বেটুপাত

বেটুপাত

Tuesday, 16 October 2018

সন্ধিক্ষণ ( প্ৰীতি তালুকদাৰ )

প্ৰণয়ৰ নৈত চঞ্চল সময়বোৰে ভৰি তিয়াব
খাজ কাটি সময়বোৰ শিপাৰে গজিব গভীৰতকৈ গভীৰলৈ।
সমান্তৰাল ৰেখাৰ সংগমৰ গতিত কোনোবাখিনিত হয়তো পোৱা-হেৰোৱা সময়বোৰ জাঙুৰ খাব,
আৰু হেৰোৱা ফুলৰ প্ৰিয় সুৱাসবোৰ সময়বোৰত ছটিয়াব।
দুচকুত সেমেকা কাজল হয়তো আকৌ ফুটিব;
দুহাতৰ আঙুলিবোৰ পুনৰ অনুৰাগী জেতুকায়ে ৰঙাব।
আহিব
আহিব সেই কিছু সময় 
সমান্তৰাল গতিৰ কোনোবাখিনিত 
বিচৰা সময় 
দুচকুৰ প্ৰত্যাশাত পুনৰ ধৰা পৰিব।
আজি ওঁঠত গুজি থোৱা নিৰৱতাবোৰ সুৰ হৈ পৰিব...সেই সময় আহিব
বৰফলৈ গোট মৰা চেঁচা নিয়ৰখিনিৰে আকৌ দূৱৰি তিয়াব
আহিব সেইসময় আহিব
অমৃত্য-অপেক্ষাৰত সময়কণ সুঁৱৰিব।




প্ৰীতি তালুকদাৰ
দেবৰাজ ৰয় মহাবিদ্যালয় ,গোলাঘাট

No comments:

Post a Comment