বেটুপাত

বেটুপাত

Wednesday, 26 September 2018

তই দিয়া ৰঙা ৰুমালখন ( কৌশিক জ্যোতি বৰা )



চৰাইৰ চকু পিন্ধি সাৱতি ফুৰিছিলো
তই দিয়া ৰঙা ৰুমালখন
জাৰে-জহে,'দে বৰষুণে

কেঁচা টোপনিটো ৰুমালখনে
সাৱতি আছিলে মোক
বাঁহীৰ সুৰ এটাৰ দৰে

সন্ধিয়া পৰত ফুলি উঠিছিল
ৰুমালখন,
ৰঙা বেলুন এটাৰ দৰে

শেতেলিৰ শিতানত
সযতনে ৰাখিছিলো ৰুমালখন
হেৰাই যোৱাৰ ভয়ত

এদিন সন্ধিয়া ৰুমালখন হেৰাল
চকুযোৰ খুলি ওৰে ৰাতি বিচাৰিলো
পিছদিনা তোৰ পদুলীত দেখিলো
মোৰ ৰুমালখনৰ ডেউকা ছিগা পাখি


কৌশিক জ্যোতি বৰা
দেৰগাওঁ

No comments:

Post a Comment