বেটুপাত

বেটুপাত

Tuesday, 16 October 2018

মই আহি থাকোঁ ( ঋষভ নাথ )


সৰাপাতৰ পৰা উৰি থকা চৰাইৰ ডেউকালৈ
কুঁহিপাতত ৰং থৈ সৰি পৰা পাখিলৈ
মই বিচাৰি আহোঁ বাটৰ হাতৰ ধমনী
এচপৰা কেঁচুমতাত তিতা কালিকাৰ পৰা
গৈ ওলাওঁ মেঘৰবোৰৰ শুকান বন্দৰ

এখন এখনকৈ ৰাতি-দিনৰ দুৱাৰ জপাই খুলি
শাৰী শাৰী গছবোৰৰ নৈ:শব্দৰে সৰকি
নদীৰে পাহাৰৰ নিৰ্জন ৰমণ-কেলি , পূবৰ বেলি
আৰু আবেলিৰ মাজত ঢৌ তুলি থকা ধাননিৰ
কেঁচা পকা থোকত ঠোঁট গুজি হালধীয়া
' বতাহৰ সোঁৱৰণিলৈ
মই সোমাই যাওঁ ,যাওঁ আৰু আহোঁ
বাৰে বাৰে আহি গৈ থকা ঋতুৰ দৰে
তেজৰ নিমখ স্তনেৰে গাখীৰ হৈ আকৌ তেজেৰে
হাড়ৰ বগা জুই লৈ ভমকা বীৰ্যলৈ
অহা যোৱা জীৱন-কীটৰ দৰে

বৰষুণৰ পিছত বতাহৰ, 'দৰ নেজৰ জাৰ ধুমুহাৰ
জীয়াতু নেওচি অগণন খোজৰ মুখত 
জাগি উঠা খোজৰ আখৰ পঢ়ি
মই গৈ থাকোঁ আহি থাকোঁ

মোৰ উশাহ আৰু নিশাহত বাজে
হাড় ভঙা খেতিয়কৰ উদ্ ফাই হৃদয়ৰ সুতুলি
মোৰ চকুত জ্বলে মৃত স্বামীৰ ভৰিৰ আঙুলিত
সেন্দূৰ সানি পঠিওৱা নাৰী-কপালৰ লোতক

সান্ধ্য আৰতিৰ মাটিৰ কাঁহীত তুলি শিলৰ চাকি
বোৱাই দিওঁ পানীৰ নিদ্ৰাত খলকনি তোলা
শতিকা-পুৰণি আত্মাৰ মাছবোৰলৈ
চকুৰ তুলসী জগাই ৰাখোঁ
নুমোৱা শলিতাৰ নিথৰতা সাৰ্থক কৰি
পিপৰাৰ তেজ বাগৰি আহিব বুলি

মই আহি থাকোঁ গৈ থাকোঁ
আহি থাকিও গৈ থাকোঁ ,গৈ থাকিও আহি থাকোঁ
মোৰ পৰা মোলৈ ,মোৰ গতিত গঢ় লৈ থাকে
সুখৰ দুখৰ মাটি-পানী-অগনিৰ সাল-সলনি
এখন তেজ মঙহৰ পৃথিৱী

ঋষভ নাথ
গোৱালপাৰা

No comments:

Post a Comment