বেটুপাত

বেটুপাত

Friday, 28 September 2018

সুবাসৰ অতিথি স্বনামধন্য কৰিওগ্ৰাফাৰ অসীম গগৈ


আজি সুবাসৰ বিশেষ সাক্ষাৎকাৰত আমাৰ অতিথি হিচাপে আছে মাছলৈ গৈছিলুং , চেনী মাই , ইংলিছ বাইদেউ ইত্যাদি বহুতো জনপ্ৰিয় গীতৰ স্ৰষ্টা(পৰিচালক) স্বনামধন্য কৰিওগ্ৰাফাৰ অসীম গগৈ ডাঙৰীয়া।

প্ৰশ্ন :- আপুনি অসমৰ  সাংস্কৃতিক জগতৰ এটা  চিনাকি নাম ।এই জগতখনৰ প্ৰতি আপুনি কিদৰে আকৰ্ষিত হল?
উত্তৰ:-সৰুৰে পৰা কোনোধৰনৰ আনুষ্ঠানিক শিক্ষা নোহোৱাকৈয়ে নৃত্যৰ জগতখনলৈ ধাউতি বাঢ়িছিল ।টি.ভিত দেখি আৰু ঘৰৰ ওচৰৰ দুজনী বায়ে বিভিন্ন অনুষ্ঠানৰ বাবে নৃত্যৰ প্ৰশিক্ষণ দিছিল।পাছলৈ পঢ়া -শুনাৰ বাবে নৃত্য এৰিবলগা হৈছিল।মাধ্যমিক শিক্ষাৰ প্ৰথম বৰ্ষত থাকোতে মোৰ অতি প্ৰিয় বন্ধু জলি বৰাই প্ৰথম এখন চিনেমাত নাচিবৰ বাবে মাতিছিল অৰু সেই সময়ত মই নৱৰুপ শিল্পী সংঘ বিহুৰ প্ৰশিক্ষণ লৈ থকাৰ বাবে বিহু নাচিব পাৰিছিলো। এনেকৈয়ে মই নৃত্যৰ জগতখনলৈ আকৰ্ষিত হৈছিলো


প্ৰশ্ন :- আপোনাৰ জীৱনৰ টাৰ্ণিং পইন্ট কি আছিল সাংস্কৃতিক পৃথিৱীত সফলতা লাভ কৰাত ?
উত্তৰ:-প্ৰথম চিনেমাত চাইদ ডান্চাৰ হিচাপে নচাৰ পাছত মই অভিনয় জগতখনলৈ আকৰ্ষিত হৈছিলো ,কেইবাখনো ভি.চি.ডি,অসমীয়া ছিৰিয়েলত অভিনয় কৰিছিলো। তেনে সময়তে নয়ন নিৰ্বাণ দাদাই মোক লক্ষ্য কৰি কৈছিল যে তুমি ভাল অভিনয় আৰু ভাল নৃত্য কৰা, তুমি কৰিওগ্ৰাফাৰ হিচাপে কাম কৰা। তথাপিও মোৰ কৰিওগ্ৰাফিৰ ক্ষেত্ৰত পলাশ গগৈৰ সংগীতেৰে আৰু বৰ্ণালী বাৰ কণ্ঠৰ এটি গীতক মই টাৰ্ণিং পইন্ট বুলি ' লাগিব

প্ৰশ্ন :- এগৰাকী শিল্পী হিচাপে বৰ্তমান সময়ত অসমত পেছাদাৰী  নৃত্য শিল্পীৰ ভৱিষ্যত সম্পৰ্কে আপোনাৰ মতামত?
উত্তৰ:- মই এগৰাকী কৰিওগ্ৰাফাৰ হিচাপে ' যে এগৰাকী নৃত্য শিল্পী হিচাপে কৰ্ম কৰা সকলৰ ভৱিষ্যত নিশ্চিয় উজ্জ্বল।মই নিজৰে উদাহৰণ দাঙি ধৰিব পাৰো, মইয়ো যিহেতু এগৰাকী নৃত্য শিল্পী হিচাপে কাম কৰি আগবাঢ়ি আহিছোঁ আৰু আজিলৈকে কোনোধৰণৰ সমস্যা সন্মুখীন হোৱা নাই গতিকে মই ' পাৰোঁ যে আগ্ৰহী নৃত্যশিল্পীয়ে ইয়াক পেছা হিচাপে গ্ৰহণ কৰিব পাৰে

প্ৰশ্ন :- আজি কালি  বহুতো সাংস্কৃতিক জগতৰ লগত জড়িত ব্যক্তিয়ে বিভিন্ন সময়ত বিতৰ্কিত লিপ্ত হয় , সফলতা লাভৰ বাবে বিৰ্তক প্ৰয়োজনীয় বুলি ভাবেনে আপুনি?
উত্তৰ:- খুবেই ভাল এটা প্ৰশ্ন। আজি কালি বিভিন্ন সময়ত বিভিন্ন কণ্ঠশিল্পী বা অভিনেতাই নিজকে বিতৰ্কৰ লগত সাঙুৰি নিজকে প্ৰচাৰ কৰা দেখা যায়,কিন্তু ক্ষন্তেকীয়া। যদি নিজৰ প্ৰতিভা থাকে,সাংস্কৃতিক জগত খনত এদিন জিলিকি উঠিবয়ে। তাৰ বাবে বিতৰ্কৰ প্ৰয়োজন নাই।

প্ৰশ্ন :- আজিৰ পৰা বছৰ পিছত আপুনি নিজকে কত চাব বিচাৰে?
উত্তৰ:- আজিৰ পৰা বছৰ পাছত মই নিজকে এজন চলচিত্ৰ পৰিচালক হিচাপে সফল চাব বিচাৰো। লগতে ভ্ৰাম্যমাণৰ নাটক পৰিচালনা কৰাৰো হেঁপাহ এটা আছে।

প্ৰশ্ন :- আপোনাৰ সফলতাৰ আৰত থকা কোনো বিশেষ ব্যক্তি?
উত্তৰ:- মোৰ সফলতাৰ আঁৰত থকা বিশেষ ব্যক্তি বুলি কবলৈ গলে আজি তেওঁ আমাৰ মাজত নাই , মোৰ মা সন্ধ্যা গগৈ সৰুৰে পৰাই আমাৰ পৰিয়ালৰ কোনেয়ো মোক সাংস্কৃতিক জগত খনৰ লগত জড়িত হোৱাৰ ক্ষেত্ৰত সমৰ্থন কৰা নাছিল,কিন্তু মায়ে মোক সদায় সমৰ্থন কৰিছিল। গান শিকিছিলোঁ তেতিয়া। মাহে ২৫ টকা ২০ টকা মায়ে বহুত কষ্টৰে দিছিল। মই কৈছোঁ যে নৃত্যৰ কোনো আনুষ্ঠানিক শিক্ষা মোৰ নাই। কিন্তু মাৰ কাৰণেই মই সংগীত বিশাৰদ পাবলৈ সক্ষম হৈছিলোঁ।
কৰিওগ্ৰাফীৰ ক্ষেত্ৰত মোৰ সফলতাৰ বাবে দুজন মান ব্যক্তিৰ নাম লম।প্ৰথমে হৈছে জনপ্ৰিয় কৰিওগ্ৰাফাৰ জ্লি বৰা,জনপ্ৰিয় অভিনেতা নয়ন নিৰ্বাণ বৰুৱা, আৰু মোৰ ককাইদেউ,ভিডিও সম্পাদনা কৰা মণি ৰাজকোঁৱৰ।

 
প্ৰশ্ন :- আপুনি কাম কৰা প্ৰথম এলবামটোৰ  নাম কি আছিল?
উত্তৰ:- মই অভিনয় কৰা প্ৰথম এলবামটো আছিল অনুপমা,তাত মই মোহময়ী অভিনেত্ৰী গায়ত্ৰী মহন্তৰ লগত এটা মিছিং ভাষাৰ গীতত অভিনয় কৰিছিলোঁ। আৰু যদি কৰিওগ্ৰাফীৰ ক্ষেত্ৰত কওঁ তেন্তে প্ৰথম এলবাম হৈছে নয়ন নিৰ্বাণ বৰুৱাৰ দ্বাৰা পৰিচালিত "তৰা"

প্ৰশ্ন :- ব্যক্তিৰ জীৱনত প্ৰেম,ভালপোৱাৰ গুৰুত্ব সৰ্ম্পকে আপোনাৰ মতামত কি?
উত্তৰ:- ব্যক্তিৰ জীৱনত প্ৰেম ভাল পোৱা সম্পৰ্কে যদি মতামত আগবঢ়াব বিচাৰো তেন্তে মই কম যে মই বিশ্বাস নকৰো প্ৰেম ভাল পোৱাক। মই বিশ্বাস কৰোঁ নিজৰ কৰ্মক। মই যদি ভালকৈ কাম কৰি যাব পাৰো মোৰ জীৱনত প্ৰেম ভাল পোৱা সদায় থাকিব বুলি মই বিশ্বাস কৰোঁ।

প্ৰশ্ন :-সাংস্কৃতিক পথাৰত নতুনকৈ খোজ পেলাব বিচৰা সকললৈ আপোনাৰ কবলগীয়া
উত্তৰ:- এইটো এটা খুব ধুনীয়া প্ৰশ্ন। মই তেওঁলোকক কওঁ যে মই কৰিওগ্ৰাফাৰ অসীম গগৈয়ে তেওঁলোকক নিমন্ত্ৰণ জনাইছোঁ। কাৰণ আমাৰ অসমত বৰ্তমান যি খিনি কাম চলি আছে , তাত সদায় নতুন নতুন প্ৰতিভা আহি আছে। মই বিচাৰোঁ যে নতুন সকল আহক,তেওঁলোকৰ পৰা আমাৰো শিকিব লগা আছে। কিছুমান বস্তু নতুন প্ৰজন্মৰ লগত চলিব পৰাকৈ কৰিবৰ বাবে নৱ প্ৰতিভাৰ বহুতো প্ৰয়োজন আছে। তেওঁলোকক মই স্বাগতম জনাইছোঁ সংস্কৃতিৰ পথাৰ খনলৈ

প্ৰশ্ন :- বৰ্তমান আপোনাৰ কি প্ৰজেক্ট চলি আছে?
উত্তৰ:- কেইদিন মান আগতে মই প্ৰায় খন ভ্ৰাম্যমাণ থিয়েটাৰৰ গানৰ কাম সম্পূৰ্ণ কৰিলোঁ। এতিয়া চলিব মোৰ বিভিন্ন কণ্ঠশিল্পী সকলৰ গানৰ কাম। এতিয়া মোৰ চয়নিক ভূঞা , নেনিশা ইত্যাদি কণ্ঠশিল্পীৰ গানৰ লগতে ৰং চেনেলৰ দশম বৰ্ষপূৰ্তিৰ অনুষ্ঠানৰ কামত ব্যস্ত হৈ আছোঁ।

প্ৰশ্ন :- আপোনাৰ আৰ্দশ ব্যক্তি কোন ?
উত্তৰ:- মোৰ আদৰ্শ ব্যক্তি বুলি কলে মই একে উশাহতে কম মোৰ আদৰ্শ ব্যক্তি মোৰ মা আৰু দেউতা।
প্ৰশ্ন :- আপোনাৰ নিজেই বহু জনপ্ৰিয় গীতৰ নৃত্য নিৰ্দেশনা কৰিছে। কিন্ত নিজৰ কামৰ উপৰিও আপোনাৰ  কোনজন কৰিঅগ্ৰাফাৰৰ কাম ভাল লাগে?
উত্তৰ:- মই নিজে কিমান জনপ্ৰিয় গীতৰ কাম কৰিছোঁ নাজানো , তাৰ হিচাপ অসমৰ ৰাইজে দিব মই নিজকে জনপ্ৰিয় হিচাপে নাভাবো বৰ্তমান অসমৰ প্ৰতিজন কৰিওগ্ৰাফাৰে খুব ভাল কাম কৰি আছে , কিন্তু যদি এজনৰ নাম কব লগা হয় তেন্তে মই একেষাৰে কম "দীপক দে" তেখেতৰ গীতৰ কনচেপ্টৰ পৰা সকলো কামেই মই খুবেই ভাল পাওঁ


প্ৰশ্ন :- আজৰি সময়ত কি কৰি ভাল পায়?
উত্তৰ:- আজৰি সময়ত মই কিতাপ পঢ়ি ভাল পাওঁ।

প্ৰশ্ন :- আমাৰ আলোচনী সম্পৰ্কত  দুৱাষাৰ কব চোন।
উত্তৰ:- সুবাস, নামেই ইমান ধুনীয়া মোৰ নিজৰ খুবেই প্রিয় আলোচনী সুবাস অসমৰ সাহিত্যৰ জগতৰ পৰা সাংস্কৃতিক জগতলৈ যি জনপ্ৰিয়তা সুবাসে বৰ্তাই ৰাখিছে সেই জনপ্রিয়তা অক্ষুন্ন থাকক আলোচনী খনৰ লগতে সমগ্ৰ সুবাস সাংস্কৃতিক জগতৰ এক অপৰিহাৰ্য অংগ হৈ পৰিছে।
      আজি এই সাক্ষাৎকাৰৰ জৰিয়তে মোক এইখিনি মনৰ ভাৱ প্ৰকাশৰ সুযোগ দিয়াৰ বাবে সুবাসলৈ ধন্যবাদ
সুবাসিত সুবাসে অসমৰ সাংস্কৃতিক , শৈক্ষিক জগতলৈ সুবাস কঢ়িয়াই সমাজৰ ভালৰ বাবে সদায় কাম কৰি যাওক তাৰেই কামনা কৰিলোঁ।

সাক্ষাতগ্ৰহণ :- লুইত মণি শইকীয়া

1 comment: