বেটুপাত

বেটুপাত

Tuesday, 16 October 2018

ইনজেকচন ( অভিজীৎ বড়া )



ইনজেকচন 
একেবোৰ নুবুজা সাথঁৰ
নিশা কাতৰ হৈ 
মা সাৰে আছে।।।
কাইলৈ পোৱাতে 
সৰ্বেনি আহিব
হাফলুৰ সিডৰা কঠিয়া 
ৰদে যে দহিছে!
খিৰীকিৰে মাজে মাজে 
জোনবাইটো হাউলি আহে
নিসংগতাত চমক দিবলৈ
মাৰ মুখমণ্ডল। 
প্ৰতিটো উশাহেই ঘনকৈ 
লব লগা আছে,
নদীৰ দৰে 
বুকুত আস্থা আছে যদিও
একেবোৰ অনিশ্চয়তাৰ সাথঁৰলৈ পিতাই গুজি দিছে
সঞ্জীৱনী ইনজেকচন।।
শেষবেলিৰ ৰুগ্ন ৰঙা লগ্নত
টোপনিৰ সৰাধ পতা আইৰ চকুৱে তগবগাই উঠে,
এন্ধাৰ দেখো মই
উভটি অহাৰ দুটা বাট সো-বাও  
লাহে লাহে 
অস্পষ্ট হৈ পৰে জীৱন। 


অভিজীৎ বড়া
স্নাতক প্ৰথম ষান্মাষিক
কটন বিশ্ববিদ্যালয়

No comments:

Post a Comment