বেটুপাত

বেটুপাত

Thursday, 27 September 2018

হিৰুদা ( অনুৰাধা বৰুৱা )


" হিৰুদা "


ইয়াতে আছিল শব্দৰে সাঁকো সজা মানুহজন
ইজনৰ সিজনৰ বুকুলৈ
চপাই আনিছিল পৃথিৱীখন 
শব্দৰ সেউজীয়া
গোন্ধ লগা দুহাত
আগবঢ়াই দিছিল
তোমাৰপৰা মোলৈ ,
শাওনৰপৰা আঘোণলৈ
এন্ধাৰৰপৰা জোনাকলৈ
বিয়পি আছিল মানুহজন ৷
শব্দৰে সাঁকো সজা মানুহজন
বনসেওঁতাৰে গুচি গ’ল
কোনো অজুহাত নোহোৱাকৈ
বুকুত ৰূৰুৱাই বলি থাকিল
শূন্যতাৰ এজাক বতাহ ৷৷
ইয়াতে আছিল শব্দৰে সাঁকো সজা মানুহজন

ইজনৰ সিজনৰ বুকুলৈ
চপাই আনিছিল পৃথিৱীখন ৷

শব্দৰ সেউজীয়া
গোন্ধ লগা দুহাত
আগবঢ়াই দিছিল
তোমাৰপৰা মোলৈ .,
শাওনৰপৰা আঘোণলৈ

এন্ধাৰৰপৰা জোনাকলৈ

বিয়পি আছিল মানুহজন ৷

শব্দৰে সাঁকো সজা মানুহজন
বনসেওঁতাৰে গুচি গ’ল
কোনো অজুহাত নোহোৱাকৈ

বুকুত ৰূৰুৱাই বলি থাকিল
শূন্যতাৰ এজাক বতাহ ৷

অনুৰাধা বৰুৱা

No comments:

Post a Comment