বেটুপাত

বেটুপাত

Tuesday, 16 October 2018

অগ্নিসাক্ষী ( নয়নমণি দত্ত নেওঁগ )


 দপদপকৈ জ্বলি থকা সম্মুখৰ জুইকুৰা দেখা পাই স্বপ্নালীয়ে নিজৰ চুলিত সজোৰে ধৰি এক চিঞৰ মাৰি তাই নিজৰ ৰুমলৈ দৌৰ মাৰে
        স্বপ্নালীৰ এনে আচৰণ দেখি তাইৰ লগৰ বন্ধু বোৰে তাইৰ পাছে পাছে দৌৰ দিয়ে।

       : স্বপ্নালী...স্বপ্নালী।কি হৈছে তোমাৰ ।এনেকৈ কিয় তুমি গুচি আহিলা।স্বপ্নালী...স্বপ্নালী দুৱাৰ খোলা স্বপ্নালী।
         স্বপ্নালীৰ বন্ধু সমৰজিতে দুৱাৰত সজোৰে শব্দ কৰি স্বপ্নালীক মাত দিয়ে যদিও তাইৰ পৰা কোনো সঁহাৰি নোপোৱাত লগৰ সকলোবোৰ পুনৰ জুইৰ কাষলৈ গুচি আহে।

        : সমৰ...আচলতে স্বপ্নালীৰ হৈছে কি।তাইক মই ইয়ালৈ অহাৰ পৰা মন কৰিছো।তাই যেন কিবা অন্যমনস্ক হৈ থাকে।কিবা এটা সুধিলেও তাইৰ পৰা সঠিকভাৱে উত্তৰ নাপাওঁ ।যদি তাই আমাৰ লগত আহি ভাল পোৱা নাই তেনেহ'লে আমাক তাই চিধাচিধিকৈ কৈ দিব পাৰে।
          পাহিৰ কথাত সমৰজিতে এটি দীঘল হুমুনিয়াহ এৰি সি জ্বলন্ত জুইকুৰালৈ চাই স্বপ্নালীৰ কথা লগৰ সকলোৰে আগত 'বলৈ ধৰে।

        : পাহি...তোমালোকে তাইক ভুল বুজিছা।তাই তোমালোকক কোনো কথাতেই বেয়া পোৱা নাই।
        : তেনেহ'লে আমি স্ফূৰ্তি কৰি থকাৰ মাজতেই তাই কিয় এনে আচৰণ কৰি আমাৰ মাজৰ আতঁৰি 'ল।
         সমৰজিতৰ কথাত পুনৰ সমীৰণে মাত দিয়ে।

        : মই তোমালোকৰ মনৰ কথা বুজি পাইছো সমীৰণ।স্বপ্নালীৰ এনে আচৰণত যে তোমালোক হতাশ হৈছা সেই কথা মই উপলব্ধি কৰিছো। আচলতে তোমালোকে তাইৰ অতীতৰ কথা নজনাৰ বাবেই আজি ক্ষন্তেকৰ বাবে 'লেও স্বপ্নালীক বেয়া পাই থাকিবা।কিন্ত যেতিয়া তাইৰ অতীতৰ সকলো কথা জানিবা হয়তু তেতিয়া তোমালোকে স্বপ্নালীক বুজি পাবা।
        সমৰজিতৰ কথাত এইবাৰ লগৰ সকলোৱে স্বপ্নালীৰ কথা জানিব বিচাৰিলে।

       : স্বপ্নালী আৰু মই সৰুৰে পৰা আমি একেলগে ডাঙৰ দীঘল হৈছো।পঢ়া-শুনাও একেখন স্কুলতেই কৰিছিলো।স্বপ্নালী পঢ়া-শুনাত খুবেই ভাল আছিল। প্ৰথম বিভাগত মেট্ৰিক পাছ কৰি তাই যোৰহাটৰে কোনো এখন নাম থকা কলেজত নাম লগাই পঢ়িবলৈ গুচি ' আৰু মইও মেট্ৰিক পাছ কৰি পঢ়িবলৈ গুৱাহাটীলৈ গুচি আহিলো। আমাৰ পঢ়া শুনাৰ মাজতেই আমি কেতিয়াবা ফোনৰ মাজেদি আমাৰ যোগাযোগ ৰাখিছিলো। দিনবোৰ বৰ সুন্দৰভাৱেই পাৰ 'বলৈ ধৰিলে।এদিন তাৰ মাজতেই শুনিবলৈ পালো যে স্বপ্নালীৰ হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পাছতেই নিজৰ পছন্দ অনুসৰি যোৰহাটৰে কোনো বিখ্যাত ব্যৱসায় এজনৰ সৈতে বিয়াত বহিবলৈ লয়।
        এই কথাষাৰ 'বলৈ বুলি এদিন স্বপ্নালীয়ে মোলৈ ফোন কৰে।তাই সকলোখিনি কথা কোৱাত মোৰ সিদিনাখন তাইৰ কথা মানি ' পৰা নাছিলো।কিয় ' নোৱাৰিলো।কিবা যেন বুকুৰ একোণত দুখে বেৰি ধৰিছিলহি।হয়তু মোৰ 'ৰালিৰ লগৰীজনী আজীৱনলৈ আনৰ লগৰী হৈ পৰিব বুলি। 
          তথাপিও নিজৰ মনক সান্তনা দি স্বপ্নালীৰ সুখতেই সুখ হিচাপে লৈ মই তাইৰ কথা ৰাখি বিয়ালৈ বুলি যাবলৈ ওলালো। 
          বৰ ধামধুমেৰেই স্বপ্নালীৰ বিয়াখন অনুষ্ঠিত কৰিছিল।ঘৰখনে যেনেকৈ পাৰে তেনেকৈয়ে স্বপ্নালীৰ লগত সকলোখিনি লাগতীয়াল বস্তু দিবলৈ চেষ্টা কৰিছিল ।যিহেতু স্বপ্নালীৰ ঘৰখন মধ্যবিত্ত শ্ৰেণীৰ আছিল আৰু সেইবাবে স্বপ্নালীয়েও একো আপত্তি নোহোৱাকৈ মাক-দেউতাকৰ সকলো কথা ৰাখি বিয়ালৈ বুলি মন দিছিল।
          সকলোবোৰ যেন ঠিকেই গৈ আছিল।বিয়াৰ জোৰোণৰ পৰা আৰম্ভ কৰি কইনাৰ মূৰত তেল দিয়ালৈকে সকলোবোৰ ঠিকেই গৈছিল।কিন্ত ............

     : কিন্ত কি সমৰ.....কোৱা কিন্ত কি......সমৰজিত খন্তেকৰ বাবে আনমনা হৈ পৰাত লগৰ বিতপীয়ে সমৰজিতৰ কান্ধত হেঁচুকি প্ৰায় চিঞৰি উঠে।
           
     : সিদিনা মোৰ শৈশৱৰ লগৰী স্বপ্নালী কইনাৰ সাজত বৰ ধুনীয়াজনী হৈ পৰিছিল। সকলোৰে চকু কেৱল তাইৰ ওপৰত। হাঁহি হাঁহি তাই সকলোকে মাত লগাইছিল।তাইৰ এটা মিঠা হাঁহিত মোৰ মন প্ৰাণ ভৰি গৈছিল।কিন্ত এই মিঠা হাঁহি গৈ যে এদিন নোহোৱা পৰিব মই কোনোদিনেই ভবা নাছিলো।
      ৰাতি ঠিক দহমান বাজিছিল।দৰাৰ অহাৰ সময় আহি পৰিছিল।স্বপ্নালী ঘৰৰ সকলোৱে দৰা আদৰাৰ যা-যোগাৰ কৰিছিল ।আৰু ইফালে স্বপ্নালী সপোনৰ কোঁৱৰজন আহি পোৱাৰ উমান পাই তাইৰ ওঁঠত এটি লাজকুৰীয়া হাঁহি বহু সময়লৈকে লাগি আছিল।বৰ মৰম লাগি গৈছিল।
      কোনোবা এসময়ত বাহিৰত ফটকাৰ শব্দৰ লগতে ডেকা-গাভৰুৰ হাঁহি-স্ফূৰ্তিৰ মাত শুনা গৈছিল আৰু স্বপ্নালীৰ মাকে দৰাক আদৰিবলৈ বুলি পদূলি মুখলৈ হাতত চাকি-বন্তি লৈ ঢপলিয়াই আহিছিল।মাকৰ মুখত অপাৰ আনন্দ নিজৰ মৰমৰ জোঁৱাইক আদৰিবলৈ পায়।
      সকলোৱে আদৰ-সাদৰে আনি দৰাক কলপুলিৰে সজ্জিত বেইৰ তলত বহুৱাই দিছিলহি আৰু বামুণে হোমৰ জুইকুৰা জ্বলাই মন্ত্ৰ উচ্চাৰিবলৈ লৈছিল।
        বামুণৰ মন্ত্ৰ উচ্চাৰণত মোৰ যেন অন্তৰখনেও হাহাকাৰ কৰি উঠিছিল।একমাত্ৰ স্বপ্নালীৰ বাবে।কিবা এটা যেন মই হেৰুৱাব লৈছো এনে অনুভৱ 'ল।হয়তু মই সিদিনাই স্বপ্নালীৰ অনুপস্থিতি অনুভৱ কৰিবলৈ ধৰিছিলো।হয়তু মই স্বপ্নালীক মনে মনে ভাল পাই পেলাইছিলো।
         আয়তীৰ উৰুলিৰে স্বপ্নালীক দীঘল ওৰণিৰে বেইৰ তললৈ উলিয়াই আনিছিল আৰু লাহেকৈ দৰাৰ কাষত বৰ আলফুলে বহুৱাই দিছিলহি। লাহে লাহে বামুণৰ মন্ত্ৰৰ উচ্চাৰণত স্বপ্নালীয়ে নিজৰ সপোনৰ কোঁৱৰজনৰ হাতত হাত থৈ আজীৱনলৈ বিশ্বাসৰ দোলেৰে বান্ধ খোৱাৰ প্ৰতিশ্ৰুতি 'বলৈ লওঁতেই ভিতৰৰ পৰা দুজন পুৰুষৰ মাত ভাহি অহাত সকলোবোৰ ৰৈ যায়। 
           স্বপ্নালীয়ে নিজৰ দেউতাকৰ কন্ঠ চিনিব পাৰি তাই ভিতৰলৈ উঠি আহিব লওঁতেই খুড়ীয়েকে আহিবলৈ বাধা দিয়াত তাই উপায়বিহীন হৈ বেইৰ তলতে বহি থাকে।
            ক্ৰমান্বয়ে ভিতৰৰ মাত কথা বেছি বাঢ়ি অহাত ৰভাৰ সকলোবোৰ মানুহ ভিতৰ পাইগৈ।তেনেতে স্বপ্নালীৰ কাণত কিছু কথা ভাহি আহে......
 : তেনে নকৰিব বিয়ৈ....মই আপোনাৰ ভৰিত ধৰিছো।মোৰ এই ছোৱালীজনীৰ জীৱনটো শেষ হৈ যাবগৈ।মই আপোনাৰ কথা মতেই মই সকলোবোৰ তাইৰ লগত দিবলৈ চেষ্টা কৰিম।মাথোঁ আপুনি এই সম্পৰ্ক শেষ হৈ যাবলৈ নিদিব বিয়ৈ। 

: কাৰ জীৱন।আপোনাৰ ছোৱালীৰ নহয় মোৰ 'ৰাৰ জীৱনহে ধ্বংস 'ব। এনে এখন ভিকহু ঘৰৰ পৰা মই মোৰ 'ৰালৈ ছোৱালী নিব নোৱাৰো।এতিয়াই যদি এনে শুশ্ৰূষা তেনেহ'লে পাছত যে কিবা এটা পাম সেই লৈ কেতিয়াও মই আৰু মোৰ 'ৰাই আশা কৰিব নোৱাৰো। 

 : আহা ৰাজ।আমি এই বিয়াত সন্মতি জনাব নোৱাৰো।
    দেউতাকৰ কথাত স্বপ্নালীৰ মৰমৰ ৰাজ হোমৰ গুৰিৰ পৰা উঠি যাবলৈ লওঁতেই স্বপ্নালীয়ে হাত যোৰ কৰি বাধা দিয়ে। 
: নাই ৰাজ ।এনে নকৰিবা ।তুমিতো মোৰ ঘৰখনৰ সকলোবোৰ কথা জানিয়েই মোৰ লগত সম্পৰ্ক গঢ়িবলৈ আগবাঢ়ি আহিছিলা।তেনেহ'লে আজি কিয় তুমি এনে সিদ্ধান্ত 'বলৈ আগবাঢ়িছা।এবাৰ বুজিবলৈ চিন্তা কৰা ৰাজ।মোৰ জীৱন শেষ হৈ যাবলৈ নিদিবা ৰাজ.....
    কিন্ত ৰাজে স্বপ্নালীৰ কথা এবাৰলেও নাভাবি তাইৰ মৰমক নেওঁচা দি আজীৱনলৈ তাইৰ জীৱনৰ পৰা আতঁৰি 'লগৈ।কিন্ত সিদিনা স্বপ্নালী ওৰে ৰাতিটো তাইৰ ৰাজ ঘূৰি আহিব বুলি হোমৰ জুইকুৰাৰ কাষতে বহি থাকিল।হয়তু আজিও তাই ৰাজৰ অপেক্ষা কৰে।
      মোৰ সেই সময়ত স্বপ্নালীক শান্তনা দিবলৈ একো ভাষাই নোহোৱা হৈ পৰিছিল। কিন্ত স্বপ্নালীৰ দুখ মই কোনোদিনেই সহ্য কৰিব পৰা নাছিলো।সেয়ে মই তাইক পুনৰ পঢ়িবলৈ জোৰ দিলো আৰু জীৱনটোক নতুনকৈ আৰম্ভ কৰিবলৈ শিকালো।আৰু সেয়ে হয়তু স্বপ্নালী আজি আমাৰ মাজত থাকি এই পাহাৰীয়া ঠাই শ্বিলঙলৈ বুলি আমাৰ লগত ওলাই আহিছে।কিন্ত আজি হয়তু পুনৰ তাইৰ মনত কিবা এক ভাবনাই দোলা দি 'ল।সেয়ে চাগে তাই এনে আচৰণ কৰি আমাৰ পৰা আতঁৰি গৈছে। তাইৰ ফালৰ পৰা মইয়েই তহঁতক ক্ষমা বিচাৰিছো
   
    সমৰজিতৰ কথাত লগৰবোৰে আচৰিত হৈ পৰে আৰু পুনৰ বিতপীয়ে মাত দিয়ে।

: স্বপ্নালীৰ জীৱনত ইমানখিনি হৈ ' অথচ আমি তাইৰ শৈশৱৰ লগৰী হৈও জানিবলৈ চেষ্টা নকৰিলো।
: দোষ কাৰো গাত নাই বিতপী।আচলতে সময়ৰ লগত আমিবোৰে খোজ দিবলৈ যাওঁতে কেতিয়াবা আমি বহু লোকৰ কথাই জনাৰ পৰা বিৰত থাকো।কেৱল নিজৰ জীৱনটো আগুৱাই নিয়াৰ স্বাৰ্থত

: কিন্ত তইতো প্ৰত্যেক দিনাই স্বপ্নালীৰ খবৰ ৰাখিলি সমৰ।সঁচাই তোৰ দৰে বন্ধু স্বপ্নালীয়ে ভাগ্যৰ ফলতহে পাইছে আৰু তই আমাক ক্ষমা খুজিব নালাগে সমৰ।আমিহে ক্ষমা খুজিব লাগে।আমি শৈশৱৰ বান্ধৱী স্বপ্নালীৰ খবৰ ৰাখিবলৈ এবাৰো আমাৰ সময় নহ'ল।তই বাৰু মোৰ এটা কথা ৰাখিবিনে সমৰ

: কি কথা সমীৰণ
: তই স্বপ্নালীক তোৰ জীৱনৰ লগৰী কৰি ' নোৱাৰিবিনে।
: মই সদায়েই স্বপ্নালীক নিজৰ বুলি ভাবিয়েই প্ৰতিটো কথাতেই তাইক লগ দি আহিছো আৰু আগলৈও লগ দি যাম ।কিন্ত তাইক মোৰ মনৰ কথা জনাবলৈ মোৰ ভয় হয় সমীৰণ।জানোচা তাই মোৰ জীৱনৰ পৰা আতঁৰি যায়গৈ বুলি। স্বপ্নালীৰ মনত মই কোনোদিনেই দুখ দিব নিবিচাৰো সমীৰণ।

: তেনেহ'লে আজীৱনৰ বাবে মোক আদৰি লোৱা সমৰ।

    পাছফালৰ পৰা কাৰোবাৰ মাত ভাঁহি অহাত সকলোৱে ঘূৰি চোৱাত স্বপ্নালীক দেখা পাই সমৰজিত কিছু সময়ৰ বাবে স্বপ্নালীৰ আগত অসহজ হৈ পৰে।

: স্বপ্নালী তুমি মোক ভূল নুবুজিবা।আচলতে মই .......সমৰজিতে কৈ থকাৰ মাজতে স্বপ্নালীয়ে সমৰজিতৰ ওঁঠত হাত এখন থৈ 'বলৈ বাধা দিয়েহি।
: সমৰ মই তোমাক কোনো দিনেই ভুল নুবুজো।তুমি মোৰ ইমান বিপদৰ মাজতো মোক আগুৱাই যাবলৈ শিকালা।মোৰ দুখৰ প্ৰতিটো সময়তেই তুমিয়েই লগৰী হিচাপে মোৰ কাষত থিয় দিছিলাহি।আৰু এনেক্ষেত্ৰত তোমাক বেয়া পোৱাৰ কথা মই কোনোদিনেই ভাবিব নোৱাৰো সমৰ।
   '... যদিহে তুমি মোক তোমাৰ জীৱনৰ লগৰী কৰি নোলোৱা তেতিয়াহে হয়তু মই মনত কষ্ট পাম সমৰ।

: স্বপ্নালী...মই তোমাক কাহানিও দুখত পৰিবলৈ নিদিওঁ ।আহা.....আজি এই জ্বলি থকা অগ্নিক সাক্ষী কৰিয়েই আমি দুইও আজীৱন হোৱাৰ দৃঢ় সংকল্প লওঁ
    স্বপ্নালী আৰু সমৰজিতে হাতে হাত ধৰি অগ্নিৰ চাৰিওকাষে ঘূৰিবলৈ ধৰে আৰু লগৰ সমীৰণহঁতে গীতাৰত গানৰ লহৰ তুলি আপোন পাহৰা হৈ পৰে।

    


নয়নমণি দত্ত নেওঁগ 
ঢুলীয়াপাৰ, শিৱসাগৰ

No comments:

Post a Comment