বেটুপাত

বেটুপাত

Tuesday, 16 October 2018

অন্ত:দ্বন্দ ( নিৰু দত্ত )


'ৰবাত শেৱালি ফুলিছে 
বতাহৰ বা লাগি
পৰুৱাই পোৱা সুবাস 
ঘুৰি ফুৰা দেখি 
চোতালত জোনাকৰ বৰষুণ সিঁচি সিঁচি 
অষ্টাদশী জোনে বঠাপাট এৰি  
মিচিকি   হাঁহিছে

ধীৰে ধীৰে চহৰৰ বাটবোৰ মুখৰ হৈছে 
পূজাৰ থলিলৈকে বেমেজালি শাৰীবোৰত উত্তেজনা আৰু আনন্দৰ লহৰ 

টিলিলিং টিলিলিং.......
ফ্ৰেমৰ  গাৰুত  ৰজাৰ ভেমত ভাইটি 
আৰু হাটৰুৱা বেহানি বন্ধা 
কেৰিয়াৰত বহি
 ফ্ৰিল দিয়া ফ্ৰক পিন্ধা 
মোৰ ৰাঙলী  শৈশৱ 
ভাইটিৰ হাতত ষ্টিলৰ পিষ্টল 
'লা ৰং দিয়া
 প্লাষ্টিকৰ সুহুৰিত উচাহৰ সুৰ বন্ধা
সাপবেলুন দুটামান অকোৱা-পকোৱা
আধাকেজি বুন্দিয়া হেন্দেলত ওলোমা

সেই দিনবোৰত 
দেউতাই নি:সংকোচে কিনি দিছিল
পুতলা পিষ্টল আৰু খজা বন্দুক 
বাকচে বাকচে কাগজৰ ৰিলৰ বাৰুদ
আমিও আখৰা কৰিছিলো ৰাৱণ বধৰ
তাৰ মাজতো আছিল সাধনা জ্ঞানৰ 
দিনবোৰ নো কেনেকৈ সলনি হয় নাজানো 
পূজাৰ বতৰত বাটৰ কাষৰ বেনাৰত দেখিলো -
সন্তানৰ হাতত পিষ্টলৰ সলনি 
    কিতাপ দিয়ক"
উৎসৱৰ আনন্দত  ঢালি চেঁচা পানী
এয়া বাৰু কিহৰ কছৰৎ
' হেৰাল সাতামপুৰুষীয়া সংস্কাৰ মনৰ
যাৰ বাবে সন্তানে  হেৰুৱাইছে 
ঈপ্সিত শৈশৱ



নিৰু দত্ত

No comments:

Post a Comment