বেটুপাত

বেটুপাত

Tuesday, 16 October 2018

সোণাৰুৰে হালধীয়া হাঁহি ( কৌশিক ৰঞ্জন বৰা )


সপোনে এতিয়া জানা উৰিবলে শিকিলে তোমাৰে যে বুকুতে.....
ৱাহ গীতাৰ্থ। কালিলৈ মানে আকৌ ফালিবি আৰু ষ্টেজ '
য়াহু..... ফিজিক্স অলৱেজ ৰক্স য়াৰ।
ইষ্ট অৰ ৱেষ্ট উই আৰ দা বেষ্ট। য়ু য়ু.....

মোৰ পিছত খোজ কাঢ়ি আহি থকা 'ৰা ছোৱালীৰ জুমটোৰ পৰা উল্লাসভৰা চিঞৰ বোৰ শুনি আহি আছো। সিহঁতৰ বয়সেই এইটো। কমোৱা তুলাৰ দৰে উৰা। মাটিত চোন নপৰেই ভৰি।

এই মেম আছে মনে মনে। মোক দেখি সিহঁতৰ উৎপাতটো কমি 'ল। মোৰ ফালে হাঁহি এটা মাৰি পুনৰ দৌৰ দিলে সিহঁতে।

আজি কলেজ  অলপ সোনকালে ছুটী দিলে। কালিলৈ কলেজৰ প্ৰতিষ্ঠা দিৱস আছে।যি ' ভালেই ' বাৰু। কাপোৰ অলপো ধুৱলৈ আছে। মনতে ভাবি খোজৰ বেগতো বঢ়াই দিলো। ঘৰ পাই কৰিম বুলি ভবা কামকেইটা মনতে জুকিয়াই 'লো। 
ঘৰ মানে ভাৰাঘৰ হে।  চাকৰিৰ খাতিৰত এই মফচল চহৰ খনত থাকিবলৈ লোৱাৰ প্ৰায় ছবছৰেই 'ল। 

সহকৰ্মী নিবেদিতাৰ লগত ডিপাৰ্টমেন্টৰ পৰা ওলাইছোহে   তেনেতে কাষৰ দেৱালত আৰি থোৱা পোষ্টাৰখনলৈ চকু 'ল। জননেতা প্ৰাণজিত দত্ত  আহিব তাৰমানে প্ৰতিষ্ঠা দিৱসৰ মুখ্য অতিথি হিচাপে।

এৰা বহুত দিনেই ' প্ৰাণজিতক নেদেখা। অসমৰ বৰ্তমান ৰাজনীতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তি। সক্ৰিয় ৰাজহুৱা কৰ্মী প্ৰাণজিত দত্ত। 

এটা সময় আছিল। যেতিয়া সকলো সময়তে আলফুলে কঢ়িয়াই লৈ ফুৰিছিলো এই নামটো। প্ৰাণজিত। উস্

ভাবনাৰ সাগৰত ডুবি থাকিয়েই কেতিয়ানো ৰুম পালোহি ধৰিবকে নোৱাৰিলো। যাবতীয় কামখিনি কৰি ভাত খাবলৈ লৈছোহে তেনেতে ফোনটো বাজি উঠিল "নাছে নয়নে দিবা নিশি যশোৱা নন্দন....."
 ডিপাৰ্টমেন্টৰ হেডৰ ফোন

"হেল্ল' চাৰ। কিবা জৰুৰী কথা আছিল নেকি?"
' প্ৰজ্ঞা। হেৰি মানে। কালিলৈ তো আমাৰ  কলেজলৈ প্ৰাণজিত দত্ত আহিব যে।তেওঁক অলপ সময় আমাৰ মানে মিটিঙৰ আগলৈকে প্ৰিন্সিপালৰ গেষ্টৰুমত ৰাখিব জনালে। তুমি অলপ চকু দিবা তেওঁৰ খোৱা মেলা  বিষয়টোত এনেও তোমাৰ ঘৰৰ ওচৰৰে মানুহ। তোমাৰ অসুবিধা নহ' চাগৈ। "

"' চাৰ। মই সম্পূৰ্ণ চকু ৰাখিম। যাতে আতিথ্যত একো খুট নাথাকে। "

চাৰক কথা কেইটা কোৱাৰ পাছতহে মই ভাবিলো  প্ৰাণজিতৰ মুখা মুখি কেনেকৈ 'ম। তেওঁ জানো সহজ ' মোৰ লগত।

মনতো উৰি ' কলেজীয়া দিনবোৰলৈ।প্ৰাণজিতহাঁহি এটা অনবৰত পিন্ধি থকা প্ৰচুৰ জীৱনীশক্তিৰে ভৰা 'ৰাটো। কলেজৰ অন্যতম জনপ্ৰিয় ব্যক্তিত্ব আছিল।হাঁহিটোৰেই সকলোৰে প্ৰিয় পাত্ৰ হৈ পৰা 'ৰা টো আছিল যেন অগ্নি যুগৰ ফিৰিঙতি।

"আস্ প্ৰজ্ঞা !চোৱাচোন স্বাধীনতাৰ অতবোৰ  দিনৰ পাছতো কাৰ্বি পাহাৰত মানুহ বোৰে কি জীৱন যাপন কৰিছে।বুজিছা আমাৰ এটাই দোষ আমি কেৱল নিজৰ কথাহে বুজি পাঁও। এটা চাকৰি। হাই বেংক বেলেঞ্চ এইবোৰৰ বাদে আমাৰ আনৰ কথা ভাবিবলৈ আহৰি 'ত। "
লাইব্ৰেৰীৰ নিউজ ৰিডিঙ কৰ্ণাৰত সিদিনা  ক্ষোভত 
ফাটি পৰিছিল সি। মোৰ হাততো উপায় নাছিল। কেবল তাৰ হাতখন খামুচি ধৰি উমান লৈছিলো তাৰ ভিতৰত গুজৰি গুমৰি থকা সাগৰখনৰ উৰ্মিমালা বোৰৰ।

প্ৰেমৰ কবিতা বাদ দি সি ক্ৰমশ আকৃষ্ট হৈছিল বিপ্লৱৰ ফালে। বুকুত কঢ়িয়াবলৈ লৈছিল গুৱেভেৰি মাও জে দুঙ 
মুখত বাজিছিল বিপ্লৱৰ কবিতা।কেতিয়াবা কলেজৰ ফিল্ডত গাই শুনাইছিল 
"বাপু ', দেৱালত তোমাৰ ফটো আঁৰি ধূপ-ধুনা আৰু ফুলৰ মালা গুজি,
টেবুলৰ তলেদি সৰকাও খমখমীয়া নোটৰ বাণ্ডুল
(আপোনাৰ কাম হৈ যাব, পাঁচ দিব,দহ দিব, বিশ দিব লাখ আৰু লাখ)
কথামতে নহলে, বুটামৰ সলনি বগা ছাৰ্টটোত তেজেৰে লুতুৰিপুতুৰি ৰিভলভাৰৰ বুলেট এটাকে পিন্ধিবা।"

হৃদয়ত এখন যুদ্ধ চলি থাকিলেও কোনোসময়তে সি এৰা নাছিল মোৰ হাতখন। মইও পাইছিলো সেই হাতখনত অশেষ প্ৰেৰণা সাহস আৰু বহুত কিবা কিবি....

ক্ৰমশঃ দিনবোৰ বাগৰিছিল। আমি কলেজীয়া জীৱনৰ শেষৰটো পৰীক্ষা দি আজৰি 'লো। তাৰ পাছতে বিশ্ববিদ্যালয়। ইয়াতো এৰা নাছিল সি মোৰ হাতখন।

লাহে লাহে সি সক্ৰিয় ভাবে সংগ্ৰামৰ পথাৰখনত সোমাবলৈ আৰম্ভ কৰিছিল। ছাত্ৰ সংগঠন এটাৰ লগত জড়িত হৈ লাহে লাহে সি মাত মাতিব ধৰিছিল অন্যায়ৰ বিৰুদ্ধে।

::আস্ তুমি নগ'লে নহয় নেকি? এই ধৰ্ণা বন্ধঘোষণা এইবোৰে কি শান্তি আনিব নেকি

"প্ৰজ্ঞা তুমি এতিয়াও আবেগিক হৈ আছা শুনা যেতিয়া মই মিনাৰেল ৱাটাৰ খাও তেতিয়া মনলৈ আহে ফ্লৰাইড তথা আৰ্চেনিক যুক্ত পানী খাই জীৱন কটোৱা হাজাৰ বিজাৰ মানুহৰ মুখবোৰ। যেতিয়া দাদাই প্ৰথম মাহৰ দৰমহাৰে মোক মৰমত কিনি দিয়া নাইকীৰ জোতাযোৰ পিন্ধিব লও মনলৈ আহে উদঙ ভৰিৰে খোজ কাঢ়ি থকা মানুহবোৰৰ ভৰিকেইটা।"

"আৰু শুনা মন্দিৰ 'লে যে মই ভগবানক একো নিদিও তাৰ বদলি সেই কেইটা টকা মই বিলাই দিও ফুটপাথত বহি থকা সেই ৰফিক কা অথবা ৰংমনৰ হাতত। এইখন মোৰ পৃথিৱী প্ৰজ্ঞা মোক বাধা নিদিবা। "

সেইবাৰ সিহঁতে আন্দোলন কৰিবলৈ গৈ গ্ৰেপ্তাৰ হৈছিল।বৰ বেয়াকৈ জপিয়াই পৰিছিল আৰক্ষী বাহিনী সিহঁতৰ ওপৰত। টি ভি পৰ্দাত তাৰ তেজ লগা মুখ খন দেখি বৰমা মূৰ্ছা গৈছিল দিগন্ত দাই ফোন কৰিছিল  প্ৰজ্ঞা তোক অনুৰোধ কৰিছো। যেনেতেনে তাক জামিনত ওলিয়াই আন  বাকী মই যি পাৰো কৰিম গৈ। 

তাৰ ওপৰত খঙ উঠি থাকিলেও মই দিগন্ত দা আৰু বৰমাৰ কথা পেলাব নোৱাৰিয়ে তাৰ জামিন ' গৈছিলো। থানাত তাক দেখি বুকুখন মোচৰ খাই গৈছিল।  মুখ আৰু চকুত তেজৰ কৰাল। চকুদুটা যে  সাগৰৰ ভিতৰৰ গহ্বৰতহে সোমাই আছে। 

মোক দেখি সি এটা শেতা হাঁহি মাৰিছিল ।কিন্তু সি অস্বীকাৰ কৰিছিল ওলাই যাবলৈ। বৰমা আৰু দিগন্ত দাও ইতিমধ্যে আহি পাইছিল  বৰমাৰ হাজাৰ বুজনিৰ পাছত অৱশেষত সি মান্তি হৈছিল।

এইবোৰ ঘটনাৰ পাছত লাহে লাহে তাৰ হাতখন মই যেন ঢিলাই দিবলৈ লৈছিলো। সৰুৰে পৰা অভাব কি চিনি নোপোৱা মইজনী যেন বেছি ভোগবাদী হৈ উঠিছিলো। শুনিবলৈ অশান্তি পোৱা হৈছিলো প্ৰাণজিতৰ কথাবোৰ  এটা ব্ৰিলিয়েন্ট কেৰিয়াৰ থকাৰ পাছতো নিজক এইদৰে জনগণৰ হকে মেলি দিয়াৰ যুক্তিযুক্ততা মই দেখা পোৱা নাছিলো। 

 অৱশেষত সুখ্যাতিৰে বিশ্ববিদ্যালয়ৰ পৰীক্ষাত উত্তীৰ্ণহৈ মই ৰাওনা হৈছিলো দিল্লীলৈ গৱেষণাৰ খাতিৰত।

আৰু প্ৰাণজিত সোমাইছিল ৰাজ্য খনৰ এটা সম্ভ্ৰান্ত বাতৰি কাকতৰ প্ৰতিষ্ঠানত। লাহে লাহে সি সোমাই পৰিছিল গণ সংগ্ৰামৰ পথাৰ খনত। তীক্ষ্ণ কলমেৰে আকুহি পেলাবলৈ লৈছিল সমাজৰ লেতেৰা বোৰ। 
এনেদৰেই উত্তৰণ ঘটিছিল সেই সপোন দেখি ভাল পোৱা কিশোৰটোৰ বৰ্তমানৰ প্ৰাণজিতলৈ।
 __________________________

কিমান সময় অতীতৰ গৰ্ভত ভাঁহি আছিলো গমকেই নাপালো। এতিয়া কি সতেনো মুখা মুখি হও তাৰ সতে। মোৰ অলপ অসুবিধা ' বুলি  হেডক জনাই দিও বুলি ফোনটো হাতত লৈছোহে ফোনটো বাজি উঠিল।এটা অচিনাকী নম্বৰ ।তথাপি ৰিচিভ কৰিলো।

হেল্ল' ডঃ প্ৰজ্ঞাৰাণী শইকীয়া হয়নে?
এটা গলগলীয়া পুৰুষ সুলভ কন্ঠ।
হয়। আপুনি ?
মই প্ৰাণজিত দত্ত। চিনি পাইছা প্ৰজ্ঞা। 
আস্।।।।
প্ৰাণজিত তুমি। ইমান দিনৰ মুৰত।
প্ৰজ্ঞা কালিলৈ তোমালোকৰ তালৈ যাম মানে কলেজলৈ। যদি অসুবিধা নহয় লগ কৰিব পাৰিবা নেকি। বহু খিনি কথা ' লগা আছে তোমাক।

কি কথা?
প্ৰাণজিত মোক ক্ষমা কৰি দিবা। তুমি বিছৰা প্ৰজ্ঞাজনী মই ' নোৱাৰিলো।

আস্ মৌ তুমি সেই একেই আছা ' ।মই নো তোমাক বেয়া পাব পাৰোনে?

হি হি

আকৌ ধৰিবলৈ দিবা নেকি তোমাৰ হাতখন। জীৱনলৈ। 
গাৰ মাজেৰে যেন এসোটা বিজুলীহে পাৰ বৈ 'ল।
কথাষাৰ শুনি থৰ লাগি 'লো। এৰা অতবছৰে এইষাৰ কথা শুনিবলৈকেতো ৰৈ আছিলো মই। 

মৌ , যদি তোমাৰ আপত্তি আছে নালাগে।মই অপেক্ষা কৰিম

আস্। তুমি কিয় বুজি নাপালা মোক। ইমান দিনতো তোমালৈকে বাট চালো। কেৱল মোক ক্ষমা কৰি দিবা তোমাৰ জীৱনৰ দৰকাৰী সময়খিনিত সংগ দিব নোৱাৰাৰ বাবে।

ভালে থাকা তুমি। কালিলৈ লগ পাম।

এক ' নোৱাৰা শিহৰণে খেলি 'ল। তাৰমানে অতদিনৰ মূৰতো! মোৰ বাবে সিও কান্দে নেকি গোপনে।এৰা আৰু অপেক্ষা কৰিব নোৱাৰি কালিলৈ খুলি দিম হৃদয়ৰ দুৱাৰখন কিয়নো হাতখনৰ প্ৰয়োজন মোক খুবেই হৈছে।বিশ্বাসৰ হাতখনৰ।

পুৱা সোণকালেই উঠিলো। কাম বোৰ কৰি লোৱাৰ পাছত আলমাৰিটো খুলি তাৰ পৰা সৰু সৰু বেঙুনীয়া ৰঙৰ ফুল থকা কাপোৰ জোৰ উলিয়াই আনিলো। "বেঙুনীয়া পিন্ধিলে তোমাক আজাৰ ফুল যেন লাগে"
কলেজৰ সৰস্বতী পূজাত প্ৰাণজিতে কোৱা কথাষাৰ চাৎকৈ মনত পৰি 'ল। উস্ কি হৈছে জানো !!!! নিজৰ অৱস্থাটো দেখি হাঁহি উঠিল

প্ৰাণজিতে নাৰিকলৰ লাডু ভাল পাই। হঠাত মনত পৰিল মোৰ। পাকঘৰত কেইটা মান লাডু বাকী আছিল   মায়ে দি পঠোৱা। সেইকেইটাও বেগত ভৰাই 'লো। তালৈ প্ৰতিতো জন্মদিনতে দিম বুলি কিনি ৰখা    উপহাৰ কেইটাও 'লো। বেগটোত বস্তু বোৰ আকৌ এবাৰ ঠিকে আছেনে নাই  চালোঁ। 

যথা সময়ত কলেজ পালোগৈ প্ৰাণজিতলৈ আদৰণি সূচক পোষ্টাৰ বেনাৰ আদিৰে কেম্পাছ ভৰি আছে। মনতো কিবা যেন উৰণীয়া হৈ আছে। 
কমন ৰুমত গৈ বেগতো থৈ বহিছোহে মাত্ৰ তেনেতে প্ৰিঞ্চিপাল চাৰে ফোন কৰি 'লে প্ৰাণজিত তেওঁৰ ৰুমতে আছে। মই আহি আদৰি নিব লাগে।সভাৰ কাম আৰম্ভ ' আৰু। 

পৃথিৱীৰ গোটেই লাজবোৰ যেন মোৰ দূগালতে উপচি পৰিলহি। 
"লাজ কৰিলে তোমাক আৰু ধুনীয়া লাগে প্ৰজ্ঞা।"

আস্ বতাহতো যেন উটি আহিছে তাৰ মাত।
বুকুত বলি  থকা ধুমুহাজাক সামৰি ৰাখি পোনে পোনে গৈ অধ্যক্ষৰ কোঠালিলৈ সোমাই 'লো। প্ৰাণজিতক আদৰি আনিবলৈ। হাঁহি এটা ওলাই আহিল মুখেৰে। হৃদয়ত তেতিয়া ফুলি উঠিছে সপোনৰ হাজাৰ পাহি সোনাৰু.......

কৌশিক ৰঞ্জন বৰা
মাজুলী

No comments:

Post a Comment