বেটুপাত

বেটুপাত

Tuesday, 16 October 2018

শৰতৰ অনুভৱ ( স্মৃতি প্ৰিয়া লাহন )


        শৰত মানেই যেন শ্যামল ধৰণ, জ্যোৎস্নাময়ী চন্দ্ৰাৱলী, সৌন্দৰ্যৰ মধুৰ মাধুৰী | শৰতৰ ৰিব ৰিব মলয়াৰ মধু লহৰত বংশীৰ বুকুত পঞ্চম সুৰৰ মূৰ্চনা তুলি আত্মবিভোৰ হয় বৰ্ণমালী | শেৱালী ফুলৰ মধুৰ সুবাসে দিয়ে আমাক শৰত অহাৰ বতৰা | নিশাৰ আন্ধাৰৰ সুযোগ লৈ ফুলা আমোলমোল গোন্ধেৰে সুবাসিত শেৱালী ফুলে ৰাতিপুৱা চোতালৰ দুবৰিডৰাৰ দলিচাত বুটা বাছে | শৰত কালৰ তৰা ভৰা আকাশৰ স্নিগ্ধ জোনাক নিশা শেৱালি ফুলৰ সুবাসে মন মতলীয়া কৰি তোলে সকলোৰে
ঋতুৰাণী শৰত আৰু শৰতৰ নৈসৰ্গিক শোভাত পৃথিৱীৰ ৰূপ শান্ত-স্নিগ্ধ। শেৱালিৰ গোন্ধই আগলি বতৰা দি যোৱা সময়ত বালীমাহী চৰাইজনীয়ে চোতালে চোতালে নাচি নাচি চিঠি বিলাই শৰতৰ। সেই চিঠিত আঁকি দিয়া শৰতৰ সৌন্দৰ্যই আমাৰ হিয়া নচুৱায়। নীলা আকাশৰ কপহুৱা ভাৱেৰে সেই সময়ত সোণত সুৱগা চৰায়। দূৰ সুদূৰৰ পৰা শৰালী হাঁহজাক উৰি যোৱা দেখিলে মনলৈ আহে হীৰেণ ভট্টাচাৰ্যৰ এফাঁকি কবিতা-
মোৰ ভিতৰৰ মানুহটো ধূলিৰ দৰে উৰে
স্বৰ্ণাভ প্ৰতিৱেশীৰ উদ্বেগৰ মাজেৰে।

    দৈত্য বিঘ্ন ৰোগ পাপ আৰু ভয় শক্ৰৰ পৰা যিজনাই জীৱন ৰক্ষা কৰে তেওৱে মা দুৰ্গা আৰু এই মা দুৰ্গাৰ আৰাধনা কৰা হয় এই শৰৎ কালতে ।। কাতি বিহুৰ দিনা তুলসী ভেটি বনাবৰ বাবে মাটি বিচাৰি দেউতাক বাৰে বাৰে আমনি দিয়া মুহূৰ্ত্বত মায়ে গালি পৰা দৃশ্যবোৰ মনলৈ আহিলে নষ্টালজিক হৈ পৰো
 ৰাতি ৰাতি শৰতৰ শেৱালিৰ গোন্ধ, ৰজনীগন্ধাৰ গোন্ধ যাওঁ বুলি যাবও নোখোজে। কেৱল বুকুৰ মাজে মাজে খলকনি তোলে।
শৰত কালতে আত্মা পৰমাত্মা মিলনৰ পূৰ্ণ সুযোগ আহে। শৰতৰ নিৰ্মল আকাশৰ জোনবাইৰ এমুখ হাঁহি আৰু প্ৰকৃতিৰ বুকুৰ শ্যামলী গহীন সাজে সদ্যস্নাতা নাৰীৰ দৰে পৃথিৱীৰ ৰূৰত ৰহণ সানে। শৰতৰ পূৰ্ণিমাত বাঁহী সুৰে হৃদয়ত খুন্দিয়াই আনন্দৰ অসুখ মেলে।

শৰত সদায় শৰতেই। এই আহে এই যায়। কেৱল মাত্ৰ দি যায় স্মৃতিৰ একো একোটা মূহুৰ্ত। এনেকৈয়ে শৰৎ আহে এন্ধাৰ নাশি পোহৰ সিছিবলৈ। হতাশা নাশি প্ৰেৰণা দিবলৈ। 


স্মৃতি প্ৰিয়া লাহন
যোৰহাট, টিয়ক
অসম মহিলা বিশ্ববিদ্যালয়

No comments:

Post a Comment