বেটুপাত

বেটুপাত

Wednesday, 26 September 2018

হালধীয়াৰ পদ্য ( কৌশিক ৰঞ্জন বৰা )


হালধীয়াৰ পদ্য

হালধীয়া এক ৰোগৰ নাম
আপদে পালে কলিজাও হালধীয়া হয়
ৰঙা সলনি বৈ যায়
পীত ৰঙী তেজ....

সৰাপাতৰো ৰঙ হালধীয়া
সৰো সৰো ক্ষণবোৰত 
সকলো হালধীয়া ...

হালধীয়াই পালে 
সাংবাদিকো সংবাদ হয়


হালধী সানি হালধীয়া হোৱা দিনা
মাতিবা মোক
হালধীয়াৰ ভৰত কোঙা হৈ 
থকাৰ পাছতো.
কিজানি ৰঙীয়াল হৈ উঠা
ৰঙা মানুহক দেখিলে..
যিদৰে সৰিয়হ ফুলা বতৰতো
সগৰ্বে আকাশ জুৰি থাকে 
পলাশ , শিমলুৰ ৰঙা সমদল..


কৌশিক ৰঞ্জন বৰা
ডি কে ডি কলেজ,দেৰগাঁও

No comments:

Post a Comment