰা ময়ূৰৰ দৰে
শৰতৰ ফৰিংফুটা জোনাক পান কৰি
 প্ৰত্যেকে হৈ পৰে নষ্টালজিয়াৰ একো একোজন প্ৰেমিক
সোঁৱৰণি ফালি ফালি দুচকুত ভাহি উঠে 
শৈশৱৰ প্ৰাণ ভৰা স্মৃতিবোৰ ভাল লগা মুহূৰ্তবোৰ
দূৰ্গাপূজাৰ আনন্দৰ মতলীয়া কৰে সকলোকে
প্ৰতিজন মানুহৰ মনত স্মৃতিৰ জোৱাৰ তোলে
অভিমানী চৰাইজাকে পথাৰৰ নিঃসংগতা
আঁতৰাই গান এটি জুৰে প্ৰেমৰ আকুলতাত পথাৰবোৰে 
নিজকে বিলীন কৰি দিয়ে সেউজীয়াৰ কোলাত
বুকুৰ কোনোবা একোণত জাগি উঠা প্ৰেমৰ বিন্দু বিন্দু অনুভৱবোৰ হেৰাই যাব খোজে
কোনোবা অচিন হৃদয়ত
স্নিগ্ধ প্ৰেমৰ সুবাসেৰে
 শৰতে বসুমতীক মতলীয়া কৰে
 জোনজনী গাভৰু হয়,
নৈখন চঞ্চল হয়
হালি-জালি কঁহুৱাবোৰ আনন্দত ব্যাকুল হয়
প্ৰেমৰ বাবেইতো শৰৎ!
হেঁপাহৰ নামেইতো শৰৎ!!
স্মৃতিৰ গান এটা গুণগুণাই গুণগুণাই 
হৃদয় জীপাল কৰিবলৈকেতো শৰৎ!!!



বিদ্যুৎ বৰা 

No comments:

Post a Comment