বেটুপাত

বেটুপাত

Tuesday, 16 October 2018

শৰতৰ আগমণ ( নিলাশ বৰা )


 টোপ টোপ নিয়ৰৰ দলিচা গছকি
শৰৎ আহে দুৱৰিত ঝংকাৰ তুলি

শুকুলা মেঘৰ আঁৰে আঁৰে
মধুৰ জোনাকেও যেন
   লুকা-ভাকু খেলে
ৰাশি ৰাশি তৰাই বুটাফুল
বাছে,

লুইতৰ পাৰৰ ধৱল কঁহুৱাই
বতাহত হালি-জালি নাচে;
শুভ্ৰ জোনৰ জোৎস্নাৰে
পৰাণত এমুঠি জোনাক সিঁচি
 শৰৎ আহে উন্মনা মনেৰে


শেৱালিৰ সুৱাস নাকত লাগিলে
উমান পাওঁ শৰৎ আহিছে;
মেঘমুক্ত আকাশৰ নীলিম আভাষে
আহিন মাহটিও উজ্জ্বলাই তুলে

সেউজীয়া ধাননিৰ বুকুত
নৃত্যৰ মুৰ্চ্ছনা উঠে
তাৰ সুৰে-সুৰে তালে-তালে;
কৃষকৰ হৃদয় কাণনত হেঙুলী আশাই
ৰহন সানি নীলাময়ী খেল খেলে

যি জনাই দৈত্য বিঘ্ন ৰাগ পাপ ভয়
শত্ৰুৰ পৰা জীৱন ৰক্ষা কৰে;
সেই মা দুৰ্গাৰো পূজা-অৰ্চনা হয়

শৰৎকালত এনেকৈয়ে শৰৎ আহে;
এন্ধাৰ নাশি পোহৰ সিঁচিবলৈ
হতাশা নাশি প্ৰেৰণা দিবলৈ

       
নিলাশ বৰা
গোলাঘাট

No comments:

Post a Comment