বেটুপাত

বেটুপাত

Tuesday, 16 October 2018

হ'লেও হওক অকবিতা ( নিৰুপজ্যোতি বৰুৱা )


কবিতা-অকবিতাৰ যুঁজ
আজিৰ নহয়
কবিতাৰ ওপজা দিন ধৰি
অকবিতাৰ পোকে
বহু কবিৰ মূৰত কামুৰিছিল
গ্ৰীচৰ পৰা ইউৰোপলৈ
ইউৰোপৰ পৰা ভাৰতলৈ
ক্ৰমাত্ বিয়পিছিল
অকবিতাৰ বীজ
কোনোবাই কৈছিল
অনুভৱৰ অনুৰণনেই কবিতা
কোনোবাই কৈছিল
অনুভৱ কাহানিও কবিতা নহয়
কোনোবাই কৈছিল
' নোৱাৰাবোৰ লিখিলেই কবিতা
কোনোবাই কৈছিল
আনৰ উপলব্ধি নিজে অনুধাৱন কৰিলেই কবিতা
অতবোৰ সংজ্ঞাৰে দিশহাৰা
মই নিঃকিন মানৱ
কবিতা-অকবিতাৰ যুঁজৰপৰা
বহু যোজন দূৰত মোৰ বসতি
কবিতা 'লেও হওক
অকবিতা 'লেও হওক
ভবাবোৰ ' পাৰিলেই
মই পাওঁ অনাবিল শান্তি
যি প্ৰশান্তিৰ নাম
অকবিতাও ' পাৰে




নিৰুপজ্যোতি বৰুৱা{নীৰৱ যোগী}

No comments:

Post a Comment