বেটুপাত

বেটুপাত

Tuesday, 16 October 2018

চেলেকা পোকৰ ভোক ( বিশ্বজিৎ ডি চেতিয়া )


        খণ্ড-

অফিচলৈ অহাৰ বাটতে গাঁৱৰে সমনীয়া গৌৰৱ আৰু নিৰুপক পালোঁ।দুয়োটা পথাৰৰ পৰা আহিছে।সিহঁতক দেখি খন্তেক 'লোঁ।কামৰ ব্যস্ততাৰ বাবে সিহঁতৰ লগত কথা এষাৰ পাতিবলৈকে সময় নাপাওঁ।বাটত কেতিয়াবা দেখিলে সামান্য হাঁহি এটাৰ বাদে একোকে নহয়।
"' পৰা আহিলি ' তহঁত দুটা?"
"পথাৰখন চাই আহিলোঁ।ডিউটিলৈ ওলাইছ?"
"' ডিউটিলৈকে।"
"তোৰে দিন দে,আমাৰ আৰু ৰাতি নুগুচাই 'ল।মাল পুৰা পিটিছ!"
"মাল পিটিছোঁ নে?কামৰ যিহে প্ৰেচাৰ,পইচা লোৱা মুখেৰে ওলাই গৈছে-যিহে কষ্ট .."
"' দে মাহেকত তোৰ তাকে ওলায়।আমাৰ আকৌ সেয়াও নেচেল নহয়।"-গৌৰৱে আক্ষেপেৰে 'লে।
"কেলে তহঁত দুটাই চাহপাতৰ কালেকচন নকৰ জানো আৰু সাঁচিমালৰ কাৰবাৰটো কি '?"
"ভাল কথা কৈছ তই,কি চাহপাতৰ কালেকচন কৰিবি,আজিকালি কালেক্টৰে কালেক্টৰ,ভূতৰ ওপৰত দানহ পৰাদি পৰেগৈ।আমি পাওঁগৈ মানে বেলেগে নিয়েই।গৃহস্থৰো কোনো ভৰসা নাই-কথাই উল্টা-পুল্টা।সাঁচিমালতো একে,ইমানেই বেপাৰী 'লযে কিজানি ইমান গছেই নাই!"-নিৰুপে দুখেৰে 'লে।
"তেনেকুৱাহে হৈছে নেকি?দিনটো ঘৰত নাথাকোঁ যে,গমেই নাপাওঁ।"
"এইবাৰ ধানো বেয়া বুজিছ,চেলেকা পোকে গোটেই পণ্ড কৰিলে।"
"দৰৱ -পাতি মৰা নাইনে?"
"কৈছহে নে;কিমান টকা উৰিল দৰৱৰ নামত,নাই পোকে কেৰেপেই নকৰে।"-গৌৰৱে মন মাৰি পেলালে।
"খেতি কৰাই বাদ দিম বুজিছ!"
"খাবি কি কৰি?"
"এহ কিবা এটা কৰিব লাগিব আৰু।এইসব চেলেকা পোকৰ তাণ্ডৱ কোনে সহে!"
"এই চেলেকা পোকৰ লুকাই লুকাই চেলেকাই কাম আৰু।নামেই চেলেকা,বোপা ককাৰ সজটো ' এৰিব পাৰিব।চেলেকিবলৈ পালে একোকে নালাগে।"
"বাৰু ৰহ- আমাৰ অফিচত ফৰ্থ গ্ৰেডৰ পষ্ট এটা আছে বুলি কোৱা শুনিছিলোঁ এদিন।সুধি চাম।কিন্তু দৰমহা এগাল নাপাৱ কিন্তু।"
" ' দে আমাৰনো ' ইমান পঢ়া-শুনাডাল আছে ভাল দৰমহাৰ কাম পাবলৈ।"
  আশ্বাস এটা দি দুয়োটাকে বিদায় দিলোঁ।অফিচত ফৰ্থ গ্ৰেডৰ পষ্ট এটা আছে।মানুহ ' দুটা-গৌৰৱকে দিয়াৰ কথা ভাবিলোঁ।নিৰুপৰ ঘৰুৱা অৱস্থা ভালেই।গৌৰৱৰহে সিমান ভাল নহয়।লাডেনক কথাটো জনাম বুলি ভাবিলোঁ।অৱশ্যে এই কামটোতকৈ গৌৰৱে কোৱা "চেলেকিবলৈ পালে চেলেকা পোকক একোৱেই নালাগে"-কথাষাৰ হে কাণত বেছিকৈ প্ৰতিধ্বনিত হৈ থাকিল।কিছুমান ছবি চাটকৰে চকুৰ আগত ভাঁহি উঠিল।
    ঘৃণাত নাক কোঁচ খাই 'ল।
   ************
  নিৰুপে আপত্তি নকৰিলে-গৌৰৱৰ ঘৰখনৰ কথা সি জানে;বুজি পায়।তথাপিও বেলেগত 'লেও তাক কাম এটা যোগাৰ কৰি দিম বুলি কথা দিলোঁ।মনটো ভাল লাগিল-গৌৰৱৰ মুখত হাঁহি ফুলাব পাৰি।আশীৰ্বাদ মোক নালাগে,মানুহৰ বাবে ভাল কিবা এটা কৰিব পাৰিলে নিজৰে ভাল লাগে।
    মনলৈ আকৌ জ্যোতিকাৰ কথাবোৰ উজাই আহিল।মোৰ জ্যোতিকা মোৰ দৰে একে।সমাজৰ বাবে কাম কৰি ভাল পায়। এন. জি.- হৈ তাই পিছপৰা মানুহবোৰৰ বাবে কাম কৰে।নিজৰ ঠাইটুকুৰাৰ পাৰিপাৰ্শ্বিক দিশৰ প্ৰতি তাইযে কিমান সচেতন।কিমানযে তাইৰ চিন্তা গাঁওখনক লৈ,গাঁৱৰ মানুহখিনিক লৈ।ময়ে ভাগ্যৱান যে মই জ্যোতিকাক মোৰ জীৱনত লাভ কৰিছোঁ।আমাৰ ঘৰখনো এদিন তাইৰ জ্যোতিত  উদ্ভাসী উঠিব।
   ৹৹৹৹৹৹৹৹৹৹৹৹৹৹৹
  গৌৰৱ কামত সোমোৱাৰ পৰা তাৰ উদ্যমত গোটেই অফিচে যেন জীপাল হৈ পৰিল।কোনো কামেই পৰি নথকা 'ল।জিয়াৰ বহু কামো সি কৰি দিয়ে।কম সময়তে সি সকলোৰে প্ৰিয়পাত্ৰ হৈ পৰিল।পিছে গৌৰৱৰ গুৰুত্ব বাঢ়ি যোৱাত জিয়া ৰুষ্ট 'ল।কিবা 'লেওচোন আবোল-তাবোল কথাবোৰহে কয়।পিছে কোনেও গুৰুত্ব নিদিয়ে।সকলোকে গৌৰৱকহে লাগে।"গৌৰৱ অমুক-গৌৰৱ তমুক"-গৌৰৱ নহ'লেই নহয়।
   পিছে সি কেইদিনমানৰ পৰা ষ্টাফৰ নৃপেনদাহঁতক কিছুমান কথা 'বলৈ লৈছে।কেতিয়াবা পাক লগাকৈ মোকো কয়।ভাবি নাপাওঁ-জিয়াৰ আবোৰ-তাবোল বকা স্বভাৱটো ইয়াৰ গাত লাগিল নেকি!কিন্তু ঠিক বুজিছোঁ যে গৌৰৱে কিবা ৰহস্যৰ গোন্ধ পাইছে-নহ'লে  সি যিটি নক'লেহেঁতেন।সি কোৱাতকৈ ৰহস্য উদঘাটনত বেছি গুৰুত্ব দিছে।সি এটাই কয়-" ইয়াত এটা গণ্ডগোলীয়া কাম হৈ আছে।"
   
সকলো অবাক হয়।              (ক্ৰমশঃ)


বিশ্বজিৎ ডি চেতিয়া

No comments:

Post a Comment