বেটুপাত

বেটুপাত

Wednesday, 26 September 2018

শৰৎ আহিছে হ'ব পায়! ( ছবি বৰুৱা )



 শৰৎ আহিছে ' পায়!

 সন্মুখত
সেউজীয়া গাখীৰতী পথাৰ

জোনাকৰ সাগৰত মৌন নিথৰ হৈ
চাই ৰয় তাই

মৃদু মৃদু কুঁৱলীৰ মায়াসনা আবিৰে
আচ্ছন্ন কৰিছে সন্মুখৰ পথ

এইয়াই শৰৎ নেকি 
পানীৰ দাপোণত মুখ চাই
খিলখিল হাঁহিৰে
কঁহুৱাৰ বিলাস বৈভৱ
অবিন্যস্ত চুলিৰ বিন্যাসত
ঢৌ তুলি জোকাই যায়
সন্ধিয়াৰ সমীৰণে

এৰা
শৰৎ আহিছে ' পায়!


ছবি বৰুৱা
ঠিকনাঃ খেজুৰিতল,ঢেকিয়াল
গোলাঘাট ৭৮৫৬২১

No comments:

Post a Comment