বেটুপাত

বেটুপাত

Thursday, 27 September 2018

কাঁহিবাৰীৰ ৰে'ল দুৰ্ঘটনাৰ কথাৰে ( ধীৰেন শইকীয়া )


 আগকথা :

জুলাই মাহৰ গৰমৰ বন্ধত  ভৈৰৱকুণ্ডৰ মানৱ সৃষ্ট অৰণ্য 'গেটচিমনি জে এফ এম চি' লৈ যাওঁতে মাজতে কলাইগাঁৱৰ সাংবাদিক বন্ধু ভূবন বনিয়াই দেখুৱাই দিলে এখন কালিকালগা ৰেলৰ দলং। সেইখন আছিল গোলন্দী নদীৰ এখন সৰু ৰে' দলং। উৎসুকতাত ৰৈ 'লো আমি। ঠাইখনৰ নাম সোধাত বন্ধুৱে 'লে : কাঁহিবাৰী। ওডালগুৰিৰ পৰা কাঁহিবাৰীৰ দূৰত্ব মাত্ৰ কিলোমিটাৰমান।   বন্ধু ভূবন বনিয়াই 'লে : ভাৰতৰ ৰে' বিভাগৰ ইতিহাসত এই দলংখন আজিও বিখ্যাত হৈ আছে এটা ৰে' দুৰ্ঘটনাৰ বাবে। আমাৰ উৎসুকতা বাঢ়িল। আটাইয়ে গাড়ীৰ পৰা নামিলো। 
দেখিলোঁ ৰেল লাইন এটা। তলত সৰু নদী এখন। মই কলো :"যেন সাধাৰণ নদী।"
তেওঁ কলে: 'পিছে ভৰ বাৰিষাৰ এনে সৰু নদী এখনেও আনে সীমাহীন বিপদ।  এই যে ৰেলৱে লাইনটো দেখিছে। এইটোৰে  ৰঙিয়াৰ পৰা মুকংচেলেক পৰ্যন্ত যাব পাৰি।' আৰম্ভ হৈ ' আমাৰ সাংবাদিকসুলভ অনুসন্ধিৎসু মনটো। ভূবন বনিয়া কৈ ' গোটেই ঘটনাটো এফালৰ পৰা। 
গাৰ নোম সিয়ঁৰি যোৱা ঘটনা।
শুনি এনে লাগিছিল সঁচাই সেইদিনা কালনেমী বাৰিষাৰ ঢল নামিছিল কাঁহিবাৰীত।  ভৈৰৱকুণ্ডৰ পৰা উভতি আহি কলাইগাঁও তথা মংগলদৈতো কটালো তিনিদিন। লগ পোৱা বহুজনকে সুধিলোঁ। এটাই উত্তৰ :  শুনিছিলো উজনীৰ ফালে (ছিপাঝাৰৰ মানুহে ওডালগুৰিৰ বহু ঠাইক আজিও উজনি বোলে) এনে এটা দুৰ্ঘটনা হোৱা। দুই এজনে কলে : ৰেল বাগৰিছিল।
ইয়াতকৈ কোনেও যেন মোৰ মনৰ খুদুৱনী মাৰ নিয়াব পৰকৈ একো কব পৰা নাছিল। দুদিন মই দহ বাৰজন ওডালগুৰিৰ বহু নেতৃস্থানীয় লোকক এই বিষয়ে ফোন কৰি বহু কথা সুধিছিলো।  কাঁহিবাৰীত গৈ চলোৱা চৰজমীন তদন্ত আৰু ফোনতে সেইসকলে কোৱা তথ্যৰ আধাৰত 
আপোনালোকলৈ আগবঢ়ালোঁ-

কাঁহিবাৰীৰ এই শোকাবহ দুৰ্ঘটনাটো

1977 চন। বাৰিষাৰ সময়। প্ৰায়ে বৰষুণ নেৰানেপেৰাকৈ হৈয়ে থাকে এই সময়ছোৱাত। সেইবাৰো হৈছিল তেনে। তিনিদিন কলহৰ কানে ঢলা বৰষুণ দিছিল। দৰঙীয়া ভাষাত বতৰে যেন 'সেতা' পাতিছিল সেই কেইদিন ভালদৰেই। বৰষুনৰ ফলত 'ৰো মানুহ কলৈকো যাব নোৱাৰা অৱস্থা। খেতি ৰোৱাৰ সময়। 29 মেৰ দিনাও মেঘে গাজিছিল। দুঘন্টামানহে দুপৰীয়া বৰষুণ নিদিয়াকৈ আছিল সেইদিনা। গোটেইদিনটো পুৱাৰে পৰা কলহৰ কানে ঢলা বৰষুণ। ভূটান - অৰুনাচলৰ পৰা বৈ অহা নদীবোৰে বুকুত লৈ আহিছিল ডাঙৰ ডাঙৰ শিল আৰু প্ৰকাণ্ড প্ৰকাণ্ড গছ। বিজুলী ঢেৰেকনিৰ ফালে চাই চাই পাতলীয়া বসতিৰ কাঁহিবাৰীৰ ৰাইজ সোনকালেই বিছনালৈ গৈছিল সেইদিনাও। বাহিৰত চলি আছিল বৰষুন বতাহৰ ৰাজত্ব। বিজুলী বাতি নোহোৱা,বোকাপানীৰে নিমজ্জিত সৰু গাওঁখনৰ ৰাইজে সেমেকা বতৰ পাই টোপনিৰ আস্বাদনে  সোনকালেই মেৰিয়াই ধৰিছিল সেইদিনাও। বৰষুনত কাৰো মাত 'তো নুশুনা পৰিবেশ এটা।  
মুষলধাৰ বৰষুণৰ ৰাতি আছিল।ওডালগুৰি ভৈৰৱকুণ্ড পথৰ কাষতেই অৱস্থিত কাঁহিবাৰী। এই কাঁহিবাৰীত ভূটানৰ পৰা ফেনে ফোটোকাৰে বৈ অহা  গোলন্দী নদীখনে সেইদিনা প্ৰলয়ংকৰী ৰূপ ধৰিছিল।পাহাৰৰ পৰা তীব্ৰবেগত নামি অহা পানীৰ ঢলে চৌদিশে বিধ্বংসী কাৰ্য্যকলাপ আৰম্ভ কৰিছিল সন্ধিয়াৰে পৰা। পাঁচ বেটাৰি টৰ্চ এটাৰে সেইদিনা চকীদাৰজনে নিশা  চাৰে দহ মান বজাত ধুমুহা বৰষুনকো নেওচি দলংখন টৰ্চ মাৰি চাই আহিছিল হেনো।  এয়া তেওঁৰ নিয়মমাফিক 'ডিউতি' আছিল। তেতিয়ালৈকে সকলো থিকেই আছিল। পিছ মুহূৰ্ততে গোলন্দীৰ প্ৰখৰ সোঁতে ৰে'লৱে দলংখন উটুৱাই লৈ গৈছিল ভাঙি দিছিল চুইছ গেটটো। কেৱল ৰেলৰ চিৰিকেইডালহে নদীখনৰ দুয়োমুৰ লগলাগি আছিল। এটাসময়ত ৰঙিয়া মুকংচেলেক পথটোৰে আহি তলত ৰেলৱে দলংবিহীন খালী চিৰিকেইটাত উঠিলহি গুৱাহাটীৰ দিশৰ পৰা অহা 13 নং "Tezpur Express"ৰেলখন। ৰেলখনত কেইবাটাও ডবাত সেনাবাহিনীৰ লোকো আহিছিল হেনো। পিছৰখিনি নিশ্চয় অনুমান হৈছেই। বিকট শব্দ কৰি কেইবাটাও দবা বাগৰি পৰিছিল গোলন্দীৰ বুকুত। যাত্ৰীৰ প্ৰানকাতাৰ চিঞৰে যেন ধৰিত্ৰী কপাইছিল সেই মাজৰাতি। প্ৰথমে সেনাৰ জোৱানকেইজনেই সীমিত সুবিধাৰে  উদ্ধাৰ কাৰ্য চলাইছিল। জনামতে
ওডালগুৰিত দহজনমান যাত্ৰী উঠিছিল বৰষুণৰ মাজতে। যিকেইটা ডবা পানীত পৰা নাছিল সেইকেইটাও চিৰিৰ পৰা বাগৰি পৰিছিল। আনকি ৰেলৰ ইঞ্জিনটোও সেই দলঙৰ তলতেই পৰিছিল। চালকজনৰ মৃতদেহো পোৱা গৈছিল পিচত।বহু বছৰলৈ পোঁত গৈ গৈছিল এই ইঞ্জিনটো উটিযোৱা যাত্ৰীসকলৰ বহু মৃতদেহ নদীৰ সোঁতে কলৈ উটুৱাই  নিছিল কোনেও গম পোৱা নগৈছিল। বহু 'লাচ' আজিও নোলাল হেনো।'কিছু মৃতদেহ কেইবাকিলোমিটাৰ দূৰতহে পোৱা গৈছিল,তাকো কেইবাদিনো পিছতহে।  বহু লোকৰ সন্ধানেই নাছিল কেইবামাহলৈ।
কাঁহিবাৰীৰ এজন যুৱকে আমাক 'লে : 'দেউতাৰ মুখেদি শুনা কথা। উদ্ধাৰ হোৱা মৃতদেহবোৰ মংগলদৈলৈ নিয়া হৈছিল। কিছুমান ঘাইল হোৱা মানুহক মংগলদৈ চিভিল হাসপতালতে যথেষ্ট দিন চিকিৎসা কৰিছিল। মৃত্যু হোৱাবোৰক মংগলদৈতে পোষ্ট  'মৰটেম' কৰি আত্মীয়ক চমজাই দিছিল। গৰাকীবিহীন মৃতদেহো পোৱা গৈছিল বহু, 'ৰবাত শ্মশানলৈ নিছিল সেইবোৰক।'

#অনুভৱ#

মনতে ভাবি আহিলো কোনোবাই এই বিষয়ৰ কিবা তথ্য দি আমাক সহায় কৰিবনে? এতিয়া তথ্য বিচাৰি আমি হাঁহাকাৰ কৰিব লগা অৱস্থা।  চাৰ্চ ইঞ্জিন 'গুগলে' কেৱল কয় :
"May 30, 1977 – India – A flood-weakened bridge collapses under a train about 70 miles (110 km) from Gauhati (now Guwahati). The locomotive and four cars fall into the river and 85 people are killed."


গোলন্দীৰ বিষয়ে অনুসন্ধানত কি পালো?○

 ভূটানত এইখন নদীৰ নাম লেইচিং। পৰৱৰ্ত্তীসময়ত অংগৰা আৰু খৌৰাং নদীৰ লগ লাগি আকৌ দুটা ভাগ হয়। ইয়াৰেই এটা ভাগ আন নদীৰ লগ হৈ মংগলদৈৰ বেগাই নদী হয়গৈ। (এই তথ্য পালো অসমৰ নদ নদী যোগেন্দ্ৰ নাথ শৰ্মাৰ গ্ৰন্থখনত) বহুতে মৰা নদী বুলি কয় গোলন্দীক।যিয়ে যি নকওক। সঁচাই গোলন্দীয়ে যেন নিজৰ বলেৰেই ইতিহাস ৰচিলে দেশৰ ৰেল বিভাগতে
যথেষ্ট পঢ়াশুনা বিচাৰ খোচাৰ কৰাৰ পাছত পালো যে
নিশা বাৰ বজাৰ পিছত হোৱা  তেৰ নং 'তেজপুৰ এক্সপ্ৰেছ' নামৰ এই ৰেলগাড়ীখনৰ এই মৰ্মান্তিক ঘটনাটোত ইঞ্জিনটো বৰ ৰহস্যজনকভাৱে পানীৰ তলত বহুবছৰলৈকে সোমাই আছিল। এই ইঞ্জিনটো পানীৰ তলৰপৰা উঠাবলৈ ৰেল বিভাগে বহুকেইজন আন্ত:ৰাষ্ট্ৰীয় ৰেল বিশেষজ্ঞ আনিছিল যদিও শেষত এগৰাকী সাধাৰণ ৰেল কৰ্মচাৰীয়ে আচৰিতজনক বুদ্ধিমত্বাৰে ইঞ্জিনটো পানীৰ তলৰ পৰা উদ্ধাৰ কৰিছিল বহু বছৰ পিছত। কেইবাগৰাকীও জেষ্ঠলোকৰ মুখৰ পৰা শুনা তথ্যমতে এইঘটনাত এশজনৰ বেছি যাত্ৰীৰ মৃত্যু হৈছিল। সন্ধানহীন  হৈছিল বহুজন। কেৱল বালি-বোকা আৰু শিলৰ তলৰ পৰা আৰু কিছু পানীত উপঙি থকাৰ পৰাহে কিছু অংশ মৃত যাত্ৰীক পিছৰ দুদিনত উদ্ধাৰ কৰি মৃতদেহবোৰ ৰেল বিভাগৰ বিষয়া আৰু মংগলদৈৰ দণ্ডাধীশৰ উপস্থিতত (কাৰণ তেতিয়া সেইঠাইখন আছিল পূৰ্বৰ দৰং জিলাৰ ভিতৰত) মংগলদৈলৈ আনিছিল। অঞ্চলটো মানুহ দুনুহ নোহোৱা ঠাই আছিল বাবে দুৰ্ঘটনাক কেন্দ্ৰ কৰি মানুহৰ মুখে মুখে বোলে,হবলা,কিজানি জাতীয় ঢেৰ কাহিনী শুনিব পোৱা গৈছিল। আমাৰ চৰজমিন তদন্তকালতো আমি তেনে কিছুমান কথাই পাইছিলো। এইবোৰ আছিল 'হৰৰ গল্প' দৰে।  1977 চনৰ সেইসময়ৰ অসমবানী,তিনিদিনীয়া অগ্ৰদূতকে ধৰি আটাইকেইখন দৈনিক কাকতত সবিস্তাৰে প্ৰকাশ হৈছিল ভয়াবহ ঘটনাটো।কাকতবোৰেও বিষয়টোক যথেষ্ট গুৰুত্ব দিয়া বুলি জনা যায়। কেৱল এইঘটনাটোৱে ৰাষ্ট্ৰীয়  পৰ্যায়ত প্ৰথমবাৰৰ বাবে 
মংগলদৈ - ওডালগুৰিক তুলি ধৰিছিল। সেইসময়ত কেন্দ্ৰত আছিল মোৰাৰজী দেশাইৰ চৰকাৰ। মধু দণ্ডাৱতে আছিল ৰেল  মন্ত্ৰী। তেওঁ দুৰ্ঘটনাৰ পিছত মংগলদৈলৈকে আহি দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি মংগলদৈত এখন সংবাদমেলত ঘটনাটোত দুখ প্ৰকাশ কৰি সাহাৰ্য্যও ঘোষনা কৰিছিল। বিভিন্নজনৰ তথ্যৰ পৰা জনামতে চৌকট আলি নামৰ গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ অধিবক্তা এজনৰ পৰিয়ালৰ নজন সদস্যৰ এই দুৰ্ঘটনাত মৃত্যু হৈছিল। জনামতে লক্ষীমপুৰলৈ বিবাহ উৎসৱ এটাত অংশগ্ৰহন কৰিব'লৈ গৈ আছিল সদস্যসকল। কিন্তু আটাইকেইজনৰেই মৃত্যু হৈছিল তাত ।একেদৰে গুৱাহাটীৰ কুমাৰপাৰাৰ  এম আলি বৰভূঞা পৰিয়ালৰো দুগৰাকী লোকৰ মৃত্যু হৈছিল এই দুৰ্ঘটনাত প্ৰথম দিনাই 46 টা মৃতদেহ (' আছিল ছয়জন সেনা জোৱানৰো মৃতদেহ) উদ্ধাৰ কৰিছিল। আচৰিতজনকভাৱে ইঞ্জিনচালক জনৰো মৃতদেহ পানীৰ তলত পোৱা গৈছিল প্ৰথমদিনাই। ৰঙাপাৰা ৰেলৱে চিকিৎসালয়,
মিছামাৰী সামৰিক চিকিৎসালয় আৰু মংগলদৈ অসামৰিক চিকিৎসালয়ত আহত মানুহেৰে ঠাহ খাই পৰিছিল।মংগলদৈ মহাবিদ্যালয়ৰ আলোচনীতো এই বিষয়ৰ লেখা এটা পঢ়া মনত পৰে। জনপ্ৰিয় আলোচনী 'বিস্ময়' এই বিষয়ক এটা ভুতৰ কাহিনী (পাহেই নামৰ চৰিত্ৰক কেন্দ্ৰ কৰি) পঢ়া মনত আছে। দৰঙীয়া খুলীয়া ভাউৰীয়াতো এই বিষয়ক গীত কথা শুনিছিলো সৰুতে। জনামতে পিছলৈ ৰঙাপাৰাৰ এগৰাকী লেখকে হেনো এই ঘটনাটোক লৈ এখন উপন্যাস লিখিছিল।


ধীৰেন শইকীয়া 

No comments:

Post a Comment