বেটুপাত

বেটুপাত

Wednesday, 26 September 2018

কাকপথাৰত গুৱেভাৰা ( অনন্ত ৰাজখোৱা )


সেইদিনা কাকপথাৰত হঠাতেই লগ পাই গলো গুৱেভাৰাক
হয়, আপুনি ঠিকেই শুনিছে
চে গুৱেভাৰাক লগ পালো কাকপথাৰত!
তেওৰ লেটিন আমেৰিকান অবয়ব 
আৰু ওঠত চেপি ৰখা অৰ্ধজলিত কিউবান চিগাৰটো
ঠিকে চিনি পাইছিলো মই।।

আধাফটা কামিজ ,খেলিমেলি চুলি আৰু
কান্ধত  ক্ৰিষ্টৱেল কাৰ্বাইনটো লৈ
কমিউনিজিমৰ ফেঝৰ অকাত ব্যস্ত তেও।
সম্পুৰ্ন কমিউনিষ্ট ভংগীমাৰে এটা লালচালাম উপহাৰ দি
মই কমৰেডৰ বতৰা ললো।

চিধা নৰকৰ পৰা আহিছে তেও!

মইতো আচৰিত তেওৰ ঠিকনা শুনি!
তেও কলে " স্বৰ্গ এতিয়া পূজিবাদৰ দখলত
সেয়েহে মই এতিয়া নৰকৰ চণ্ডাল!"

বাৰ্মাৰ অশান্ত সীমান্তত শান্ত বিপ্লৱীৰ সন্ধানত 
পিটপিতাই ঘুৰি ফুৰিছে তেও!
পাটকাইৰ সিপাৰে থকা এজাক বিপ্লৱীৰ 
কথা হেনো শুনিছে তেও কাৰোবাৰ মুখত।।

তেও  মোক শ্ৰমিকৰ কথা 'লে
এখন কাচি আৰু এটা অট্টালিকাৰ কথা 'লে,
মল'টভৰ বটল আৰু এচিডদগ্ধ তলুৱাৰ কথাও 'লে
আৰু 'লে তেও ফেছিবাদৰ কথা,
স্বাৰ্থান্নেষী পূজিঁপতি আৰু নীতিহীন ৰাজনীতিৰ  কথা
এইবোৰ কৈ কৈ 
তেও ৰাভাৰ বতৰা ললে মোৰ পৰা ,
আৰু সুধিলে অসমৰ ইতি সিটো বহুতু খবৰ

আমাৰ মূলুকৰ তেজাল ডেকা হতৰ 
উদ্দেশ্যহীনতাত তেও হতাশ
ৰাজনিতীকৰ বলিয়ালিত তেও মৰ্মাহত৷

তেও তেওৰ নখৰ তলত লুকাই থকা বালিচৰ বোৰ দেখুৱাই ,
মোক পাঠ দিলে বিপ্লৱৰ 
বিপ্লৱী সদায় বালিৰ দৰে হব লাগে -
হাতুৰিৰ কঠোৰতাত গুৰি হৈ নোযোৱা

বেলি লহিওৱালৈকে কথা পাতিলো আমি কাকপথাৰৰ সেউজীয়া প্ৰান্তত বহি ,
আন্ধাৰ নমাৰ আগে আগে মোৰ পৰা বিদায় ললে তেও,
প্ৰাচীন ভংগীমাৰে শ্ৰমিকৰ ঘাম লগা বন্দুকটো কান্ধত পেলাই . .
চিধা নৰকলৈ

অনন্ত ৰাজখোৱা
যোৰহাট, অসম।

No comments:

Post a Comment