বেটুপাত

বেটুপাত

Wednesday, 26 September 2018

প্ৰাপ্তিৰ সংজ্ঞা ( পৰিণীতা কলিতা )


প্ৰাপ্তিৰ আশাত বন্দী
এনেকৈয়ে আমি আগবাঢ়ি যাওঁ,
যদিও মূৰৰ ওপৰত ফটা-চালি
তলত জীৰ্ণ জীৱিকাৰ পথ!

হৃদয়ত দুখৰ বতাহ
আঙুলিত কৰাল বন্ধা তেজ,
তথাপিও আগবাঢ়ো
'দৰ পৃথিৱীলৈ

যদিও একাধিক ব্যৰ্থ কাহিনীৰে
ভৰপূৰ জীৱন,
তথাপিও দুখবোৰ
কলিজাত সানি লোৱা নাই

জেতুকাবুলীয়া হাঁহিবোৰ
বুকুত সানি,
খেপিয়াই ফুৰো অৰ্হনিশে
প্ৰাপ্তিৰ সংজ্ঞা

এতিয়া মোক পোহৰ লাগে
স্বপ্নৰ পদূলিত ৰাতি পুৱাবলৈ
বেছি পৰ নাই,
কেৱল জাগিব লাগে 
আকাশ-মাটি

সময়ৰ অবিৰত যাত্ৰাত
অনুভৱৰ ঋতু বগাই
মই জুখিব খুজোঁ 
শব্দৰ উস্ম আলিংগন


নীলা খামৰ চিঠিত
এযোৰ পোছাক পিন্ধি,
মানৱতাৰ স্বীকৃতিত
ঠিকনাৰ বাট বুলি
 তৃপ্তিত হোৱাৰ সন্ধান জাগে
মোৰ দীপ্ত চকুযুৰিত৷


পৰিণীতা কলিতা
টিহু,নলবাৰী
ফোন: 9127564124

No comments:

Post a Comment