বেটুপাত

বেটুপাত

Friday, 28 September 2018

সম্পাদকীয়


নমস্কাৰ, মই সৌৰভজ্যোতি দত্ত  

"সুবাস" আলোচনীখনৰ সম্পাদক হিচাপে এইয়া প্ৰথমবাৰৰ বাবে কাৰ্যনিৰ্বাহ কৰাৰ সুবিধা পাইছো   আলোচনী খনে আজি দুটা বছৰে সফলতা বুতলিবলৈ সক্ষম হৈছে ইয়াৰ পূৰ্বে আমি এইখন আলোচনীতে সহকাৰী সম্পাদক তথা কাৰ্যবাহী সম্পাদক হিচাপে সেৱা আগবঢ়াই আছিলো

মূখ্য সম্পাদক দেৱব্ৰত দাই নেৰেনেপৰাকৈ ধৰাত আজি প্ৰথমবাৰৰ বাবে সম্পাদকীয় লিখিবলৈ লৈছো। আজিৰ সম্পাদকীয় হিচাপে বৰ্তমান ব্যস্ততাপূৰ্ণ সমাজখনৰ এটি অনুভৱ আমাৰ পঢ়ুৱৈ সকলৰ সৈতে আলোচনা কৰিবলৈ লৈছো
    কেইদিনমানৰ আগতে Uber Pool উঠিছিলো  কাষতে একেখন গাড়ীতে এহাল দম্পতিও আছিল তেওঁলোকৰ কথোপকথন সমূহ এনেধৰণৰ-

পত্নী- তুমি এনেকৈ বাবাক চিপচ কিনি নিদিবা দেই ( খং কৰি)

পতি- একো নাখায় দেখিহে দিছো ( দুখত )

পত্নী- তুমি থাকা, কাম কৰা ছোৱালী জনী থাকে ,তোমালোকে 'ৰাটোকো খোৱাব নোৱাৰা ( মাতৰ প্ৰাৱল্য বৃদ্ধি )

পতি-আজি ৰাতিপুৱা এক-কো মূখত নিদিয়ে দিলো দুচাট মান

পত্নী- কিয় মাৰিলা ? ( অলপ চিঞঁৰি )

পতি- কি কৰিম মাক নহ'লে নাখাঁও বুলি কয় ( মাতত অসহায় ভাৱ  )

পত্নী- সেইকাৰনে সি মোক অথনি ফোনত কান্দি কান্দি কৈছে মা পাপ্পাই মোক আজি মাৰি মাৰি খোৱাইছে মই কি কৰিম কোৱা, চাকৰি নকৰিলেহে ' ? ঘৰত সোমাই থাকিবলৈ কামকৰা ছোৱালীজনী ৰাখিছো ,তুমি চাব নোৱাৰা ? দেখিছা নে 'ৰাটোৰ চেহেৰাটো কি হৈছে

পতি- মই নো ' থাকো ? দিনটো মই অফিচতে থাকো তুমিতো সপ্তাহত এদিনহে ঘৰলৈ আহা
         কথাখিনি ইমানতে সামৰিছো এতিয়াৰ ব্যস্ত সময় , ব্যস্ত মানুহবোৰৰ বাবে এইবোৰ সাধাৰণ কথা। সকলোকে চাকৰি লাগে , লাগে উপাৰ্জন মৰম চেনেহ বোৰো যেন বজাৰতহে পায়
         আজিৰ উঠি অহা প্ৰজন্মই মাজত মাক বাপেকৰ মমতা দুৰ্লভ হৈ পৰিছে তাৰোপৰি চাৰি / পাঁচ বছৰ বয়সতে গধুৰ কিতাপৰ বোজা , প্ৰাইভেট টিউচন আদিবোৰতো আছেই মাতৃ পিতৃৰ সময় বা ' হাতত হাত ধৰি জীৱনৰ আদিপাঠ শিকাবলৈ এনে প্ৰজন্মক আমি যন্ত্ৰ 'বলৈকে তুলিছো নেকি ? এনে প্ৰজন্মই ভৱিষ্যতে মাক বাপেকক বৃদ্ধাশ্ৰমত নাৰাখিবনে ? কথাবোৰ ভাবিবলৈ ' উপাৰ্জন কৰক, স্বাৱলম্বী হওক , পিছে নিজ সন্তানক নিজৰ পৰা দূৰত নাৰাখিব আপোনালোকৰ বাবে আপোনালোকৰ সন্তানেই আটাইতকৈ মূল্যবান ৰত্ন সেই সন্তানক লালন পালন মাত্ৰ টকাৰ সহায়েৰে নকৰিব , সময় আৰু গুৰুত্ব দিব


সৌৰভজ্যোতি দত্ত
সম্পাদক , সুবাস

1 comment:

  1. এটা জ্বলন্ত সমস্যাৰ অৱলোকন...

    ReplyDelete