বেটুপাত

বেটুপাত

Tuesday, 16 October 2018

অবাঞ্চিত ( জ্যোতিকা ৰাজখোৱা বৰা )


মই যিদিনা আইৰ গৰ্ভত থিতাপি লৈছিলো
কিবা এক অজান আশংকাত
বুকু দুৰু দুৰু কপিছিল 
মোৰ আইৰ ,

ষড়যন্ত্র চলিছিল
এটি নিষ্পাপ প্ৰাণৰ
আগমনত বাধা ঘটোৱাৰ,
মোহাৰি পেলাব খুজিছিল
এটি কলি,

কিন্তু ,
ঈশ্বৰ সুপ্ৰসন্ন থাকিলে
পাৰে জানো কোনো মনুষ্যই 
অনিষ্ট কৰিব ঈশ্বৰ সন্তানক ?
সেয়েহে মই আজিও অক্ষত |

মই যিদিনা ভূমিষ্ঠ হৈছিলো 
আইৰ ঘৰত,
চৌদিশে ৰো-ৰোৱাই উঠিছিল 
এটি বাক্যই,
'ছোৱালী এজনী ' '
চিৰপৰিচিত এটি উপেক্ষিত বাক্য ,
মই 'লো আই বোপাইৰ 
অবাঞ্চিত সন্তান ,
সেয়েহে জন্মৰেপৰাই মই
অৱহেলিত,অনাদৃত |

মোৰ জন্মত হয়তো 
আইৰ বক্ষইদি অমৃত বৈছিল
কিন্তু সেই অমৃতত নাছিল 
আইৰ আন্তৰিকতা |
নাপালো কোনোদিন 
আইৰ উমাল নিৰাপত্তা ,
মৰমৰ সাহচৰ্য্য,
সেয়ে কিজানি 
মোৰ বাবেও হৈ পৰিল
আই উপেক্ষিতা |
কোনোদিন নুশুনিলো 
আইৰ মুখেদি
সেই চিৰকাংক্ষিত বাক্যটি 
"মাজনী,তোৰ কাষত মই সদায় আছো |"


জ্যোতিকা ৰাজখোৱা বৰা
সহশিক্ষয়িত্রী
নাহৰণি কৈৱৰ্ত্ত প্ৰাথমিক বিদ্যালয় 

No comments:

Post a Comment