বেটুপাত

বেটুপাত

Tuesday, 16 October 2018

সুখ- দুখৰ আলি দোমোজাত ( অমৰ (অনুৰাগ) গগৈ )


    জোনাকেৰে পৰিপূৰ্ণ এটি সুন্দৰ গধূলি। তাতে '-' উৰিফুৰা জোনাকী পৰুৱাবোৰে পৰিৱেশটো আৰু মোহনীয় কৰি তুলিছে। হয়তো দুই-এদিনতে পূৰ্ণিমা 'ব। চাহকাপ খাই উঠিয়েই 'বাইলৰ ইয়েৰ ফোনডাল কাণত লগাই বিছনাত পৰিল অনুশ্ৰুতি। আবেলি সময়ত মামীয়েকে ফোন কৰিছিল। কাইলৈ তাইক অলপ সোনকালে ঘৰলৈ মাতিছে। কাইলৈ যিহেতু দেওবাৰ, তাই এনেয়ো 'লেই হেঁতেন মামীয়েকৰ ঘৰলৈ। বিশেষ কাম নাথাকিলে শনিবাৰেও স্কুল ছুটী হোৱাৰ পাছত তাই মামীয়েকৰ ঘৰলৈ গুচি যায়। আনকালে মামীয়েকে ঘৰলৈ মাতি তেনেকৈ ফোন নকৰে, যিহেতু গম পায়েই যাব বুলি। আজি তেনেকৈ ফোন কৰা কাৰণে অনুশ্ৰুতিয়ে জানিব বিচাৰিলে। মামীয়েকে মাথোঁ উৎসাহেৰে 'লে, "মুঠতে তই সোনকালে আহিবি, তোক চাবলৈ কাইলৈ 'ৰা এটা আহিব। এতিয়া একো নকওঁ, কাইলৈ আহিলে 'ম।" এইবুলি ফোনটো কাটি দিলে। অনুশ্ৰুতিৰ ওঁঠেদি হাঁহি এটা বাগৰি আহিল নিজৰ অলক্ষিতে। এতিয়াহে তাই অনুভৱ কৰিছে, সঁচাকৈয়ে তাইৰ বিয়া সোমাবৰ বয়স ' নেকি! জীৱনটোৰ লগত যুঁজ-বাগৰ কৰি থাকোঁতে ইমানদিনে মনলৈ অহাই নাছিল এইবোৰ কথা। ড্ৰেছিং আইনাখনৰ সন্মুখত ৰৈ বহুসময় নিজকে ভালদৰে নিৰীক্ষণ কৰাত লাগিল অনুশ্ৰুতি। চৌবিশটা বসন্তই গৰকি যোৱা তাইৰ জীৱন। দহটা 'ৰা মোহ যাব পৰাকৈ তাইৰ দেহত মেটমৰা যৌৱন। 'তো অকণো খুঁট নাই। সুন্দৰ দেহ বল্লৰী। নাৰ্ছিচাচৰ দৰে যেন তাই নিজৰ ৰূপতে মোহ যাব

কাষৰ ৰূমৰ পৰা অহা কথোপকথনৰ শব্দতহে খকামকাকৈ সাৰ পালে অনুশ্ৰুতি। গাঁৱৰ মাকৰ ঘৰলৈ ফুৰিবলৈ যোৱা মণিকা খুড়ীহঁত আহিল চাগে। তেতিয়াও 'বাইলত কম ভলিউমত বাজি আছিল তাইৰ এগৰাকী প্ৰিয় গায়িকা তৰালি শৰ্মাৰ এটি মন পৰশা গীত 'আহিবা তুমি দুপৰ নিশা' 'বাইলত সময়টো চাই দেখিলে চাৰে বাজিবৰ 'ল। অলপ সময় তাই ওপৰলৈ মূৰ কৰি বিছনাতে পৰি থাকিল। মণিকা খুড়ীৰ কণ কণ 'ৰা দুটাই মাকৰ লগত গাঁৱৰ ঘৰৰ কথা কিবাকিবি পাতি থকা টুকুৰা টুকুৰকৈ উফৰি আহি তাইৰ কাণত পৰিছেহি। অনুশ্ৰুতিয়ে ভাবিলে, তাইৰো এখন ঘৰ থকা 'লে তায়ো ' হেতেঁন এনেদৰে মণিকা খুড়ীহঁতৰ দৰে ঘৰলৈ। অৱশ্যে ঘৰ নথকা নহয়, অনুশ্ৰুতিৰো এখন ঘৰ আছে। কিন্তু সেইখন ঘৰক ঘৰ বুলি ভাবিবলৈ গৈ বিবুধিত পৰে তাই। আচলতে ঘৰ কি? ঘৰৰ সংজ্ঞা এটা বিচাৰি হাবাথুৰি খাই অনুশ্ৰুতি। বুকুৱেদি উজাই আহে এটি তপত হুমুনিয়াহ। বিছনাৰ পৰা উঠি চেণ্ডেল চোচৰাই চোচৰাই পাকঘৰলৈ বুলি খোজ 'লে তাই।


ৰাতি এঘাৰ মান বজাত খাই-বৈ উঠি বিছনাত পৰিল অনুশ্ৰুতি। বাহিৰত ফৰিংফুটা জোনাক। বিছনাৰ কাষৰ খিৰিকীখন খুলি দিলে তাই। জোনাক এসোপা ঠেলি-হেঁচি সোমাই আহিল কোঠাটোলৈ। তেতিয়ালৈ মণিকা খুড়ীহঁতো শুই পৰিছিল। চাৰিওফালে নিজান। নিৰ্জনতাই মানুহক সমৃদ্ধ কৰিলেও ৰাতিৰ নীৰৱতা কিছু কিছু মুহূৰ্তত সকলোৰে বাবে অনুকূল নহয়। ঘৰৰ কথা মনলৈ আহিলেই অনুশ্ৰুতিৰ মন গহনত এখন ছঁয়া-ময়া মুখে অগাদেৱা কৰে। সেইখন মাকৰ মুখ। যাক তাই তৃতীয় শ্ৰেণীত পঢ়ি থাকোঁতেই হেৰুৱাইছিল। মাক বুলি 'লে স্মৃতি হিচাপে মাত্ৰ দীঘল ওৰণিৰে কঁপালত ডাঙৰকৈ সেন্দুৰৰ ফোট লোৱা এখন সুগঢ়ী মুখহে আছে। যেতিয়া অনুশ্ৰুতিক দুখ-শোকে খুন্দা মাৰি ধৰিছিল, বাৰে বাৰে মনলৈ আনিছিল মাকৰ সেই মুখখন। অনুশ্ৰুতিয়ে গম পালে তাইৰ আজি টোপনি অহাৰ আশা কম। মনলৈ আনিব নুখুজিলেও বাৰে বাৰে আহি সেই অতীতে আজি পুনৰবাৰ তাইক বাটভেটি ধৰিছেহি। 


মাক, দেউতাক আৰু ককায়েকৰ সৈতে অনুশ্ৰুতিহঁতৰ আছিল এক সুখৰ সংসাৰ। দেউতাকে সমাজ কল্যাণ বিভাগত চাকৰি কৰিছিল। কিন্তু অভাৱনীয়ভাৱে সিহঁতৰ জীৱনলৈ নামি আহিল কাল ধুমুহা। সিহঁত দুটাক নিথৰুৱা কৰিে এটি সাধাৰণ অসুখতে মাক আঁতৰি গৈছিল চিৰদিনৰ বাবে। অলপদিনৰ পাছত দেউতাকে পুনৰ বিবাহ কৰাইছিল। মাকৰ অৱৰ্তমানত মাহীমাকক সিহঁতে নিজৰ মাকৰ দৰেই ভাবিছিল। কিন্তু সিহঁতৰ মাজলৈ সৰু ভায়েকৰ আগমনৰ পাছত সকলোবিলাক ওলট-পালত হৈ গৈছিল। সেয়াই আছিল যেন অনুশ্ৰুতিৰ জীৱনৰ দুখৰ আৰম্ভণি। মাহীমাকে অনবৰতে সিহঁত দুয়োটাকে অকণমান কথাতে গালি পাৰিছিল, মাৰধৰ কৰিছিল। কলৈকো ওলাই যাবলৈ নিদিছিল। ভায়েকক লৈ থকাৰ অজুহাততে ঘৰৰ সকলো কাম অনুশ্ৰুতিয়েই কৰিবলগা হৈছিল। দিনে দিনে সিহঁত দুয়োটাৰে ওপৰত অত্যাচাৰ বাঢ়ি গৈছিল। দেউতাকটো কিবা যন্ত্ৰ এটাৰ দৰে হৈ পৰিছিল। মাত্ৰ উদাস দৃষ্টিৰে চাই ৰৈছিল সিহঁত দুটালৈ। দেউতাকে কিবা এষাৰ 'লেও দেউতাককো মাকে অশ্ৰাব্য শব্দৰে গালি পাৰিছিল। চিঞৰি চিঞৰি কন্দাৰ বাহিৰে আন একো উপাই নাছিল অনুশ্ৰুতিৰ। ককায়েকো দিনে দিনে গোমোঠা হৈ পৰিছিল,কাকো মাত-বোল নকৰিছিল। ওচৰ-চুবুৰীয়া সিহঁতৰ ঘৰলৈ যাবলৈ এৰিছিল। কাৰণ সিহঁতৰ হৈ কোনোবা চুবুৰীয়াই এষাৰ মাত মাতিলেও মাকে তেওঁলোককো টান কথা শুনাইছিল। 


দিনবোৰ পাৰ হৈ গৈছিল। সময়ে যেন অনুশ্ৰুতিক কাণে কাণে মাথোঁ কৈ গৈছিল 'সহ্য কৰিবলৈ শিকা।' ইমান দুখ-কষ্টৰ মাজতো তাই কিন্তু পঢ়াত যতি পৰিবলৈ দিয়া নাছিল। পৃথিৱী যেতিয়া টোপনিৰ কোলাত ঢলি পৰিছিল, অনুশ্ৰুতি তেতিয়া পঢ়া টেবুলত বহিছিল। তাইৰ জীৱনৰ অপূৰ্ণতাখিনি কিতাপৰ মাজতেই বিচাৰিব খুজিছিল। ইতিমধ্যে সিহঁত দুটা লাহে লাহে ডাঙৰ হৈ আহিছিল। ককায়েকে উচ্চতৰ মাধ্যমিক পাছ কৰি উঠিয়েই সৈন্য বাহিনীত চাকৰি পাই গুচি গৈছিল বহু দূৰলৈ। পৰিপূৰ্ণ ঘৰখনতো অনুশ্ৰুতি অকলশৰীয়াকৈ পৰি ৰৈছিল এটি নিৰ্জন কোঠাত। তাইক বুজিবলৈ, তাইক জানিবলৈ কোনো নাছিল তাইৰ কাষত।


ইতিমধ্যে অনুশ্ৰুতিও উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ 'ল। কিন্তু মাকে ঘোষণা কৰি দিলে যে তাই আৰু পঢ়িব নালাগে। দেউতাকৰ পঢ়াবলে ইচ্ছা থাকিলেও মাত মাতিব নোৱাৰে, কাৰণ মাত মাতিলেই পৰিস্থিতি ভয়াৱহ 'ব। চকুৰ পানীৰে বাট নেদেখা ' অনুশ্ৰুতি। তাই ইতিমধ্যে বুজি উঠিল যে তাইৰ শিক্ষা জীৱন ইয়াতেই সমাপ্তি ঘটিব। কিন্তু ঠিক সেই সময়তে ভগৱানৰ দৰে তাইৰ কাষত থিয় দিলে তাইৰ মোমায়েক। অনুশ্ৰুতিক পঢ়োৱাৰ সমস্ত দায়িত্ব লৈ মোমায়েকে তাইক লৈ গৈছিল আৰু চহৰৰ কলেজত নাম লগাই দিছিল। মোমায়েকৰ ঘৰত থাকিয়েই অনুশ্ৰুতিয়ে ভালদৰে বি.. পাছ কৰি ইউনিভাৰ্ছিটিত নাম লগালে। তেনে সময়তে অসম চৰকাৰে স্কুল সমূহত শিক্ষক নিযুক্তিৰ বাবে পতা 'টেট' পৰীক্ষাত তায়ো অৱতীৰ্ণ 'বলৈ মন কৰিলে। মোমায়েকেও বাধা নিদিলে। আৰু এদিন পৰীক্ষাত উত্তীৰ্ণ হৈ তাই শিক্ষক হিচাপে নিযুক্তি পালে চহৰৰ পৰা কেই কিলোমিটাৰমান আঁতৰৰ এখন স্কুলত। অনুশ্ৰুতিৰ মন আনন্দেৰে ভৰি পৰিল। মোমায়েক-মামীয়েকেও সুখ পালে। চাকৰি পোৱাৰ খবৰটো দিবলৈ তাই এদিন ঘৰলৈ 'ল। হাজাৰ 'লেও দেউতাকটো তাইৰ নিজৰ। মোমায়েকৰ ঘৰলৈ যোৱাৰ দিন ধৰি তাই নিজৰ ঘৰলৈ যোৱাই নাছিল। খবৰটো শুনি দেউতাকৰ চকু সেমেকি উঠিল। অৱশ্যে মাকৰ মুখত একো অভিব্যক্তি দেখা নাপালে অনুশ্ৰুতিয়ে।


প্ৰথম কেইমাহমান মামাকৰ ঘৰৰ পৰাই স্কুললৈ অহা-যোৱা কৰিলে অনুশ্ৰুতিয়ে। তাৰ পিছত নিজৰ সুবিধাৰ বাবে স্কুলৰ পৰা নাতি দূৰত এটা ৰূম ভাড়া কৰি 'লে। তথাপি মামাকৰ ঘৰলৈ সঘন অহা-যোৱা। ৰূমত খুব কমহে থকা হয়। এতিয়া আপোন ঘৰ বুলিবলৈ মামাকৰ ঘৰখনহে। এইখন ঘৰহে এতিয়া আপোন আপোন লগা ' অনুশ্ৰুতিৰ। 


কিমান সময় যে তন্ময়তাত ডুবি আছিল অনুশ্ৰুতিয়ে গমেই নাপালে। সময়টো চাইহে  দেখিলে ৰাতি দুই বাজিবৰ 'ল। ৰাতিপুৱা সোনকালে শুই উঠিব লাগিব। হয়তো কাইলৈ দিনটোৱে উন্মোচন কৰিব তাইৰ জীৱনৰ অন্য এক অধ্যায়। কেনেকুৱা ' পাৰে বাৰু তাইৰ সপোন পুৰুষজন? হাজাৰজনী ছোৱালীয়ে কল্পনা কৰাৰ দৰে তায়ো মনৰ মাজতে কল্পনা কৰিব বিচাৰিলে। নিজলৈকে কিবা লাজ লাগি ' তাইৰ। গাৰুটোত মূৰটো হেঁচি ধৰি চকুহাল জোৰেৰে মুদি দিলে অনুশ্ৰুতিয়ে। ফৰকাল আকাশখনে তেতিয়াও জোনাক ছটিয়াই আছিল অহৰ্নিশে তাইৰ চৌপাশে…… 



 অমৰ (অনুৰাগগগৈ

 ঠিকনা: চাৰিঙীয়া গাঁও
পো:: ফুলপানীছিগা
জিলা: শিৱসাগৰ (অসম)
পিন: ৭৮৫৬৮৩
মোবাইল নং: ৮৩৯৯০৬৪৩৩০

No comments:

Post a Comment