(খণ্ড- তিনি)
সময় গৈ আছে
দিন মাহ হিচাপে...
কিন্তু বৰষুণ!!
নাই বৰষুণ এৰাৰ চোন লক্ষণেই নাই।ব'হাগ জেঠৰ পৰা বৰষুণ দি দি এতিয়া ভাদ মাহে সোমালে।নাই বৰষুণৰ বাবে ৰাস্তাবোৰ শুকাবলৈকে নোপোৱা হ'ল।কিযে হ'ব!!গেলা ৰাস্তাৰে খঙে জালে খোজকাঢ়ি আহি আছোঁ মূল ৰাস্তালৈ।হঠাৎ চকু পৰিল চাপৰি এটাত আকাশমুখী হৈ হালিজালি থকা শুকুলা কঁহুৱা এজোপালৈ।মনটো ভাল লাগি গ'ল। এক মূহূৰ্তৰ আগলৈকে উঠি থকা খঙটোও নোহোৱা হৈ গ'ল।মনলৈ আহিল হীৰেণ ভট্টাচাৰ্যৰ এফাঁকি কবিতা-
"তামস আকাশখনৰ
স্তব্ধতা ভাঙে কোমল কঁহুৱা ফুলে
কবিতাৰো বতৰ আছে
আহিনৰ আকাশে কাণে কাণে ক'লে।"
সঁচাকৈ হীৰুদাৰ অনুভৱ অকাট্য-কবিতা লিখাৰে বতৰ কঁহুৱাফুলা দিনবোৰ।কঁহুৱাৰ শুভ্ৰতাই কবিমন হয়তো কবিতাৰে উপচাই পেলায়।জীৱন নৰহৰ কবিতা এফাঁকিও মনলৈ আহিল - "তাই গানটো গাওঁতে সৌ ফুলি থকা কঁহুৱাজোপাৰ দৰে হালিছিল।"
আস্ কিযে অনুভৱ - জীৱন নৰহে যেন মোৰ মনৰ কথাকে ব্যক্ত কৰিলে।চমকা বিজুলীৰ দৰে চাটকৰে চকুৰ সন্মুখত ভাঁহি আহিল জ্যোতিকাৰ মুখখন।জ্যোতিকা মোৰ প্ৰাণপ্ৰিয়া জ্যোতিকা।জ্যোতিকাৰ ডালিমগুটীয়া দাঁতকেইটা হাঁহিৰ মাজেৰে যেতিয়া প্ৰস্ফূটিত হয়,সেই হাঁহিত মই যেন পাগল হৈ যাম।কৰ্ণকূহৰত তাইৰ মাতে যেতিয়া মৌ বৰষা গুঞ্জন তোলে,তেতিয়া মোৰ দেহ -মন শীতল হৈ পৰে।বতাহত ক'লা চুলিটাঁৰিয়ে ঢৌ তোলা মৰমীজনীক কেতিয়াযে আপোন কৰিব পাৰিম!ঢৌ খেলা চুলিটাঁৰিত কেতিয়াযে মৰম গুঁজি দিব পাৰিম তাকে ভাবি থাকোঁ।
"আহিলা!" -হঠাৎ প্ৰণৱৰ মাতত ভাৱত যতি পৰিল।জ্যোতিকাৰ কথা ভাবি আহোঁতে কেতিয়ানো অফিচ পালোহি গমেই নাপালোঁ।মনটো ভাল লাগিল প্ৰণৱৰ হাঁহিভৰা মুখখন দেখি।
"-কংগ্ৰেচুলেচন" - প্ৰণৱে মোক কৰমৰ্দন কৰিলে।মই আচৰিত।কিয় বা!
"- কি বুজা নাই ন? আৰে য়্যাৰ গুড নিউজ বুজিছা;তোমাৰ কাম অমূল্য শইকীয়াহঁতে ভাল পাইছে।লগতে তোমাৰ বিহেভিয়াৰো।প্ৰাউড অফ ইউ মাই ডিয়েৰ। এতিয়া পাৰ্টীটো লাগিব যেনিবা।"
"- তোমাক কোনে ক'লে?"
"-ক'লে আৰু।কথা বুলিলেই বতাহ।পিচে পেহাই তোমাক একো নকয়।জানাই তেৰাৰ কথা।"
"-কিন্তু!!"
"-উস্ তোমাৰ খোঁকোজা সহজে নাতৰে।শুনা, অমূল্য শইকীয়া আহি পেহাক কৈ আছিল।মই শুনিলোঁ।পিছত অমূল্য শইকীয়াকো সুধিলোঁ।দেখিছা তুমি তোমাৰ কামক লৈ এনেই টেনচন লৈ থাকা।অযথা টেনচন লোৱা কাৰবাৰটো এৰিবা অলপ বুজিছা।এনেও সকলোৱে তোমাক চান্স হিচাপে লয়ে।"
"-হ'ব হ'ব চেষ্টা কৰিম। এতিয়া যাওঁ ব'লা।নহ'লে আকৌ...."
"-আস্ আকৌ টেনচন।ব'লা ব'লা হাঃ হাঃ"
মনটো কিবা এটা ভাল লাগিছে।বচে নক'লেও নাই,প্ৰণৱে কৈছে যেতিয়া বিশ্বাস হৈছে।আনন্দেৰে কামত ধৰিলোঁ। এনেদৰে ভাল মন্তব্য পালে কাম কৰিবলৈ দুগুণ উৎসাহ পোৱা যায়।
***********
"-ঐ অপূৰ্ব কথা এটা ক'বলগীয়া আছে ।"ৰ'জী নথকাৰ সুযোগতে বৰতামুলীয়ে ক'লেহি।মনতে ভাবিলোঁ এইজনীয়ে এইবাৰ কি কথা শুনিলে! "কি কথা অ'?"
"-কথা ডাঙৰেই।লাঞ্চব্ৰেকত ক'ম।মনটো বেয়া লাগি আছে।" কথাটো কৈ বৰতামুলী আঁতৰি গ'ল।
বৰতামুলীৰ মুখৰ ভাৱ দেখিয়ে বুজিলোঁ কথা গুৰুতৰেই চাগে!মনটো উগুল থুগুল লাগিল, এনেকৈ চাচপেন্স দিলে মন একোতে নবহে।
লাঞ্চব্ৰেকত ৰাণাদাই চিঞৰিছিল "আজি নবহোঁ " বুলি ক'লোঁ।প্ৰণৱক আগতেই ক'লোঁ।কাজৰীবা ,বৰতামুলীৰ সৈতে বহিলোঁ।মন কৰিলোঁ যে বৰতামুলীহঁতৰ লগত বহাৰ বাবে ষ্টাফৰ প্ৰায়খিনিয়ে আমাৰ ফালে চাই আছে।বৰানী,চিত্ৰলেখা, আনকি ৰ'জী আৰু বিপাশাই ফুচফুচাই কিবা এটা পাতিছেও।বুজিলোঁ কিবা এটা হৈছে।মাজতে জিয়া আহি "বহিছা" বুলি মাতো লগাই গ'ল।তাতো ৰহস্য ৰহস্য যেন লাগিল।
"-ঐ বৰতামুলী অথনি কি ক'ম কৈছিলা?" বৰতামুলীৰ মন মৰা।
"কেচ গৰম।তোমাক ক'বলৈকে লাজ লাগিছে।"
"কিনো কওঁ -নকওঁকৈ আছা?কৈ দিয়া তাক-" কাজৰীবাই ধমক দিলে বৰতামুলীক।বুজিলোঁ কাজৰীবাই তাৰমানে গম পায়।
"পেহাই তোমাক মোৰ লগত সন্দেহ কৰিছে।মই হেনো তোমাৰ লগত বেছি হলি গলি কৰা হৈছোঁ।" -কথাখিনি কৈয়ে বৰতামুলীয়ে তলমূৰ কৰিলে।
"-কি!!!!"খঙটো টিঙিচকৈ উঠিল।
"কালি লাঞ্চব্ৰেকৰ সময়ত মলয় আৰু ৰ'জীৰ সন্মুখতে ক'লে।ইমানযে লাজ পাইছোঁ।মাজতে নৃপেনদাইও ভুমুকি মাৰিলে।মই বিবাহিতা হৈ তোমাৰ লগত কিয় হলিগলি কৰিম বাৰু!"
"ছিঃ কিযে কথা কয়।কিহতনো হলিগলি দেখিলে সি?" মুখ ভেঙুচাই কাজৰীবাই ক'লে।
"-কোনোবাই হেনো কমপ্লেইন কৰিছে,প্ৰত্যক্ষদৰ্শী হেনো।কৈছে অপূৰ্ব হেনো বৰ ঠিক মানুহ নহয়, অলপ গণ্ডগোলীয়া হেনো,বহুত ৰেকৰ্ড আছে হেনো!হলি -গলি নকমালে মোৰ হাজবেণ্ডক কোৱাৰো ভাবুকি দিছে।" কন্দনামুৱা হ'ল বৰতামুলী।
"-কি কথা ক'ব আহিছে ই-ইয়াক মই" -খঙত একো নাই হৈ মই বচৰ ওচৰলৈ যাব খোজোঁতেই কাজৰীবাই মোৰ হাতত ধৰিলে।
"ৰ'বা অপূৰ্ব নাযাবা।কথা আছে।"
"-কি কথা আছে?মই কোৱা নাছিলোনে আমি তিনিওজন একেলগে যাওঁতে অফিচ ছুটীৰ পিছত ৰ'জীয়ে আমাক নটিচ কৰাৰ কথা?দেখিলে ৰেগুলাৰ নটিচ কৰাৰ নটিজা।"
"-এইবোৰ সব ৰ'জীৰ কাম।কোনো প্ৰত্যক্ষদৰ্শী নাই।বচ মাইকীৰ তলতীয়াহে।যি কয় তাকে শুনে।তায়ে হয়।কোনেও কথা এষাৰ পাতিব নোৱাৰে,কিবা হৈয়ে যায় তাইৰ চকুত। এইক অলপ আওপকীয়াকৈ ধৰিব লাগিব।মই কথা এটা ভাবিছোঁ।কিন্তু এইবোৰৰ অন্তৰালত আৰু বহুত কথা লুকাই আছে।তুমিতো গমেই নোপোৱা।আচল কথা বেলেগহে।"
"-কি কথা?"
"-শুনা...."
কাজৰীবাৰ কথা শুনি মই অবাক হৈ গ'লোঁ।সপোনতো নভবা কিছুমান কথা শুনি মোৰ মুখ মেল খায়ে ৰ'ল।
(ক্ৰমশঃ)
---------------
বিশ্বজিৎ ডি চেতিয়া
No comments:
Post a Comment