বেটুপাত

বেটুপাত

Wednesday, 26 September 2018

প্ৰতিফল ( ওম প্ৰকাশ নাথ )


(এক মিনিটৰ গল্প)

বকুলে তাৰ ১২ বছৰীয়া ৰাটোক লৈ হস্পিতাললৈ গৈছে আকস্মিক অথন্তৰ ঘৰত ঘৈণীয়েক অৰূপাই আতৈনিয়েকৰ আগত তাকে কৈ গালি পাৰি আছে পুতেক আৰু এজন অচিনাকি মানুহক, যাক তাই কেতিয়াও দেখা নাই প্ৰচণ্ড ক্ষোভ !
: যি টি সোপা খায় আজিকালিৰ এই ছালিমখাই কিমান হাক দিওঁ বোলো যিহকে তিহকে নেখাবি, নাই কলি কালৰ খটাসুৰ এইমখা মাইকী বাপেকীৰ কথাই কাণৰ পৰ্দাই নুচুৱে আৰু এই কোম্পানীবোৰ ……

   স্কুলত মধ্যাহ্ন বিৰতিৰ পৰত ওচৰৰ দোকানত ল্ড ড্ৰিংকচ গিলিছিল ৰাই তাৰেই সুবাদত পেটৰ কামোৰণি আৰম্ভ অকস্মাতে এবাৰ বৰপানীও কৰিলে স্কুলতে ভাল নোহোৱাত চকীদাৰজনে আনি ঘৰত থৈ লহি মাকে ঘৰুৱা দৰৱ দিলে যদিও কাম নিসিজিল কামোৰণি খেদিব নোৱাৰাত লৈ বাপেকে হস্পিতাললৈ জোঙালমূৱা এটাৰে দেহত চৰকাৰী দৰৱ অকণ সুমুৱাই "আৰ এচদুপেকেট আৰু দুটামান বৰি লৈ দুঘণ্টা মানৰ মূৰত আহি পিতা-পুত্ৰই চোতাল গচকিছে তেতিয়াল সিজোৱা আলুৰ বাকলি গুচাই থকা বকুলৰ গৃহিণীৰ ক্ষোভৰ বৰষুণ পৰিয়ে আছে কিছুপৰ অবাণিজ্যিক বিৰতি সামৰি  --
: কোম্পানীৰ মালিকহঁতে জীয়েক পুতেকহঁতক দিয়ে নে এনেকুৱা বেয়া বস্তু খাবলৈ ? টকাৰ মোহত মানে লোকৰ ছালিৰ যি হওক ভালে-বেয়াই খোৱা বস্তু উলিয়াই বিক্ৰী কৰিলেই আৰু……

  গালি পাৰি পাৰি অৰূপাই সিজাই বাকলি গুচোৱা লা পৰা আৰু সেউজীয়া ৰঙৰ দাগ থকা বেয়া আলুকেইটা পেলাই নিদিলে ভাল আলুবোৰৰ লগতে আপেলৰ ভিতৰৰ গুটিৰ দৰে ষ্টিলৰ ড্ৰামটোত ভৰাই গিৰিয়েকৰ পানীপুৰি কঢ়িয়াই নিয়া গাড়ীখনত তুলি দিলে

ওম প্ৰকাশ নাথ
হোজাই

No comments:

Post a Comment