বেটুপাত

বেটুপাত

Wednesday, 26 September 2018

সাম্প্ৰতিক ( অজন্তা শইকীয়া বৰঠাকুৰ )


সাম্প্ৰতিক

তেতিয়া সিহঁতে সেউজীয়া পথাৰত 
সৃষ্টিৰ গীত এটি গাই আছিল..
হঠাতে থমকি ' সিহঁতৰ
কৰ্মঠ হাতবোৰ
থমক '
সুখৰ হাঁহি
ওঁঠৰ গান...
চকুৰ পচাৰতে 
ডগমগকৈ জ্বলি উঠা জুইকুৰাই
ছাই কৰি '
কৰ্মঠ মানুহবোৰক।
এতিয়া সিহঁতৰ ওঁঠত নাই
সৃষ্টিৰ গান
উৰ্বৰা পথাৰত এতিয়া
এজাক ভোকে কিলবিলাই ফুৰে
তথাপি সিহঁত জীয়াই থাকে
এটা সেউজীয়া সপোনৰ অপেক্ষাত
শইচৰ ভৰুণ থোকবোৰে
সিহঁতক হাত বাউলি মাতি থাকে

সিহঁতৰ অপেক্ষা এতিয়া সূৰ্যোদয়লৈ..


অজন্তা শইকীয়া বৰঠাকুৰ
ঠিকনাঃদক্ষিণ হেঙ্গেৰা উঃমাঃ বিদ্যালয়,
বৰটিং নাওশলীয়া,গোলাঘাট৭৮৫৬২৬

No comments:

Post a Comment