বেটুপাত

বেটুপাত

Tuesday, 16 October 2018

এই বাটেৰে আৰু নাহিবা ( কৌশিক জ্যোতি বৰা )


এই বাটেৰে আৰু নাহিবা
ইয়াত নুফুলে এতিয়া
 ৰাতি ফুলা ফুল

'দে পোৰা দুপৰীয়াবোৰত সুহুৰি বজাই
ইয়াত নবই এতিয়া 
চঞ্চল বতাহ
তোমাৰ ঠিকনা বিচাৰি

মৌনতাৰ চাকি জ্বলাই
কোনেও নেখেদে এতিয়া
ফৰিংফুটা জোনাক,
অপেক্ষাৰ বেলি এটা লৈ

কুৱলীৰ সিপাৰে কোমল '
পাল তৰা নাৱত 
গলি গলি সৰি পৰা সময়

তুমি আহিবা বুলি জী নুঠে
আন্ধাৰত হেৰোৱা মুখ
কবৰ দিয়া হাঁহিৰ ফোঁৱাৰা

এই বাটেৰে আৰু নাহিবা
ইয়াত এতিয়া 
মৰিশালিৰ নিস্তব্ধতা ৷৷



কৌশিক জ্যোতি বৰা
দেৰগাঁও

No comments:

Post a Comment