বেটুপাত

বেটুপাত

Wednesday, 26 September 2018

তাঁতশাল অসমীয়া নাৰীৰ দাপোন ( কৰবী মহন্ত কলিতা )


          তাঁতশাল অসমৰ প্ৰাচীন গৌৰৱময় শিল্প ,' চিত্ৰিত হয় অসমীয়া নাৰীৰ সপোন   সোতা কটা, বোৱা আদিৰ বিষয়ে ঋকবেদত পোৱা যায়। বাণৰ হৰ্ষচৰিতত বস্ত্ৰশিল্পৰ কথা উল্লেখ আছে কৌটিল্যৰ অৰ্থশাস্ত্ৰত উল্লেখিত "সুৱৰ্ণকুঞ্জ" আৰু " পত্ৰোৰ্ণ " শব্দই এই শিল্পৰ প্ৰাচীনত্বৰ ইঙ্গিত দিয়ে। 
   তাঁতশাল অসমীয়া নাৰীৰ অতি হেঁপাহৰ আৰু মৰমৰ সম্পদ অসমীয়া শিপিনীয়ে মৰমৰ দীঘেৰে, চেনেহৰ বাণিৰে বোৱা গামোচাখনৰ অসমীয়া সমাজত যথেষ্ট সন্মান আছে অসমীয়া শিপিনীৰ কাপোৰৰ ভমকাফুলীয়া ফুলৰ চানেকি দেখিমহাত্মা গান্ধীয়ে অসমীয়া শিপিনীয়ে কাপোৰত পৰীৰ দেশৰ সাধু ৰচনা কৰে বুলি কৈছিল   অসমীয়া নাৰীয়ে ৰাতিটোৰ ভিতৰতে কপাহ নেওঠিপাজি কাটিসুতা কাটিকবচ কাপোৰ বৈ স্বামীক ৰণলৈ পঠিওৱা গৌৰৱময় ইতিহাস আছে  
   ঘৰতে লেটাই, চেৰেকীউঘাখুটিৰাঢবতোলা চুঙা  , টোলোটানাচনীকালমাৰীমহুৰাযঁতৰদোৰপতিগৰকাফুলতোলাকাঠি আৰু শলিৰ সঁজুলিৰে অসমীয়া নাৰীয়ে এৰিমুগাপাটমেজাঙ্কৰী কাপোৰত সোণবৰণীয়া ফুল তুলি ছাঁতে শুকুৱা মুঠিতে লুকুৱা অসমীয়া পাট - মুগা কাপোৰে বিশ্বৰ বজাৰত এক বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে  
   অসমীয়া নাৰীৰ ফুল তোলা কাপোৰত বিবিধা আৰু বৈচিত্ৰ লক্ষ্য কৰা যায়। গামোচামেখেলাচাদৰ, চেলেং আদিত বিভিন্ন চৰাইফুল, তৰা, জোনপখিলাকলগছবৰগছ আদিৰ ছবি সুন্দৰকৈ জিলিকাই তোলে।  গামোচাসিংহাসনৰ কাপোৰত গছাবন্তিশঁৰাইধূপদানি, ৰামৰাম আদি বৈচিত্ৰময় কৰি তোলে জনজাতীয় মহিলা সকলে ৰেখাত্ৰিভুজ আদি তাঁতশালত সুন্দৰকৈ চিত্ৰণ কৰে।
  বৰ্তমান আধুনিক যন্ত্ৰপাতিৰে বিভিন্ন ধৰণৰ কাপোৰ বৈ কম দামত বিক্ৰী কৰাত অসমীয়া শিপিনীসকল কিছু বিপৰ্য্যয়ৰ সন্মুখীন হৈছে ।কম দামতে বাহিৰৰ ৰং- চঙীয়া গামোচাই গ্ৰাহকৰ মন আকৰ্ষণ কৰাৰ বাবে অসমীয়াৰ স্বাভিমান থলুৱা গামোচাই পূৰ্বৰ  মান কিছু হেৰুওৱাইছে। বহিঃৰাজ্যৰ গামোচাই অসমৰ বজাৰ দখল কৰাতকৈ থলুৱা গামোচা বেছি দাম দি কিনিলে অসমৰ তাঁত শিল্পই পূৰ্বৰ মান ঘূৰাই পোৱাৰ লগতে অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখনৰো উন্নতি সাধন '
       
কৰবী মহন্ত কলিতা 
দিপলাং
ডাকঘৰ - লহকৰপাৰা 
জিলা - কামৰূপ  (অসম)
পিন - 781350

No comments:

Post a Comment