বেটুপাত

বেটুপাত

Wednesday, 26 September 2018

সপোন ( অংকুৰ শৰ্মা )


পুৱতি নিশাৰ সপোন হেনো ফলিয়াই
কোনে কয় এই মিছা কথাবোৰ ?
অমাৱস্যাৰ আন্ধাৰে জানো
পোহৰ বিলাব পাৰে?
বাস্তৱতাৰ পৃথিৱীত খোজ দিয়াৰ পৰা
আমি সদায় সপোনৰ পাছতেই ডাঙৰ হৈছো
তথাপিও জানো ভাগৰি পৰো ?
কিন্তু কলীয়া ডাৱৰৰ কোবাল সোঁতত
জোনাকৰ পোহৰ যেন 
সপোনবোৰ কেতিয়াবা নিমিষতে নিঃশেষ হৈ পৰে
আজিও সেই বাস্তৱে হাৰ মানিলে
আৰু জয়ী ' ঘন 'লা ডাৱৰৰ


অংকুৰ শৰ্মা
সৰুপথাৰ

No comments:

Post a Comment