বেটুপাত

বেটুপাত

Wednesday, 26 September 2018

আহিনে আনে শৰতক ( হীৰামনি শৰ্মা উপমন্যু )

 আহিনে আনে শৰতক

      আহিন আহিছে শৰতত 
      নে শৰৎ আহিছে আহিনত 
       থোঁপা -থোপে লৈ আহিছে --
      সেন্দুৰীয়া সুবাস বোৰ ঋতুৰ পথাৰত
                                        
আহিন আহে শৰতৰ বোকোচাত 
  আকাশত শুকুলা মেঘ ফুলি
  জোনাক সিঁচে আন্ধাৰ আতঁৰাই 
  ৰূপোৱালী পাখিৰ শব্দ সৰে টোপাল হৈ .....       
আহিনৰ পথাৰত কেঁচা ধানৰ সুবাসত
খেতিয়কৰ বুকুত সপোনে গুণগুণায় 
    গোপনে গোপনে ..... 

       আহিন আহিছে নিয়ৰৰ মায়াত
   নে নিয়ৰ আহিছে  আহিনৰ বাসনাত
    আঙুলিত আঙুলি বুলাই ......

 এবুকু মিঠা আমেজ লৈ আহিন আহিছে ঝৰঝৰ ধ্বনিৰে ৰাতি ফুলা শেৱালিৰ বুকু উপচাই,
                নিয়ৰৰ কঁপাহবুলিয়া মুকুতা পিন্ধে 
শেৱালিক বুটলা হাত দুখনে শুভ্ৰতাৰ জিলিঙনিৰ,
     কুঁৱলিৰ আচঁলত সূৰুযৰ হাঁহিত
     হৃদয়ৰ ৰাংঢালি অনুভৱে দেওদি নাচে
        জুনুকা বজায় আহিনৰ সুবাসত                    
আহিনৰ বুকুতে 
দুবৰিয়ে শুভ্ৰতাৰ মেখেলা পিন্ধে
কপৌৱে কুৰুলিওৱাৰ আগতেই
      
শেষ নিশা স্মৃতিয়েও সাৰ পায় সজীৱ হয়
      শেৱালিৰ সুবাসত নে নিয়ৰৰ টোপালত.....
         
সপোন  আকেঁ বুকুত গোপনে বাজে উল্লাসৰ ঢৌ
           আহিনৰ কোমল  জোনাক মায়াত
শৰতৰ নীলাভ শুভ্ৰতাৰ এসোপা 
  জিলমিল সুৰৰ তানত


হীৰামনি শৰ্মা উপমন্যু 
গুৱাহাটী / বেলতলা

No comments:

Post a Comment