বেটুপাত

বেটুপাত

Tuesday, 16 October 2018

কথা আছিল ( বিশ্ববন্ধু দেৱান )


কথা আছিল
এই শৰৎ ব্যতিক্ৰমী হোৱাৰ
কথা আছিল এই শৰতত অনেক কবিতা ৰচাৰ
শৰৎ আৰু সপোনৰ তেওঁকলৈ
কিন্তু কঁহুৱা উপত্যকাৰ মাজত থাকিও
শেৱালিৰ আমোলমোল গোন্ধ
আৰু সেউজীয়াৰ মাজত থাকিও
এটিও কবিতা ৰচিব পৰা নাই
নৈৰ বুকুৰে বৈ যোৱা কুলু কুলু ধ্বনিত
এতিয়া ভগ্ন¸ ৰুগ্ন হৃদয়ৰ ক্ৰন্দনহে শুনিবলৈ পাওঁ
কেতিয়াও উদযাপন কৰি নোপোৱা মানুহজনে
সমগ্ৰ শৰৎ উদযাপন কৰাৰ কথা আছিল
কথা আছিল এই শৰতৰ পৰা প্ৰতিটি ঋতু
প্ৰতিটি দিন উদযাপন কৰাৰ
কিন্তু এতিয়া প্ৰতিমুহূৰ্তত বিলাপহে কৰিবলগীয়া
কথা আছিল এই শৰতত
মৰতলৈ সৰগ নামি অহাৰ
কিন্তু তাৰ ঠাইত নৰকহে নামি আহিল
জীৱনৰ ইতিহাসত লিপিৱদ্ধ হৈ থাকিব
এই শৰৎ¸ এই সময়
যাৰ নাম দিম মই
জীৱনৰ কৰুণ সময়¸ অধ্যায়
সপোনৰ অমূল্য সম্পদটি হেৰায়


বিশ্ববন্ধু দেৱান

No comments:

Post a Comment