বেটুপাত

বেটুপাত

Wednesday, 26 September 2018

তুমি নিয়ৰৰ দৰে গান ( নিৰু দত্ত )


' আৰু জোনাকৰ দৰে
তেওঁৰ অবাধ বিচৰণ
ধৰাৰ দিহিঙে-দিপাঙে 
জীৱন বিলাসী মানুহৰ
বুকুৰ অৰঙে-দৰঙে
তেওঁ জীৱনৰ ৰসগ্ৰাহী
উৰন্ত মনেৰে নিলীম আকাশত  উটি-ভাঁহি এখন চিলা
আইৰ আঁচলত যাৰ 
গুৰি সূঁতা বন্ধা 

আশামুখৰ পৃথিৱীৰ নান্দনিক তৃপ্তিৰে
পৰিব্যাপ্ত  অৰ্থঘন  এলাগী আখৰেৰে
গাঁঠিছিল শব্দৰ মুকুতামালা
মানুহৰ বাবে
মানুহৰ গান
অগ্নিৰ দৰে সৰ্বগ্ৰাসী প্ৰতিভাত জাহ গৈছিল পূৱৰ বনঘোষা
আইনাম ধাইনাম বিহু বিনন্দীয়া 
পশ্চিমৰ  অনেক সুৰ
সুৰৰ মাজত জন্মা নতুন ৰূপে
দোলা দি যায়
দুলি থাকে
অদ্ভুত চিম্ফনি বুকুৰ তন্ত্ৰীত

তেওঁৰ তেজত জ্যোতি বিষ্ণু 
পলৰবচন আৰু পিকাছো
প্ৰেমে খণ্ডা বুকুখন নীলা 
কিন্ত্ত গাত  ৰংচঙীয়া চোলা
গলগলীয়া মাতেৰে তেওঁ 
পাৰভঙা দুৰ্দান্ত যৌৱন


আমাক তেওঁৰ গান লাগে 
প্ৰতিটো সুখৰ মুহূৰ্ত্ত উদযাপন কৰিবলৈ
দুখৰ দিনৰ  হুমুনিয়াহ ঢাকিবলৈ


প্ৰতিশ্ৰুতি দিছিল  আমাক গানেৰে
তেওঁ আহিব , আকৌ আহিব.....
থোৰ মেলা  ধানৰ শীহেৰে
নিয়ৰৰ দৰে  আলসুৱা
গান এটা হৈ


নিৰু দত্ত
সৰুপথাৰ,গোলাঘাট

No comments:

Post a Comment