বেটুপাত

বেটুপাত

Tuesday, 16 October 2018

কামাখ্যাৰ ইতিহাস বিচাৰি ( ধীৰেন শইকীয়া )


       আজিলৈ কামাখ্যা মন্দিৰৰ ইতিহাস পৰিকল্পিত ৰূপত 'তো পঢ়িব পোৱা নাই। কেৱল দেৱী ভাগৱত, কালিকাপুৰাণ,যোগিনী তন্ত্ৰৰ কাহিনীৰ আধাৰত দুই এটা কাহিনীকে কামাখ্যাৰ ইতিহাস বুলি বাতৰিকাকত-আলোচনী কিম্বা দুই এখন গ্ৰন্থত প্ৰকাশ হৈ আহিছে। আজি আমি এই প্ৰবন্ধত কামাখ্যাৰ সামান্য ইতিহাস অৱগত কৰিব'লৈ চেষ্টা কৰিম। কামাখ্যাৰ ইতিহাস খুঁচৰিলে  নৰকাসুৰৰ আগৰ কালছোৱাৰ সময়খিনি স্পষ্টভাৱে পোৱা নাযায়। নৰকৰ ৰাজত্বকাল অষ্টম শতিকা বুলি ধৰিলে ষষ্ঠ আৰু সপ্তম শতিকাৰ সময়ছোৱাতো এই ভূমিভাগৰ খিলঞ্জীয়া জনসাধাৰণে  কামাখ্যাৰ পূজা অৰ্চনা কৰিছিল বুলি ভাবিব পাৰি। নৰকে কেৱল এইসময়ৰ বহুলভাৱে পূজিত দেৱীগৰাকীৰ বাবে পীঠ স্থানখন নিৰ্মানহে কৰিছিল বুলিও ভাবিব পাৰি। বহুতে নৰকে নীল নামৰ পৰ্বতখনৰ কোনো এক ঐতিহাসিক গুহাৰ ভিতৰৰ পৰা যোনীপীঠখন আনি পৰ্বতৰ ওপৰত স্থাপন কৰিছিল বুলিও কব খোজে। নৰকৰ সময়ত যোনীপীঠখনৰ ওচৰে পাজৰে কেইঘৰমান কোচ,মেছ,বড়ো,খাছীয়া

আদি লোকৰ পৰিয়ালহে আছিল বুলি জনা যায়। গতিকে সেইদিশৰ পৰা চাবলৈ গলে যোনীপীঠখনত আদিতে তেওঁলোকেই পূজা অৰ্চনা কৰিছিল বুলি ভবাৰ অৱকাশ আছে। অষ্টিকসকলৰ ধাৰনাত আকৌ কামাখ্যাক শ্মশান সংশ্লিষ্ট দেৱী বুলিহে জনা যায়।

খাচীয়া সকলে ইয়াক 'কামেইখা'হে বোলে। আকৌ প্ৰচলিত এক কাহিনীমতে কেশী দৈত্যক বধ কৰাত দৈত্যৰ মৃত শৰীৰৰ ছাই তথা অৱশিষ্টখিনিৰে এখন প্ৰকাণ্ড পৰ্বতৰ সৃষ্টি হৈ নীলাচল পৰ্বত হৈছে বুলিছে। বানী কান্ত কাকতিয়ে কামাখ্যা অষ্টিক আৰু মংগোলীয় গোষ্ঠীৰ দেৱীপীঠ বুলিহে কব খোজে। সূৰ্য কুমাৰ ভূঞাই ইয়াক অনাৰ্য জাতিৰ পীঠ স্থান বুলিহে উল্লেখ কৰি গৈছে। পৰৱৰ্ত্তীকালত অনাৰ্য সংস্কৃতি আৰ্যীকৰণ হৈ কামাখ্যা আৰ্য সংস্কৃতিলৈ আহিল। চীনা পৰিব্ৰাজক হিউয়েনচাঙে 630-644খৃঃত ভাৰতলৈ আহোতে কামৰূপৰ ৰজা ভাস্কৰ বৰ্মনৰ আমন্ত্ৰণ মৰ্মে 643 খৃঃত কামৰূপলৈ আহোতে পীঠখনৰ কোনো কথা 'তো বৰ্ণনা নকৰালৈ চাই সেইসময়ত কামাখ্যা মন্দিৰ আছিল বুলিব নোৱাৰি বুলিছে বহুতে। পিছে কথাষাৰ মানি 'বলৈ টান লাগে।

বিশ্বসিংহৰ কামাখ্যা মন্দিৰৰ বিকাশসাধন


কোচ মহাৰাজ বিশ্বসিংহই (১৫১৫-১৫৪০) এবাৰ ভায়েক শিষ্যসিংহৰ লগত যুদ্ধাভিযানৰ পৰা ঘূৰি আহোতে দুয়ো ভাতৃ ৰাতি হঠাৎ নিজৰ সৈন্যদলৰ পৰা বিছিন্ন হৈ পৰে।তেওঁলোকে নিশাৰ ভাগত ঘুৰি ঘুৰি নীলাচল পাহাৰত উপস্থিত হৈ এগৰাকী বৃদ্ধই এডাল গছৰ তলত কিবা পূজা অৰ্চনা কৰি থকা দেখা পাই তেওঁৰ ওচৰলৈ গৈ নাতিদূৰৈত অৱস্থিত যোনীপীঠখনৰ কথা জানিৱ পাৰে।ৰজাই উক্ত পীঠত গৈ সেৱাঁ কৰি প্ৰতিজ্ঞা কৰিলে যে যদি ভায়েক আৰু সৈন্য সামন্তক তেওঁ লগ পাই তেন্তে কামাখ্যা মন্দিৰটো আৰু সুন্দৰকৈ নিৰ্মান কৰিব। কিন্তু কথামতেই কাম ' তিনিদিনৰ ভিতৰত  বিশ্বসিংহই ভাতৃ আৰু হেৰুৱা সৈন্যদলক বিচাৰি পালে। তেতিয়া তেওঁ প্ৰতিজ্ঞা কৰামতে কামাখ্যা মন্দিৰটোৰ আৰু অধিক বিকাশসাধন  কৰে। তেতিয়াৰ পৰা কামাখ্যাভক্ত হৈ পৰে বিশ্বসিংহ। বিশ্বসিংহ কামাখ্যালৈ অহাৰ সময় ছোৱা সঠিককৈ উলিয়াব লাগিলে 1540 খৃঃৰ আগৰ বুলিবই লাগিব। কাৰণ বিশ্বসিংহৰ মৃত্যুৰ সময় হৈছে  1540 খৃঃ।

18 গৰাকী ৰানী একেদিনাই বিয়াকৰোৱা এইগৰাকী কোঁচ ৰজা বিশ্বসিংহই পুত্ৰ মল্লদেৱ  আৰু শুক্লধবজক বাৰানশীলৈ ব্ৰহ্মানন্দ সৈন্যাসীৰ তাত  উচ্চশিক্ষাৰ বাবে পঠাইছিল। এই কথাখিনি আছে 'কোঁচ-কমতাৰ ইতিকথা' নামৰ দ্বীপেন্দ্ৰ নাৰায়ন কোঁৱৰৰ গ্ৰন্থখনৰ 61পৃষ্ঠাৰ পৰা 64 পৃষ্ঠালৈ।


নৰনাৰায়নে  কামাখ্যা মন্দিৰ পুনৰ নিৰ্মান কৰাৰ সময়কাল


বিশ্বসিংহৰ দিনৰে পৰা কামাখ্যাৰ ওপৰত কোঁচ ৰাজ পৰিয়ালৰ এটা  দুৰ্বলতা আছিলেই। 1540 খৃঃত নৰনাৰায়ন কোঁচ ৰাজ্যৰ ৰজা হয়। ইয়াৰ পিছত নানা দেশ জয় কৰি 1563 খৃঃত আহোম ৰাজ্য আক্ৰমন কৰি গড়গাঁও অধিকাৰ কৰিছিল। তাৰ পিছত এখন এখনকৈ কেইবাখনো ৰাজ্য যেনে ত্ৰিপুৰা ,কছাৰী,জয়ন্তীয়া আদি  ৰাজ্য জয় কৰি ৰাজ্য বিস্তাৰ কৰে।  তাৰ পিছত গৌড় দেশ আক্ৰমন কৰোঁতে নৰনাৰায়নৰ সেনাপতি তথা ভাতৃ চিলাৰায় গৌড়ত বন্দী হয়। এই সময়তে গৌড় দেশৰ সেনাপতি  কালাপাহাৰে হেলাৰঙে কামাখ্যা ধ্বংস কৰি থৈ যায়। এক বিশেষ পৰিস্থিতিত গৌড় দেশৰ পৰা মুক্ত হৈ চিলাৰায়ে  বিভিন্ন প্ৰজাহিতকৰ কাম কৰিব'লৈ লয়। নৰনাৰায়নৰ নিৰ্দেশত চিলাৰায়ে কালাপাহাৰে ভাঙি থৈ যোৱা কামাখ্যাৰ ভূমিভাগ উদ্ধাৰ  কৰি তাতে পুনৰ কামাখ্যা মন্দিৰ নিৰ্মাণৰ উদোগ লয়।  নৰনাৰায়নৰ ভাতৃ চিলাৰায় দেৱানে 'মেঘামুকদুম' নামৰ ৰাজ ভাস্কৰ্য শিল্পী এজনৰ হতুৱাই  সেইসময়ত মন্দিৰটো নিৰ্মান কৰিছিল বুলি জনা যায়। জনামতে প্ৰথমতে মহৎৰাম বৈশ্য নামৰ ৰাজ কৰ্মচাৰী এজনক মন্দিৰ নিৰ্মানৰ দায়িত্ব দিয়া হৈছিল যদিও পিছলৈ তেওঁৰ কেবাটাও নেতিবাচক কথা দেখি এই কাম  'মেঘামুকদুম' দিয়ে চিলাৰায়ে। কোচঁ ৰজাৰ পিছত আহোম স্বৰ্গদেউসকলেও এই পীঠ স্থানখনলৈ দান বৰঙনি আগবঢ়াই পৃষ্ঠপোষকতা কৰিছিল বুলি জনা যায়। মন্দিৰত আজিও গৌৰীনাথ সিংহ আৰু ৰাজেশ্বৰ সিংহৰ তামৰ ফলি আছে। ইয়াৰ পৰা থাৱৰ কৰিৱ পাৰি দুয়োগৰাকীয়ে মন্দিৰটোলৈ পৃষ্ঠপোষকতা আগবঢ়াইছিল। মন্দিৰৰ শিল্প ভাস্কৰ্য সমূহলৈ চালে এইবোৰ সপ্তম-অষ্টম শতিকাৰ বুলি কৈছে নৃতত্ববিদসকলে।  কিছুমান নৃতত্ববিদৰ মতে কামাখ্যা  মিথিলাৰ দেৱী। মিথিলাৰ পৰা অহা নৰকে তাৰ ধ্যান ধাৰনাৰে ইয়ালৈ কামাখ্যাক লৈ আহি পূজা কৰিছিল। কামাখ্যাক মিথিলাৰ পৰা নৰকে অনা কথাটো বহুতো পণ্ডিতে মানি লব নোখোজে। তেওঁলোকে কয় : কামাখ্যা স্থানীয় অনাৰ্য সকলৰেই দেৱী। বড়ো,কছাৰী,খাচীয়া আদি জাতিৰ ইতিহাসত এনে দেৱীৰ কথা পোৱা যায়। 'দৰং ৰাজবংশাৱলী' কোৱা হৈছে যে কামাখ্যা দেৱীয়ে হেনো কেন্দুকলাই নামৰ পুৰোহিত এজনৰ ভক্তিত তুষ্ট হৈ কেতিয়াবা কেতিয়াবা দোভাগ নিশা উলংগ হৈ নৃত্য কৰিছিল মন্দিৰৰ চৌহদৰ ভিতৰত। এবাৰ তেনে নৃত্য কৌশল কৰি চাবলৈ মহাৰাজ নৰনাৰায়নে অভিসন্ধি কৰিছিল,পুৰোহিত কেন্দুকলায়ে ৰজাক সেই দুৰ্লভ দৃশ্য দেখুৱাৰ গুৰি ধৰিছিল হেনো নৃত্যৰতা দেৱীৰ হঠাৎ চকু ৰজাৰ ওপৰত পৰিছিল আৰু দেৱীয়ে খঙতে কেন্দুকলাই নামৰ পুৰোহিতজনক প্ৰচণ্ড চৰ সোধাই আৰু ৰজাক অভিশাপ দিছিল : "তোমাৰ বংশৰ কোনেও মোক কেতিয়াও দৰ্শণ কৰিব নোৱাৰিব। ইয়াৰ অন্যথাই মূৰ চিগি মাটিত পৰিব দেৱীৰ চৰত কেন্দুকলাইৰ মূৰটো চিঙি গৈ ওডালগুৰি জিলাৰ কলাইগাঁৱৰ ওচৰত পৰেগৈ হেনো। পিছত সেই ঠাইত এখন দেৱালয় স্থাপন কৰা হয়। বৰ্তমান এই ঠাইত 'মূৰাদেৱৰ দেৱালয়' নামৰ এখন জাগ্ৰত দেৱালয় গঢ়ি উঠিছে।

কামাখ্যা মন্দিৰৰ কেইবাটাও কথাত বৌদ্ধ সংস্কৃতিৰ প্ৰভাৱ পৰা বুলিও কয় বহুতে। বিশেষকৈ মন্দিৰৰ পূখুৰীটোত বৰকাছ সংৰক্ষণৰ কথাটোৱে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰলৈও মনত পেলাই দিয়ে। এই মন্দিৰৰ পূখুৰীটোতো বৰকাছ সংৰক্ষণৰ ব্যৱস্থা আছে।  ভবিষ্যতে গবেষনা হব লাগে এইবোৰ বিষয়ক লৈ।




ধীৰেন শইকীয়া
চন্দনপুৰ
গুৱাহাটী

No comments:

Post a Comment