বেটুপাত

বেটুপাত

Wednesday, 26 September 2018

অন্ত:সলিলা ( প্ৰজ্ঞাস্মিতা বৰদলৈ )


বৰষুণজাক ডাঙৰকৈয়ে আহিল। আবতৰীয়া বৰষুণত তিতাৰ আমেজেই সুকীয়া। ক্লাছত সোমাই থাকিলেও অৰুনিভাৰ মনটো বাহিৰত আছেগৈ। কলেজৰ নাহৰ কেই জোপাৰ তলত বৰষুণত তিতি - তিতি চিত পখিলাৰ দৰে নাচি থকা ইকোনমিক্সৰ বন্দিতাহঁতলৈ হিংসাই লাগিল তাইৰ। খিলখিলকৈ হাঁহি থকা সিহঁতৰ হাঁহিবোৰে শ্রেণী সংগ্রামৰ তত্ত্ববোৰৰ পৰা তাই জনীক একেবাৰেই উলিয়াই আনিলে। নাচাও নাচাও বুলিও বাৰে বাৰে বাহিৰলৈ তাইৰ চকুহাল গৈ থাকিল। যেন অবাধ্য অবোধ শিশু এটাহে। 

টং টং বেলৰ শব্দটো পৰা শুনি সেইসময়ত তাইৰ এনে লাগিছিল হৃদয়ত যেন বাজি উঠিছে এখন গীটাৰৰ ঝংকাৰ। ক্লাছৰ পৰা মেম ওলাই যোৱাৰ পাছতে তাই নন্দিনীৰ হাতখন জোৰ কৰিয়েই টানি নি নাহৰ জোপাৰ তল পালেগৈ। দুয়োজনীয়ে আপোন পাহৰা হৈ পানী খেদ-খেদাবলৈ ধৰিলে। ইতিমধ্যে বৰষুণো আঁতৰিছিল। 

হঠাৎ তাইৰ চকুত পৰিল জিয়গ্ৰাফী ডিপার্টমেন্টৰ বাৰান্দাত ৰৈ থকা প্রান্তিকলৈ। তধা লাগি চাই ' তাই। সেইকণ সময়ৰ বাবে যেন তাই দলিয়াই দিলে সময় নামৰ পোছাকজোৰ। হাতত পৰি থকা বৰষুণৰ টোপাল বোৰ মচি-মচি বাৰান্দাৰ খুটা টোত আউজি থকা 'ৰাটোলৈ অপলক নেত্রেৰে চাই ' তাই। 

: পাগল। এনেকৈ কিমান চায় থাকিব? কৈ দে আৰু তাক
নন্দিনীৰ কথাত হে তাইৰ তন্দ্রা ভাগিল। 
: এস এনেকৈয়ে ভাল লাগে চোন নন্দিনী। 
: যাহ যি কৰ' কৰি থাক। কবিতা লিখা মানুহৰ  ফিল'চফী আমি বুজি নাপাও আই। 
নন্দিনীয়ে অৰুণিভাৰ ওচৰৰ পৰা উচাৎ মাৰি উঠি গৈ কলেজ কেণ্টিনৰ ফালে খোজ 'লে..... 

প্রান্তিক নামে চেহেৰাই কিন্তু অলপো নিমিলে। নামটো যিমানেই ধুনীয়া মানুহটো সিমানেই জধলা। তথাপিও অৰুণিভাৰ প্রান্তিকক ভাল লাগে। তাক দেখিলে তাৰ উজ্জ্বল চকু যুৰিত তাইৰ সপোন বোৰে পোখা মেলিবলৈ ধৰে। প্রায় প্রতিদিনেই কলেজৰ গেট পাৰ হৈয়ে নীলা-'লা আৰু আগত গণেশৰ সৰু ফটো লাগি থকা বাইক খনৰ সন্ধানত নামি পৰে। 
কেতিয়াবা বাইকখন নেদেখিলে তাইৰ মুখখন এচপৰা ডাৱৰে আগুৰি ধৰিলেও যদিও পিছমুহুৰ্ত্ততে তাৰ নীলাৰঙৰ স্কাইবেগটো চকামকাকৈ দেখে তেন্তে ডাৱৰৰ আন্ধাৰক নেওচি পুৱাৰ বেলিটিয়ে হেঙুলীয়া পোহৰ সিচাঁৰ দৰে তাইৰ মনটো উজ্বলিবলৈ ধৰে।এইয়াই হয়তো প্ৰেম।

-অৰুণিভা কি '? মাতি থাকিলেও যে গমকে নাপাৱ।
-নাই পৰীক্ষাৰ কথা ভাবি আছিলো। চাচোন পালেহিয়ে নহয়।

এটা গোকাট মিছা কথাৰে অৰুণিভাই সত্যৰ পৰা পলাব বিছাৰিলে। 
-চা ফেচবুকত প্ৰান্তিকে এটা কবিতা দিছে। মই পঢ়াই নাই  তোক দেখুৱাবলৈ আহিছো।কবিতাটো......

নন্দিনীৰ কথা শেষ 'বলৈ নিদি অৰুণিভাই থাপ মাৰি ফোনটো লৈ একে উশাহতে কবিতাটো পঢ়ি শেষ কৰিলে। ইমান ধুনীয়া ধুনীয়া শব্দৰ ভাণ্ডাৰৰ উৎস ' বাৰু?

তাইও কবিতা লিখে যদিও প্ৰান্তিকৰ সন্মুখত তাই নিজকে নিঃকিনৰ দৰে দেখা পায়। কবিতাটো পঢ়ি প্ৰফাইলটো এনেই এবাৰ খুলি চালে। হয়তো এইকামটো তাইৰ অভ্যাসত পৰিণত হৈছে। কাৰণ দিনটোত ঘন্টাই প্ৰতি তাৰ প্ৰফাইল চোৱাটো অৰুণিভাৰ  দৈনন্দিন কামৰে অংগ হৈ পৰিছে। তাই কেতিয়াও কথা নাপাতিলেও সি অনলাইন থকা দেখিলে অৰুণিভাই এক বিশেষ উত্তেজনা অনুভব কৰে। তাই প্ৰান্তিকৰ মাতষাৰ শুনিবলৈকে কত কি কৰিছে সেইয়া তাই আৰু নন্দিনীয়ে ভালকৈয়ে জানে।

-তোমালোক দুইজনীয়ে তেনেহ'লে নাহৰৰ তলতে বতাহ খাই আছা। মই তোমালোককে বিছাৰি আছিলো।

অৰ্ণবেও নাহৰৰ তলত নন্দিনী আৰু অৰুনিভাৰ লগত বহি 'লে। অৰ্ণব  নন্দিনীৰ  প্ৰেমিক হোৱা সূত্ৰে অৰুণিভাৰ  লগতো ভাল সম্পৰ্ক এটা বৰ্তাই ৰাখে। অৰুণিভাই নন্দিনী আৰু অৰ্ণবে মুকলিকৈ কথা পাতক বুলিয়ে বহাৰ পৰা উঠি যাবলৈ 'লে।

- অৰুণিভা ' যোৱা।বহা বহা। তোমাৰ লগত মোৰ কথা দুটামান আছে
-' কোৱাচোন।
-মোৰ লগৰ প্ৰান্তিক যে কবিতা লিখে। তাক চিনি পোৱা নিশ্চয়।
-পাই আকৌ।তাইনো চিনি নাপাৱনে?
স্বভাবগত চঞ্চল হাঁহিৰে নন্দিনীয়ে কোৱা কথাষাৰত অৰুণিভাই ঘোপাকৈ নন্দিনীলৈ চালে।

- পাও।ভাল কবিতা লিখে।
- সি তোমাৰ আকাশ আলোচনীত প্ৰকাশ পোৱা কবিতাটো পঢ়ি বৰ ভাল পালে। সি নিজাকৈ এখন কাব্য আলোচনী প্ৰকাশ কৰিবলৈ বিছাৰিছিল। তোমাৰ সহযোগ বিছাৰিছিল।যদি অসুবিধা নহয় তোমাৰ নম্বৰটো মোৰ হাততে দিবলৈ কৈছিল। সি আবেলি ফোন কৰিব।
 এয়া কি শুনিছে তাই!যিজন মানুহৰ এষাৰ মাত শুনিবৰ বাবে অতদিনে তাই ব্যাকুল হৈ আছিল তেওঁ নিজে আজি কথা পাতিম বুলি কৈছে।তৎক্ষণাত অৰুণিভাই সৰু কাগজএখনত তাইৰ নম্বৰটো লিখি অৰ্ণবৰ হাতত গুজি দিলে।
- নন্দিনী তই থাক।মই ৰুমলৈ যাও।
নন্দিনীয়ে অৰুণিভাৰ পলায়ণৰ ৰহস্য ঠিকেই বুজি পালে

আহ আজি প্ৰান্তিকে ফোন কৰিব তাই  প্ৰান্তিকৰ কথাখিনি ভালকৈ শুনিবলৈকে হেডফোনডাল বিচাৰি টেবুলত থৈ দিলে আৰু ফোনটো চাৰ্জত লগাই দি আবেলি হোৱালৈ বাট চাই 'ল।

ইমান সময় 'ল। ধৈৰ্য্যৰো এটা সীমা থাকে। আবেলিৰ পৰা সন্ধিয়া আৰু এতিয়া সন্ধিয়াৰ পৰা ৰাতি ' তাই বিছনাখনতে বাগৰি প্ৰান্তিকৰ ফোনলৈ অপেক্ষা কৰি থাকিল। প্ৰান্তিকৰ মাতষাৰ শুনাৰ আশাত তাই চাহ খাবলৈও উঠি নহাত টোপনিয়ে তাইক হেচাঁ মাৰি ধৰাৰ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিল  অৰুণিভাই গা ধুৱাৰ মানসেৰে চেণ্ডেলজোৰ চোচৰাই চোচৰাই বাথৰুমত প্ৰবেশ কৰিলে। 

বৰষা ঋতু ভাল পাঁও মই.....

হঠাত অৰুণিভাৰ ফোনটো নাচি উঠিল। 

-অৰুণিভা বা , আপোনাৰ ফোন আহিছে। ৰুমমেট মৌচুমীৰ চিঞৰত অৰুণিভাই অৰ্ধনগ্ন অৱস্থাৰেই আহি কপাঁ কপাঁ হাতেৰে ফোনটো হাতত লৈ ভাবিলে কি ' বাৰু সি। হয়তো ' "অৰুণিভা বেয়া নাপাবা ফোন কৰা পলম 'ল।"

-"হেল্ল'"
মিশ্ৰিত প্ৰতিক্ৰিয়াৰে ফোনটো কাণত লৈ প্ৰান্তিকৰ উত্তৰলৈ অৰুণিভা বাট চাই 'ল। 

-এয়াৰটেল উপভোক্তাৰ বাবে সুখবৰ আমি আপোনালৈ....

'ঠেকেচ্ '

অৰুণিভাৰ কাষৰ ৰুমৰ আবাসীয়ে তাইৰ ৰুমৰ পৰা বেৰলৈ কিবা দলিওৱাৰ শব্দ শুনিবলৈ পালে।


প্ৰজ্ঞাস্মিতা বৰদলৈ
ৰাজনীতি বিজ্ঞান বিভাগ
দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়
ফোন:৮৬৩৮৪৪৭১০৬

No comments:

Post a Comment