বেটুপাত

বেটুপাত

Tuesday, 16 October 2018

মানৱতাঃ ( গীতালি চৌধুৰী )


      এক সপ্তাহ ' পুতুকনৰ জ্বৰ কমাই নাই ৷এবেলা যদি শৰীৰৰ উত্তাপ বেছি হয় এবেলা অলপ কমে ৷বিছনাতেই আছে সিভালকৈ খাব ' পৰা নাই ৷মালতী আৰু গিৰিধৰে বনদৰৱ,কবিৰাজ,গাওঁৰ ফাৰ্মাচীৰ ঔষধ আদি সকলো খুৱাইছে, কোনোটোৱেই কাম দিয়া নাই ৷উপায়বিহীন হৈ পৰিছে দুয়োজনে৷কোনোমতে পেটে ভাতে খাই থকা সিহত হালে কেনেকৈনো চহৰৰ ডক্তৰৰ তালৈ একমাত্ৰ পুতেকক নিয়ে? এইফালে পুতেকৰ অৱস্থাটোও চাই থাকিবও নোৱাৰে

          বাৰ বছৰীয়া পুতুকন গিৰিধৰ আৰু মালতীৰ সপোন,ভৱিষ্যত সকলো৷তাকলৈয়ে সিহতৰ জীৱন ৷কোনো দুখ কষ্টই যাতে পুতুকনক জীৱনৰ বাটতত আগুৱাই যোৱাত বাধা ' নোৱাৰে তাৰ বাবে সিহত হালে দৃঢ়প্ৰতিজ্ঞ ৷দিন ৰাতি একাকাৰ কৰি শৰীৰৰ ঘাম মাটিত পেলায় 'লেওঁ পৰ্যাপ্ত সকলো সুবিধা পুতেকক দিবলৈ চেষ্টা কৰি আহিছে সিহত হালে ৷অন্ততঃ নিজে পোৱা দুখ কষ্টবোৰ যাতে পুতেকে অনুভৱ কৰিব নোৱাৰে তাৰ বাবেই এই শ্ৰম

     দহ বছৰতেই বানপানীত ঘাট মাউৰা হোৱা গিৰিধৰে তেতিয়াৰ পৰাই লোকৰ ঘৰে ঘৰে কাম কৰি জীৱন জটিলতাৰ সংগ্ৰামক খুব ওচৰৰ পৰাই বুজি পাইছিল৷সেয়ে মাহীমাকৰ অত্যাচাৰত ডাঙৰ হোৱা  মালতীক এদিন নিজৰ কৰি লৈ সুখ দুখৰ সমভাগী কৰিছিল ৷সম্পত্তি বুলিবলৈ গিৰিধৰৰ কেৱল নিজৰ থকা ভেটিটো আৰু সৰু জুপুৰীটো গিৰিধৰৰ অকৃত্ৰিম মৰমত মালতীয়ে নিজৰ লখিমী হাতেৰে পোহৰাই তুলিছিল গিৰিধৰৰ জুপুৰীটো ৷আৰু এদিন সিহতৰ অকৃত্ৰিম মৰমৰ সাক্ষী হৈ আহিছিল পুতুকন ৷সাংসাৰিক সুখে আত্মহাৰা কৰি তুলিছিল গিৰিধৰক ৷সিদিনাই শপত খাইছিল সি তেজক পানী কৰি 'লেও 'ৰাটোক সি পঢ়ায় শুনায় মানুহ কৰিবই ৷সেয়ে আজিলৈকে কোনো কৰ্মত লাজ নকৰি সি উপাৰ্জন কৰি আহিছে ৷গাওঁখনত সিহত হালৰ অবিহনে কাৰো ঘৰত কোনো পৰ্বই নহয় ৷পাৰিশ্ৰামিক যিখিনি পায় সেইখিনিৰেই পাৰ হয় সিহতৰ সাধাৰণ জীৱন ৷তাৰোপৰি মালতী তাঁত বয়,ছাগলী,হাহ,পাৰআদি পোহপাল দিওঁ দুই পইচা আৰ্জে

সৰুৰেই পৰাই মাক দেউতাকৰ কষ্ট চচক্ষে দেখি পুতুকনেও যেন বয়সতকৈ বহু আগতেই বুজি পালে জীৱনৰ জটিলতাক ৷সেয়ে কোনো অজোৰ আপত্তি নকৰাকৈয়ে সি মাক দেউতাকৰ লগত এটা সহজ সৰল গতানুগতিক জীৱন অতিবাহিত কৰি আহিছে ৷কিন্তু হঠাতে কিয় জানো এই জ্বৰটোৱে লগ দিলে তাকনানানটা চিন্তা ভাৱনাত ডুব গৈ থকাৰ
সময়তেই পুতুকনৰ স্কুলৰ প্ৰতাপ মাষ্টৰ আহি ওলাল ৷কোনোদিন স্কুল খটি নকৰা পুতুকনৰ খবৰ 'বলৈ ৷তেখেতৰ দিহা মতেই গিৰিধৰ আৰু মালতীয়ে পুতুকনক ওচৰৰ গাওঁৰ জানপাৰ উপস্বাস্থ্য কেন্দ্ৰটোলৈ গাওঁৰ হৰেণ বেপাৰীৰ ঠেলাখনত লৈ যায় ৷প্ৰখৰ 'দত পুতেকক এনেদৰে আনিব লগা হোৱাত গিৰিধৰৰ নিজৰ ওপৰতেই ধিক্কাৰ ' ৷মালতীয়েও লুকায় লুকায় চাদৰৰ আঁচলেৰে চকু পানী মচি মচি পিছে পিছে গৈ থাকিল ৷পিচে সকলো অসাৰ ', দুখীয়াৰ দুখ দুৰ্দশাৰ অন্ত নাই তাত হেনো ডক্তৰজন অহা নাই ৷আন যি দুজন কৰ্মচাৰী আছে সিহতৰো কথা 'বলৈকেই যেন সময় নাই গিৰিধৰৰ ধৈৰ্য সহ্য হেৰায় খঙে চুলিৰ আগ পালেগৈ ৷মালতীয়ে পুতেকৰ মুখলৈ চায় খং নকৰিবলৈ অনুৰোধ জনালে সিহতৰ মতে মাত্ৰ এটাই কথা পুতুকনৰ বাবে ইয়াত চিকিৎসা নাই,চহৰৰ মেডিকেললৈ নিব লাগিব ৷তাৰ পিছত কোনো ভ্ৰূক্ষেপেই নাই গিৰিধৰহতৰ প্ৰতি ৷অহা বাটেৰেই ঘূৰি আহিব লগা ' সিহত ৷বাটছোৱাত গিৰিধৰে মাত্ৰ এষাৰ কথাই 'লে  - এয়াই নেকি উন্নতি সমাজৰ,সকলোৱে কয় উন্নতি হৈছে উন্নতি হৈছে কিন্তু '? দুখীয়াৰ দুখ কোনেওঁ নুবুজে ',,,,,,,,নহ'লেনো ভেটি দিব নোৱাৰাৰ বাবে সেইবাৰ চৰকাৰী ঘৰটো নাপাওঁ নে? " ঘৰ পাই পুতুকনৰ অৱস্থা আৰু বেয়া ' দুয়োজনে আলোচনা কৰিলে যে অহাকালি যিকোনো প্ৰকাৰে পুতুকনক চহৰৰ মেডিকেললৈ নিবই লাগিব৷গিৰিধৰে গাওঁলৈ ওলাই ', দুপইচা যোগাৰ কৰিবলৈ ৷মালতীয়ে পাকঘৰৰ বাঁহৰ খুটাটোত সাঁচি থোৱা খুচুৰা পইচাখিনি উলিয়াই হিচাপ কৰিলেতিনিশ পচিশ টকা৷ সৰু পঠা ছাগলীটো,পাৰৰ পোৱালী দুযোৰ আৰু মতা হাহ দুটা মিলি প্ৰায় এক হাজাৰ টকা ৷ইমান দূৰ বাট, গাড়ী এখনটো নিবই লাগিব ৷গতিকে এইখিনি পইচাৰে কোনোমতে গাড়ীখনৰ ভাড়াটো ' লাগে আৰু বাকী খিনি,,,,,,,,,৷তাই গিৰিধৰ অহালৈ আশাৰে বাট চাই থাকিল

          গাওঁৰ প্ৰত্যেকঘৰ মানুহৰ ঘৰতেই সোমাল গিৰিধৰে গাওঁবুঢ়া,মাষ্টৰ,মণ্ডল, ঠিকাদাৰ কাৰ ঘৰত কাম কৰা নাই সি ৷বিনিময়ত যি দিয়ে কোনো দিনেই আপত্তি কৰা নাই সি আজি সেই প্ৰতি ঘৰতেই চকু পানী টুকি টুকি সি পুতেকৰ চিকিৎসাৰ বাবে ভিক্ষা মাগিছেলাগিলে সি গোটেই জীৱন তেওঁলোকৰ লগুৱা হৈ থাকিব, ,কিন্তু, ,,,,,,,সকলোৰে আজি বৰ অভাৱ,পইচা নাই, ,নানান অজুহাত,,নানান সমস্যা, ,,,,৷কোনোবায় দহ,কোনোবায় বিশ,কোনোবায় পঞ্চাশ কোনোবায় এশ টকা এটা দিলে ৷তাতকৈ অধিক দিবলৈকে হেনো তেওঁলোকৰ আজি টকাৰ বৰ অনাটন সন্ধিয়া ঘৰলৈ আহি সি মালতীৰ হাতত টকাখিনি গুজি দি 'লে --- "দুখীয়াৰ লগৰী নাই ' " মালতীয়ে কান্দি কান্দি পইচাখিনি গননা কৰিলে পোন্ধৰ ত্ৰিশ টকা


     পুৱতি নিশাৰ নিস্তব্ধতা ভাঙি গোটেই গাওঁখনতেই ভাঁহি আহিল মালতীৰ বুকু ভঙা বিননি ৷চিকিৎসাৰ অভাৱত তিল তিল কৈ মৃত্যুক সাৱটি একমাত্ৰ সন্তান পুতুকনে এৰি থৈ ' মাক বাপেক হালক ৷লাহে লাহে চোতালত গাওঁৰ প্ৰায় মানুহেই গোট খালে তিৰোতাবোৰে মালতীক সান্ত্বনা দিবলৈ ধৰিলে ৷মালতীয়ে পুতেকৰ নিথৰ দেহটো বুকুত সুমুৱায় চিঞৰি চিঞৰি কান্দি থাকিল গিৰিধৰে নিশ্চুপ হৈ বাৰাণ্ডাৰ খুটাটোত আউজি বহি আছিল বেলিটো ভালদৰে ওলোৱাৰ পিছত গাওঁবুঢ়ায় 'লে-  " যি ' 'লেইটো, ,,,,এতিয়া মৃতদেহটো নিয়াৰ ব্যৱস্থা কৰিব লাগে,বৰনৈৰ ঘাটতে জ্বলাব লাগিব " গাওঁবুঢ়াৰ কথাষাৰ শেষ নৌহতেই যোগেন মাষ্টৰে মাত লগালে ---" নহয় নহয়, শটো পুতিবহে লাগিব৷" বিষয়টো লৈ আলোচনা কৰি শেষত সিদ্ধান্ত এটা ' যে বাৰ বছৰীয়া পুতুকনৰ নিথৰ দেহটো বৰনৈৰ ঘাটত পুতি ' ৷মালতীয়ে মাত্ৰ চিঞৰি চিঞৰি কান্দি কান্দি কৈ '----" তাক নজ্বলাবি ', ,,,,,সি জুইলৈ বৰ ভয় কৰে৷তাক পুতি নথ'বি ', ,,    এন্ধাৰত সি বৰ ভয় খায়,,,,,,,অকলে অকলে নৈৰ ঘাটত সি কেনেকৈ থাকিব ',,,,  তাক নিনিবি ',,,,,,,,,,,,

         দুদিন পিছত এদিন সন্ধিয়াপৰত গাওঁবুঢ়া প্ৰমুখ্যে দুজনমান গিৰিধৰৰ ঘৰলৈ আহি 'লে যে পুতুকনৰ আত্মাৰ শান্তিৰ বাবে এদিন অলপমান নাম প্ৰসঙ্গ কৰি ভকতসকলক এটা ভোজ দিব লাগে গিৰিধৰে প্ৰশ্নবোধক চাওঁনিৰে মানুহকেইজনলৈ চাই থকা দেখি বীৰেণ মণ্ডলে 'লে--- "টকাৰ কাৰণে চিন্তা নকৰিবি,,,,মই দিম তোক " এক নুবুজা সাঁথৰৰ উত্তৰ বিচাৰি গিৰিধৰে চুপচাপ বহি থাকিল ৷কিছু সময় কথা বতৰা পাতি বীৰেণ মণ্ডলৰ বাদে আন মানুহ কেইজন এজন এজন কৈ ঘৰলৈ ' লাহেকৈ বীৰেণ মণ্ডলে মাত দিলে----- " গিৰিধৰতোৰ ভেটিটোৰ কাষৰ এই মাটিখিনি মোক দে,বিনিময়ত তোক বিশ হাজাৰ টকা দিম৷উচপ খাই উঠিল গিৰিধৰ,,,,,,,আৰু মাটিডৰালৈ চালে---- মাজে মাজে ঠাইখিনিত দুই এপদ বতৰৰ পাচলি ৰুই দুই এসাজ তৃপ্তিৰে তিনিও লগ হৈ খাইছিল, আৰু কেতিয়াবা ঠাইখিনি উদং হৈ থাকিলে পুতুকনে খেলিছিল ৷গিৰিধৰ চিন্তাৰ সাগৰত বুৰ যোৱা দেখি বীৰেণ মণ্ডলে " মই এতিয়া আহো দে,তই চিন্তা কৰি মোক জনাবি" বুলি কৈ যাবলৈ ওলাওতেই গিৰিধৰে মাত লগালে -- " বীৰেণ ককাইদেউ, মই যদি কওঁ তই মোৰ গোটেই ভেটিটোকে ' আৰু মোক পঞ্চাশ হাজাৰ টকা দে তেতিয়া?
 " তেতিয়া তই ' থাকিবি? " আচৰিত হৈ বীৰেণ মণ্ডলে প্ৰশ্ন কৰিলে তাক  
" আমাৰনো কি আৰু, এতিয়া দুজনহে,,,,,কটাম আৰু ৰাতিটো কৰবাত,দিনতোটো কামেই কৰিম কাৰোবাৰ ঘৰত,,,,,,,," গিৰিধৰে স্পষ্ট মাতেৰে কথাখিনি 'লে
"' বাৰু দিম" বুলি বীৰেণ মণ্ডলে কোৱাৰ লগে লগে গিৰিধৰে 'লে -- তই এতিয়াই টকাখিনি দিব পাৰিবি নে? মানে মই কাইলৈ বা পৰহিলৈয়ে এই নিয়ম নীতি ভোজ এইবোৰ কৰিলোহেতেন, ,,,,দেৰি নো কিয় কৰি থাকো,,,,তাকটো হেৰুৱালো ,,,,"  
"এতিয়াই,,, ,? " 
" হয় এতিয়াই "  
" হওতে লগত কিছু টকা নথকা নহয়,,,বাকীখিনি কাৰোবাৰ পৰা যোগাৰ কৰি দিব লাগিব,,,অলপ সময় লাগিব " বীৰেণ মণ্ডলে চিন্তাক্লিষ্ট হৈ কথাখিনি 'লে " ' আপুনি দেৰি কৈ আহি দি 'লেও ',,,,মই ৰৈ থাকিম " আগ্ৰহেৰে 'লে গিৰিধৰে

         প্ৰায় দুঘন্টামান পিছত আহি বীৰেণ মণ্ডলে পঞ্চাশ হাজাৰ টকা গিৰিধৰৰ হাতত দিলে আৰু বিনিময়ত গিৰিধৰে মাটিৰ কাগজখিনি তেওঁৰ নামত দি দিলে ৷বীৰেণ মণ্ডল যোৱাৰ পিছত পুত্ৰশোকত লেবেজান হৈ পৰি থকা মালতীক উদ্দেশ্যে গিৰিধৰে 'লে --- " হেৰৌ, দেখিছা, এয়াই মানৱতা৷ দুদিন আগত এই মানুহখিনিৰ সন্মুখত পুত্ৰৰ প্ৰাণৰ ভিক্ষা খুজিবলৈ যাওঁতে কিমান যে সমস্যা তেওঁলোকৰ, ,,,,আৰু আজি চা, ,,,,,,,ইহত আচলতে সুবিধাবাদী,দুখীয়াৰ তেজ শুহি শুহি খোৱা মুখাধাৰী ধনী মানুহ, ,,,আমাৰ শাৰীৰিক শ্ৰমখিনি ইমানদিনে ব্যৱহাৰ কৰিলে আৰু বিনিময়ত সহায় বিচাৰোতে সিহত আমাতকৈও দৰিদ্ৰ হৈ পৰিছিল, ,,,,,এই মানৱতাহীন সমাজত তোৰ মোৰ দৰে দুখীয়াৰ স্থান নাই ' মালতী,,,,,,,,কথাখিনি কৈ গিৰিধৰে ইমান দিনে বাধা দি ৰখা কান্দোনটো পাৰ ভাঙি উলিয়াই দিলে সশব্দে

      পিছদিনা ৰাতিপুৱাই গাওঁখনত খবৰটো বিয়পি পৰিল যে গিৰিধৰ আৰু মালতী ঘৰত নাই,,গাওঁ এৰি কৰবালৈ গুচি ' ৷ক'লৈ ' কোনেওঁ নাজানে ৷মাত্ৰ জানিব পাৰিলে যে ঘৰ আৰু ভেটি বীৰেণ মণ্ডলৰ হাতত বিক্ৰী কৰি থৈ গৈছে কম মূল্যতে অৱশ্যে এই কথাটো বহুদিনলৈ তথাকথিত ধনী শ্ৰেণীৰ কেই ঘৰমানত প্ৰতিধ্বনিত হৈ থাকিল যে --" 'মেই নাপালো নহয় কথাটো, নহ'লে বীৰেণ মণ্ডলতকৈ দুহেজাৰ টকা বেছিকৈ দি মাটিখিনি আমিয়েই ৰাখিব পাৰিলোহেতেন ',,,,,,মাটিখিনি ভাল আছিল




গীতালি চৌধুৰী
 পাঠশালা

No comments:

Post a Comment