বেটুপাত

বেটুপাত

Tuesday, 16 October 2018

পাহাৰৰ এটি খিলখিল হাঁহি ( জুলফিকুৰ ৰহমান )


দোৰোণ ফুলা পুৱাটোত
জাকি মাৰি উঠে পাহাৰী জুৰিটোৱে
চিনাকি বাট 
সুগন্ধি ঢৌ
খিলখিলাই উঠে পাহাৰী বাঁহী.. 

চিঁচিয়াই
চিঁচিয়াই
শিলে শিলে জঁপিয়াই
ঢৌৱে ঢৌৱে নাচি
মেথনি মাৰি বৈ যায় যৌৱনা হাঁহি

চেগুণপতীয়া স্পন্দন
 বাঢ়ি যায়
বাঢ়ি যায়

হোৰাটোত হেঁপাহ
ভৰি যায়
ভৰি যায়

পানীপিয়া চৰাইটো 
ঠিয় গৰা বিচাৰি
গুচি যায়
গুচি যায়

চঞ্চলা জুৰিৰো দুভৰি 
ৰৈ যায়
ৰৈ যায়

পানী পান কৰি পিয়াহ
দূৰ কৰে
দূৰ কৰে...

শৃংগাৰিত কৰি মধু যামিনী..


জুলফিকুৰ ৰহমান
বাতিপৰীয়া,গোলাঘাট

No comments:

Post a Comment