বেটুপাত

বেটুপাত

Tuesday, 16 October 2018

প্ৰাণৰ কবিতা ( অংকুৰাণী শৰ্মা )


 সৃষ্টিত প্ৰাণ ঢলা হে মোৰ প্ৰাণৰ মানুহ
সোনকালে উভতিবা ঘৰলৈ 
মই যে আছো বাট চাই
আজিৰ এই প্ৰাণত ঝংকাৰ তোলা প্ৰাণৰ কবিতা তোমালৈ বুলি,
এচেৰেঙা কোমল ' সানি দিছো কবিতাটিত
যাতে তোমাৰ গালে মুখে সানে সুখ বৈভৱৰ প্ৰলেপ
সোনকালে উভতিবা ঘৰলৈ
মই যে আছো বাট চাই
কাঁচলি তলতে থুপাই থৈছো বুকুৰ এবুকু উম
টোপনি আহিলে দুয়ো তাতেই শেতেলি পাতি শুম
সাৰি পুছি চিকুনাই থৈছো বুকুৰ গোপন বাট
মেলি থৈছো সদিচ্ছাৰে কাজুৱা দুইখন হাত
মোৰ প্ৰাণৰ মানুহজন সোনকালে উভতিবা
মই যে আছো বাট চাই
মন দুবৰিত উপচাই থৈছো 
নিয়ৰত নিকা হোৱা শেৱালীৰ তল
হাস্যোজ্বল বৰ্ণালীৰে উদ্দীপ্ত কৰি ৰাখিছো 
আমাৰ তুলসী তল
প্ৰাণৰ মানুহজন  
সোনকালে উভতিবা
মই যে আছো বাট চাই………

                                 ইতি,
                       তোমাৰ……মই……



অংকুৰাণী শৰ্মা

No comments:

Post a Comment