বেটুপাত

বেটুপাত

Tuesday, 16 October 2018

মই মানুহ ( অনন্ত ৰাজখোৱা )


নৰকৰ কমাৰশালত স্ৰজিছিল মোক,
মোৰ নখৰ তলৰ খাৱৈ বিলাকত
সিচি দিছিল প্ৰাচীন চয়তানী ভস্ম,
মোৰ  দুচকুৰ কুটিল শুভ্ৰতাত
গুজি দিছিল এটা নাৰকীয় কলা তত্ব
মোৰ দুহাতৰ খহটা তলুৱাত 
লিখি দিছিল হিংস্ৰতাৰ দীঘল পদ্য।
ভণ্ডামি আৰু লালসাৰ এচৰীয়া দূৰ্গন্ধিত জীৱাস্মৰেদি,
ভৰ্তি কৰিছিল মোৰ লাওখোলাৰ কৃষ্ণকায় গহ্বৰবোৰ।
আৰু মোৰ শৰীৰৰ অৱশিষ্টত গঢ়িছিল
বাসনা আৰু কামনাৰ অপৰূপ ভাস্কৰ্য।।

তাৰপাছত মোক নাম দিছিল - মানুহ।

মই মানুহ,
চয়তানৰ চন্তৰী মই
মোৰ জিভাৰ কম্পনত
নিকৃষ্ট চয়তানী গদ্যৰ গুণগুণনি
মোৰ দৃষ্টিৰ তীক্ষ্ণতাত 
হাজাৰ আসুৰিক কীটৰ কিলবিলনি
মোৰ হিংস্ৰতাই মোৰ বিজয়
মোৰ ক্লীৱতাই মোৰ উল্লাস
মোৰ ভণ্ডতাই মোৰ পুৰষ্কাৰ
কাৰণ মই মানুহ
নৰকৰ বহু পুৰণি বাসিন্দা
চয়তানৰ বিশ্বস্ত চন্তৰী ।।

অনন্ত ৰাজখোৱা
যোৰহাট, অসম
7003097316

No comments:

Post a Comment