বেটুপাত

বেটুপাত

Wednesday, 26 September 2018

তুমি ( পৰী ৰাজখোৱা )


 খোলা খিৰিকীৰে সোমাই 
আহিছে পাতলীয়া বতাহজাক
পাতলীয়া বতাহজাকৰ লগতে 
মোৰ খোলা চুলিত
তোমাৰ আঙুলিৰ নাচোন,
অন্তৰীখত ভাঁহি থাকে
তোমাৰ কণ্ঠস্বৰ একেৰাহে
তোমাৰ সৃষ্টিত আছে মৌলিকতা,
তোমাৰ হ্ৰদয়ত আছে বিশালতা,
তোমাৰ ছন্দত মধুৰতা,
তোমাৰ ভাৱত তন্ময়তা
তুমি অতিকৈ আলসুৱা।
মৰুভূমিৰ মৰিচিকাৰ দৰে ৰওঁ
মই তোমাৰ বাবে।
তোমাৰ ৰঙৰেই ৰঙীণ কৰিব খোজো
মোৰ জীৱন আৰু এদিন 
তোমাৰ উজ্জল চকুজুৰি চাইয়ে
 মোৰ দুচকু সাৱটিব খুজিম চিৰদিনলৈ।।


পৰী ৰাজখোৱা


No comments:

Post a Comment