বেটুপাত

বেটুপাত

Tuesday, 16 October 2018

হেৰুৱাবলৈ আৰু কি বাকী? ( জানমণি নাথ )


     এয়াই নহয় বহুবাৰ এনে কিছু সৰু সৰু কথাত ভাগি পৰা দেখিছোঁ তাইক|কিবা এক উদাসী দৃষ্টিৰে বৰষুণৰ সৌন্দৰ্য্য বিচাৰি হাহাকাৰ কৰা দেখিছোঁ তাইক আৰু ক্ৰমশঃ বৰষুণৰ বুকুত বিয়পি কথা কোৱা শুনিছো তাইক,কবিতা মাতি থকা দেখিছোঁ--হেৰুৱাই হেৰুৱাই যেন শেষ তাইৰ সকলোবোৰ তেনে যেন লাগে তাইক অথচ বুজি নাপাওঁ কিহৰ শূন্যতাত ইমান উদাস তাই|--প্ৰীতমে কৈ আছে আৰু মই একান্তমনে তাৰ কথা শুনি খিৰিকিৰে বাহিৰলৈ এৰি দিছো বতাহৰ দৰে কথাবোৰ|
__বৰষুণৰ দিন এটাত দীঘলীয়া বাৰ্তালাপ হৈছিল মোৰ শৈশৱৰ বন্ধু আছিল প্ৰীতম ,খুউব ভাল বন্ধু সি ,নিবি,মই সি আমাৰ কত কিমান যে কাহিনী,অৱশ্যে ডাঙৰ হোৱাৰ পৰা   মোতকৈ সি নিবিৰ লগত অলপ বেছিয়ে ভাল ,তাইক বেছিকৈ  জানে,মোতকৈ বেছি কাষত থাকে সি নিবিৰ,যদিওঁ তাইৰ বিয়াৰ পাছত  সম্পৰ্কবোৰ কমাই আনিছিল এতিয়া দুয়ো আকৌ আগৰ দৰে হৈছে যেন অনুভৱ হয় কিন্তু নাই সি কোৱা কথাবোৰ তাৰ বিপৰীত ,সিহঁতৰ মাজত যেন দেৱাল এখনহে গঢ়  লৈছে__
বাহিৰত   বৰষুণ ,আমাৰ আড্ডাৰ বিষয়ত থকা নিবিৰ প্ৰিয় বৰষুণ__নিবিয়ে আগৰ পৰাই বৰষুণৰ  বুলিলে পগলা হৈ গৈছিল,বৰষুণক লৈ কিমান যে কবিতা লিখিছে তাই ,হয়তো নিজেই নাজানে!মহাবিদ্যালয়ৰ আলোচনী ভৰি আছে তাইৰ বৰষুণে,শব্দৰে ভৰাই ৰখা বৰষুণজাকে|সেই নিবিয়ে আজিকালি কলম লবলৈ পাহৰি গৈছে নিজৰ মাজত একাত্ম হৈ বহি থাকে,অফিচ যায়, ঘৰ আহে-কৰিবলগা কামবোৰ কৰি আকৌ একেদৰেই হেৰাই যায় নিজৰ মাজত|-মোৰ দৃষ্টিৰে অন্য এজনী নিবিক উপস্থাপন হোৱা দেখিছোঁ|

__'এই দিগন্ত'_প্ৰীতমৰ হেচুকনিত চিন্তাৰ জগতখনৰ পৰা তপকৈ সৰি পৰিছোঁ বাস্তৱত|
  এইবাৰ প্ৰীতমেই আৰম্ভ কৰিলে
'নিবিৰ এনে হৈছে যি কথা মোৰ পৰা লুকুৱাব লগা হৈছে|'
'তুমিয়ে নাজানা মই কেনেকৈ জানিম প্ৰীতম?'-মই প্ৰীতমক প্ৰশ্ন কৰিলোঁ,মই দেখিছিলো সি কিছু সময় ভাবুক হৈ পৰিছে |
'নিবিয়ে মোক ভালকৈ মাত বোল কৰা নাই বহুদিন ' ফোন কৰিলে ফোন ৰিচিভ নকৰে এনে কি কথা আছে দিগন্ত যি কথা তাই মোৰ পৰা লুকুৱাব লগা হৈছে'--প্ৰীতমে 'লে মই কোনো কথাৰ অৱতাৰণা নকৰিলোঁ কথা কোৱাৰ ধৈৰ্য মোৰ অলপো নাই মই মনে মনে থকাতো উত্তম বুলি ভাৱিলো,প্ৰীতমৰ তেতিয়ালৈ নিচা হৈছিল ,আমি আমাৰ ব্যস্ততাৰ বাবে  লগ নহওঁ,লগ কৰিবলৈ সময়ৰ অভাৱ প্ৰীতম অফিচো মোৰ অফিচৰ পৰা দূৰৈত,কিন্তু যিদিনাই লগ হৈছিলো দিনতে নিচা কৰোঁ আমি,বিনা কাৰণত পাৰ্টি কৰোঁ আমি |নিবি প্ৰীতম মই তিনিওঁ শৈশৱৰ পৰাই একে লগেই স্নাতকোত্তৰলৈকে পঢ়িছোঁ নিবিয়ে  তাইৰ স্বামীৰ ব্যাৱসায় চম্ভালে আমি দুয়োৰে নিজা ব্যৱসায় আছে|
__ নিবি যাৰ সতে বিবাহ হৈছিল সি আছিল স্নাতকোত্তৰত লগ পোৱা আমাৰ বন্ধু বিপুল,বিপুলে নিবিক প্ৰেমৰ প্ৰস্তাৱ দিছিল যদিওঁ তাই ঘৰৰ মানুহক কথাটো কৈছিল-নিবি তেনেই আৱেগিক ছোৱালী,ঘৰখনৰ অনুমতি অবিহনে কোনো কামে নিজ ইচ্ছামতে কৰা নাছিল,ঘৰখনৰ সন্মতিতে বিয়াখন হৈ গৈছিল |দুয়ো বেছ সুখী আছিল এদিন হঠাত বিপুলৰ আত্মহত্যাৰ বাতৰিয়ে আমাক হতবাক কৰি তুলিছিল ,ইম্মান খোলা -ফুৰ্তিবাজ 'ৰাটোৱে আত্মহত্যা বিশ্বাস হোৱা নাছিল,নিবি ভাগি পৰিছিল   মই গৈছিলো নিবিৰ কাষলৈ তাইৰ চকুপানীবোৰ মোৰ বাবে শিল একোটা হৈ বুকুত বিন্ধিছিল--
'কিয় এনে কৰিলে বিপুলে মোৰ সতে?কিয় দিগন্ত?'-উফঃ তাইৰ সতে এনে কিবা এটা হোৱাৰ কল্পনাও কৰিব নোৱাৰি,মই প্ৰশ্ন কৰিলোঁ '
তোমালোকৰ মাজত কিবা ভুল-বুজাবুজি হৈছিল নেকি নিবি?'-তাইৰ উত্তৰ আছিল 'আমিয়ে হয়তো আটাইতকৈ সুখী পতি-পত্নী আছিলোঁ দিগন্ত,বিপুলে মোক টুপ এটাও পৰিব নিদিছিল '-কথাবোৰ শুনি চকুপানী ওলাই অহাৰ উপশম হৈছিল কোনো মতে বাধা দি তাইৰ কাষৰ পৰা ওলাই আহিছিলো |
প্ৰীতম যোৱা নাছিল নিবিৰ ওচৰলৈ মই জানো প্ৰীতমে কষ্ট পাইছে ঘটনাটোৰ কথা জানি|আৰু বিপুল সি কাপুৰুষ নেকি?কিয় এনে কৰিলে সি!সুখৰ সংসাৰখনৰ পৰা জুই একুৰা হৈ পলালে কিয় সি,বিপুলৰ মৃত্যুৰ পাছতে নিবিৰ দেউতাকৰ ষ্ট্ৰক হৈ মৃত্যু ',নিবিয়ে কিন্তু নাকান্দিলে মাকে এৰি যোৱা পাছত দেউতাকে তাইক মাক দেউতাকৰ সমস্ত মৰম দি ডাঙৰ কৰিছে,তথাপিও দেউতাকৰ মৃত্যুৱে তাইক স্পৰ্শ নকৰা দৰে ব্যৱহাৰবোৰ বৰ বিমূৰত পেলাইছিল মোক|
'প্ৰীতম তোৰ নিচা হৈছে ,' আৰু সন্ধ্যাও ',তই যা -অহ ড্ৰাইভাৰ আছেনে  নে তই ড্ৰাইভ কৰিবি?'
মই কথাকেইটা শুধি তাৰ চকুলৈ চালো|তাৰ চকুকেইটা পানীময় হৈ উঠিছিল ,এই যেন কান্দি দিব সি-মই বুজিছোঁ সি  অনুশোচনাত দগ্ধ হৈছে|মই একো নুশুধিলো ইতিমধ্যে মই সকলো জানিছিলো,নিবিয়ে মোক কৈছিল,এদিন আৱেলি তাই মোৰ কৰ্মস্থানত আহি ওলাল মই তাইক লৈ বাহিৰলৈ ওলাই আহি তাইৰ গাড়ীখনতে নিৰিবিলি ঠাইৰ সন্ধানত ওলাই 'লো ' তাই মুকলিকৈ  সকলো কথা ' পাৰিব|
প্ৰীতমে বিপুলৰ মৃত্যু কেইবামাহ পাছত নিবিৰ কাষলৈ গৈছিল ,নিবিয়ে ভালদৰে কথা পাতিছিল,তাৰ পাছতো বহুতবাৰ গৈছে সি|লাহে লাহে প্ৰীতমৰ নিবিৰ কাষলৈ যোৱাৰ সময় ঘন 'বলৈ ধৰিলে,নিবিয়ে যেন কিবা এটা বুজি পাইছিল ,অনুভৱ কৰিছিল|বিপুলৰ অফিচৰ কামবোৰ চম্ভালাৰ দায়িত্ব নিবিৰ হাতত পৰা পাছতে এদিন নিবিয়ে বিপুলৰ অফিচৰ কোঠাৰ আলমাৰিৰ পৰা এখন ডায়েৰী উদ্ধাৰ কৰাৰ কথা জনালে এইখিনি কথা তাইৰ ড্ৰাইভ চিটত বহি কৈ যোৱা কথা| আৰু ডায়েৰীত থকা প্ৰতিটো শব্দ পঢ়ি তাই মাথো কান্দিছিল,এজোপা গছৰ ডাল পাত ভাঙি সৰি ঠান-বান হোৱাৰ দৰে নিবি ভাগি পৰিছিল| আচলতে ' কি?-মই অবাক,মোৰ মনত উদয় হোৱা প্ৰশ্নবোৰৰ কথা যেন নিবিয়ে বুজিছিল!তাই কৈ গৈছিল মই শুনি গৈছিলো--'প্ৰীতমে মোক গোপনে প্ৰেম কৰিছিল,প্ৰীতমৰ প্ৰেমে প্ৰাপ্তি মুখ নেদেখি জ্বলি পুৰি ছাই হৈছিল,বিপুলে তাক বুজাইছিল কিন্তু বিপুলক সি ওলোটাই হত্যাৰ ভাবুকি দিছিল,বিপুল এইবোৰত অভ্যস্ত হৈছিলে কিন্তু মোক একো কথা জানিব নিদি সি অস্থিৰতাত দিন ৰাতি পাৰ কৰিছিল,প্ৰীতমে কৈছিল -বিপুলক একো কৰিব নোৱাৰিলেও মোকে মাৰি পেলাব মোক বিপুলৰ সতে থাকিব নিদিব,কথাবোৰে মোক বৰ আঘাট দিছিল দিগন্ত যিখিনি আঘাত বিপুল আৰু দেউতাৰ মৃত্যুৱে মোক দিয়া নাছিল,বহু সময়লৈ মই ভাৱিছিলো বিপুলৰ সতে বেয়া ',মোক এটা নিসংগ জীৱন দি সি শান্তি বিচাৰি নিজক হত্যা কৰিলে|'-মই একো মাতিব পৰা নাছিলো ডিঙিত কিহবাই চেপি ধৰা যেন অনুমান কৰিছিলোঁ|
আৰু 
এমাহ,
দুমাহ,
তিনিমাহ,
---বহু দিন '|
__নিবিক সেই দিন ধৰি লগ কৰা নাই যদিওঁ আতৰে আতৰে থাকি তাইক চাই থাকো,বুজিব চেষ্টা কৰোঁ তাইক-তাই প্ৰীতমক একো এটাই নকলে,ইমানবোৰ কথা জনাৰ পাছতো তাই ইমান ধৈৰ্য কৰ পৰা কেনেকৈ আহৰণ কৰিছে নাজানো,হেৰুৱাই সকলো শেষ অথচ তাই জীয়াই আছে তাইৰ গৰ্ভত সংৰক্ষিত বিপুল আৰু তাইৰ ভৱিষ্যতটোৰ আশাত|
__এই মূহূৰ্তত মই প্ৰীতমৰ চকুযোৰ চাই অনুভৱ কৰিছোঁ সি যেন অস্থিৰতাত মৰিছে,ডুবি আছে অনুশোচনাৰ সেই 'লা কোঠাত,যাৰ বাবে সি কোনোদিন নিবিৰ সন্মুখত ৰৈ নিবিৰ চকুত চকু থৈ নিবিক সংগ দিয়াৰ কথা ' নোৱাৰিব|

জানমণি নাথ
কাজিৰঙা

No comments:

Post a Comment