বেটুপাত

বেটুপাত

Tuesday, 16 October 2018

অনুগল্প ( পৰিস্মিতা বৰদলৈ )


)প্ৰত্যুত্তৰ

কবিতাৰ পাণ্ডুলিপিটো লৈ তেওঁ প্ৰকাশকজনৰ দুৱাৰত খটখটালেগৈ কেইবাদিনো তেওঁক নিৰুত্তৰ কৰি পঠিয়াই দিয়া

গ্ৰন্থমেলাৰ বাকৰিত সেই কবিজনৰ কবিতা পুথিখন উন্মোচিত একেজন প্ৰকাশকেই কৰমৰ্দন কৰিবলৈ আগবঢ়াই দিয়া হাতখন দেখি কবিজনে নিজৰ হাতখন কোঁচাই আনিলে

)সমাজ

 :মানুহটো নাইকিয়া হোৱাৰনো কেইটা দিন গৈছে দেখিছনে তাইৰ ৰেহ ৰূপ? লচপচকৈ ওলাই সোমাই নুফুৰিলেও হয় তাই

: যাবলগীয়া জনী লগৈ ৷সেইবুলিয়েই তই ডেকা মানুহটো এনেকৈ ঘৰত সোমাই থাকিবিনে?
)নাৰিকল

মাক নাইকিয়া ৰাটোক সাৰৌপ সাৰৌপকৈ কোবালে বাপেকটোৱে সৰু কথা এটাতে৷ ভৰিৰ কলাফুলত দাগ বহি হাতৰ পাবত সেৰ বান্ধিলে কান্দি কান্দি টোপনি যোৱা ৰাটোৰ আঘাত পোৱা স্থানবোৰত আলফুলে মলম লগাই দিলে  একেখন হাতেৰেই

) চাহপাত

বছৰ বছৰ জুৰি নিষ্পেষিতা মানুহজনী আজি ওলাই আহিল আন দহজনী নিৰ্যাতিতা মহিলাৰ সাহস হৈ,শক্তিদায়িনী হৈ

)সাধনা

বন কৰা মহিলা শ্বায়েৰাই সদায় মালিকনীৰ পুতেকে পেলাবলৈ বুলি থৈ দিয়া ৰং পেঞ্চিলৰ  টেমাবোৰ লৈ যায় ঘৰলৈ  

এদিন শ্বায়েৰাই মালিকনীৰ ঘৰত এখন পেইন্টিং দেখে যিখন কিনি অনাৰ আনন্দত মালিকনীয়ে সবকে মিঠাই খুৱায়৷সেইদিনা শ্বায়েৰাৰ পুতেকেও ঘৰলৈ মিঠাই নিয়ে চিত্ৰ প্ৰদৰ্শনীৰ পৰা উভটি আহোঁতে

পৰিস্মিতা বৰদলৈ
তিনিচুকীয়া

No comments:

Post a Comment