বেটুপাত

বেটুপাত

Tuesday, 16 October 2018

ঈশ্বৰৰ সন্ধানত ( সত্যজিৎ চাচনি )


এজন ঈশ্বৰৰ সন্ধানত
নামঘৰত সোমাওঁ
চিঞৰি চিঞৰি
প্ৰাৰ্থনা কৰোঁ,
কীৰ্তন কৰোঁ
চাকি,ধূপ,ধূনা সকলো জ্বলাওঁ...

এজন ঈশ্বৰৰ সন্ধানত
গীৰ্জা ঘৰত সোমাই
মৌন প্ৰাৰ্থনা কৰোঁ
'মবাতি জ্বলাই জ্বলাই
পাৰ কৰোঁ ' দিন...

এজন ঈশ্বৰৰ সন্ধানত
মচজিদ সোমাই কোৰাণ পঢ়ো
দিনে ৰাতিয়ে চিঞৰি থাকো অহৰহ...

এজন ঈশ্বৰৰ সন্ধানত
মন্দিৰৰ দুৱাৰ টুকুৰিয়াই ভাগৰি নপৰালৈকে
টিলিঙা বজাই বজাই হাতৰ গাঁঠি নৰলালৈকে
প্ৰাৰ্থনাৰ নিয়মীয়া সভা পাতোঁ...

কি নামঘৰ
কি গীৰ্জা
কি মচজিদ
কি মন্দিৰ
সকলো প্ৰদৰ্শনী হে মাথোঁ...

আপুনি ঈশ্বৰৰ সন্ধানত
মথুৰা, কাশী,বৃন্দাৱনলৈ ধৰ্মযাত্ৰা কৰিলেও
প্ৰকৃতাৰ্থত এজন ঈশ্বৰ পাব পাৰি
আপোনাৰ মোৰ আত্মা আৰু  কৰ্মত |

সত্যজিৎ চাচনি
চাচনি শিঙিবিল,
ডিব্ৰুগড় 

No comments:

Post a Comment