বেটুপাত

বেটুপাত

Wednesday, 26 September 2018

মুখাৰ আঁৰৰ কথকতা ( ভাৰতী ফুকন )


মুখাৰ আঁৰৰ কথকতা

সাজ লাগি ভাগিছে কাতি মাহৰ বেলি
তুমি সুধিলা যাবগৈনে ঘৰলৈ
কলপতীয়া বতাহ এজাকে 
বৰকৈ কোবাইছে 'লা পৰা হিয়া
দৃঢ়তাৰে 'লোঁ
যামগৈ আন্ধাৰ নামক
আন্ধাৰ মোৰ প্ৰিয় ৰং
আন্ধাৰত চিনিবলৈ ভাল 'লা বগা
যিদৰে চাবলৈ ভাল আকাশ দোঁ- খাই পৰা তৰা
মৰ আঁউসীৰ নিশা..
আই আৰু পিতাইৰ বাদে
পোহৰত চিনা নাই কাকো
আয়ে কয় আন্ধাৰত খোল খাই মুখা
ৰজানে প্ৰজা নেতানে পালিনেতা
পিতায়ে কয় নকৰিবি ভয় আন্ধাৰক
সঁচাৰ মৰণ নাই
বুজিবলৈ যত্ন কৰিবি মুখাৰ আঁৰৰ কথকতা
ককাইদেৱে কয় বিশ্বাস বৰ মহঙা
দৃঢ়তাৰ বাটত আন্ধাৰৰ বুকুতেই ফুলে
পোহৰৰ ফুল

আৰু মই তোমাক 'লোঁ
যামগৈ আন্ধাৰ নামক..


ভাৰতী ফুকন
ঠিকনাঃ নৰাকোঁৱৰ গাঁও।পুলিবৰ
গোলাঘাট ৭৮৫৬২১

No comments:

Post a Comment